Psalms 62 (IRVA)
1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। 3 এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা?তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা। 4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;তেওঁলোকে মিছা কথাত সন্তোষ পায়;মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা] 5 হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। 6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। 7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। 8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা] 9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;তেওঁলোক তৰ্জুত দাং খাব;ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন। 10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা;বৃথা ধনী হ’বলৈ আশা নকৰিবা,ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। 11 ঈশ্বৰে এবাৰ ক’লে;মই ইয়াক দুবাৰ শুনিলোঁ,যে পৰাক্ৰম ঈশ্বৰৰহে। 12 হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন;কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।