Psalms 56 (IRVA)
1 হে ঈশ্বৰ, মোক কৃপা কৰা;কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে। 2 মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক। 3 যেতিয়াই মোৰ ভয় লাগে;তেতিয়াই মই তোমাত ভাৰসা কৰিম। 4 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;মাংসই মোক কি কৰিব পাৰে? 5 সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে;সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক। 6 সিহঁতে গোট খাই লুকাই থাকে;সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে। 7 অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে?হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা। 8 তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা;তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা;সেইবোৰ তোমাৰ বহিত নাই নে? 9 সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব;ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ। 10 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম। 11 মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;মানুহে মোক কি কৰিব পাৰে? 12 হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে;তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম। 13 কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা;জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ,তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?