Ezekiel 48 (IRVA)

1 ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব। 2 আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব। 3 আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব। 4 আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব। 5 আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব। 6 আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব। 7 আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব। 8 আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব। 9 যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব। 10 আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব। 11 ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব। 12 সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব। 13 আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত। 14 তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ। 15 আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব। 16 তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত। 17 আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত। 18 আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব। 19 আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব। 20 গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা। 21 পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব। 22 অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব। 23 আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব। 24 আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব। 25 আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব। 26 আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব। 27 আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব। 28 গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব। 29 প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ। 30 আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু 31 নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন। 32 আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন। 33 আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন। 34 আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন। 35 চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।

In Other Versions

Ezekiel 48 in the ANGEFD

Ezekiel 48 in the ANTPNG2D

Ezekiel 48 in the AS21

Ezekiel 48 in the BAGH

Ezekiel 48 in the BBPNG

Ezekiel 48 in the BBT1E

Ezekiel 48 in the BDS

Ezekiel 48 in the BEV

Ezekiel 48 in the BHAD

Ezekiel 48 in the BIB

Ezekiel 48 in the BLPT

Ezekiel 48 in the BNT

Ezekiel 48 in the BNTABOOT

Ezekiel 48 in the BNTLV

Ezekiel 48 in the BOATCB

Ezekiel 48 in the BOATCB2

Ezekiel 48 in the BOBCV

Ezekiel 48 in the BOCNT

Ezekiel 48 in the BOECS

Ezekiel 48 in the BOGWICC

Ezekiel 48 in the BOHCB

Ezekiel 48 in the BOHCV

Ezekiel 48 in the BOHLNT

Ezekiel 48 in the BOHNTLTAL

Ezekiel 48 in the BOICB

Ezekiel 48 in the BOILNTAP

Ezekiel 48 in the BOITCV

Ezekiel 48 in the BOKCV

Ezekiel 48 in the BOKCV2

Ezekiel 48 in the BOKHWOG

Ezekiel 48 in the BOKSSV

Ezekiel 48 in the BOLCB

Ezekiel 48 in the BOLCB2

Ezekiel 48 in the BOMCV

Ezekiel 48 in the BONAV

Ezekiel 48 in the BONCB

Ezekiel 48 in the BONLT

Ezekiel 48 in the BONUT2

Ezekiel 48 in the BOPLNT

Ezekiel 48 in the BOSCB

Ezekiel 48 in the BOSNC

Ezekiel 48 in the BOTLNT

Ezekiel 48 in the BOVCB

Ezekiel 48 in the BOYCB

Ezekiel 48 in the BPBB

Ezekiel 48 in the BPH

Ezekiel 48 in the BSB

Ezekiel 48 in the CCB

Ezekiel 48 in the CUV

Ezekiel 48 in the CUVS

Ezekiel 48 in the DBT

Ezekiel 48 in the DGDNT

Ezekiel 48 in the DHNT

Ezekiel 48 in the DNT

Ezekiel 48 in the ELBE

Ezekiel 48 in the EMTV

Ezekiel 48 in the ESV

Ezekiel 48 in the FBV

Ezekiel 48 in the FEB

Ezekiel 48 in the GGMNT

Ezekiel 48 in the GNT

Ezekiel 48 in the HARY

Ezekiel 48 in the HNT

Ezekiel 48 in the IRVB

Ezekiel 48 in the IRVG

Ezekiel 48 in the IRVH

Ezekiel 48 in the IRVK

Ezekiel 48 in the IRVM

Ezekiel 48 in the IRVM2

Ezekiel 48 in the IRVO

Ezekiel 48 in the IRVP

Ezekiel 48 in the IRVT

Ezekiel 48 in the IRVT2

Ezekiel 48 in the IRVU

Ezekiel 48 in the ISVN

Ezekiel 48 in the JSNT

Ezekiel 48 in the KAPI

Ezekiel 48 in the KBT1ETNIK

Ezekiel 48 in the KBV

Ezekiel 48 in the KJV

Ezekiel 48 in the KNFD

Ezekiel 48 in the LBA

Ezekiel 48 in the LBLA

Ezekiel 48 in the LNT

Ezekiel 48 in the LSV

Ezekiel 48 in the MAAL

Ezekiel 48 in the MBV

Ezekiel 48 in the MBV2

Ezekiel 48 in the MHNT

Ezekiel 48 in the MKNFD

Ezekiel 48 in the MNG

Ezekiel 48 in the MNT

Ezekiel 48 in the MNT2

Ezekiel 48 in the MRS1T

Ezekiel 48 in the NAA

Ezekiel 48 in the NASB

Ezekiel 48 in the NBLA

Ezekiel 48 in the NBS

Ezekiel 48 in the NBVTP

Ezekiel 48 in the NET2

Ezekiel 48 in the NIV11

Ezekiel 48 in the NNT

Ezekiel 48 in the NNT2

Ezekiel 48 in the NNT3

Ezekiel 48 in the PDDPT

Ezekiel 48 in the PFNT

Ezekiel 48 in the RMNT

Ezekiel 48 in the SBIAS

Ezekiel 48 in the SBIBS

Ezekiel 48 in the SBIBS2

Ezekiel 48 in the SBICS

Ezekiel 48 in the SBIDS

Ezekiel 48 in the SBIGS

Ezekiel 48 in the SBIHS

Ezekiel 48 in the SBIIS

Ezekiel 48 in the SBIIS2

Ezekiel 48 in the SBIIS3

Ezekiel 48 in the SBIKS

Ezekiel 48 in the SBIKS2

Ezekiel 48 in the SBIMS

Ezekiel 48 in the SBIOS

Ezekiel 48 in the SBIPS

Ezekiel 48 in the SBISS

Ezekiel 48 in the SBITS

Ezekiel 48 in the SBITS2

Ezekiel 48 in the SBITS3

Ezekiel 48 in the SBITS4

Ezekiel 48 in the SBIUS

Ezekiel 48 in the SBIVS

Ezekiel 48 in the SBT

Ezekiel 48 in the SBT1E

Ezekiel 48 in the SCHL

Ezekiel 48 in the SNT

Ezekiel 48 in the SUSU

Ezekiel 48 in the SUSU2

Ezekiel 48 in the SYNO

Ezekiel 48 in the TBIAOTANT

Ezekiel 48 in the TBT1E

Ezekiel 48 in the TBT1E2

Ezekiel 48 in the TFTIP

Ezekiel 48 in the TFTU

Ezekiel 48 in the TGNTATF3T

Ezekiel 48 in the THAI

Ezekiel 48 in the TNFD

Ezekiel 48 in the TNT

Ezekiel 48 in the TNTIK

Ezekiel 48 in the TNTIL

Ezekiel 48 in the TNTIN

Ezekiel 48 in the TNTIP

Ezekiel 48 in the TNTIZ

Ezekiel 48 in the TOMA

Ezekiel 48 in the TTENT

Ezekiel 48 in the UBG

Ezekiel 48 in the UGV

Ezekiel 48 in the UGV2

Ezekiel 48 in the UGV3

Ezekiel 48 in the VBL

Ezekiel 48 in the VDCC

Ezekiel 48 in the YALU

Ezekiel 48 in the YAPE

Ezekiel 48 in the YBVTP

Ezekiel 48 in the ZBP