Psalms 76 (IRVA)
1 যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2 চালেমত তেওঁৰ তম্বু আছে;চিয়োনত তেওঁৰ বসতি স্থান আছে। 3 তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা] 4 তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 5 এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল;তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল।পৰাক্ৰমীসকল অসহায় হ’ল। 6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 7 তুমি, হয় তুমিয়েই আতঙ্কজনক;তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? 8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়;পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। 9 হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা;পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা] 10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব;তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা। 11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 12 তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব;তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।