Psalms 85 (IRVA)
1 হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা।তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা। 2 তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা;তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা) 3 তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা। 4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা;আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা। 5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি?সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি? 6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে,তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা? 7 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা;তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। 8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম;কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব,যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়। 9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট;তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব। 10 গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব;ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব। 11 দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব;স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব। 12 যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব।আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব। 13 ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব;তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।