Numbers 29 (IRVA)

1 আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব। 2 সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা। 3 আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, 4 আৰু মেৰ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। 5 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। 6 নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা। 7 সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা। 8 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব। 9 আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, 10 আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 11 আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা। 12 আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা। 13 আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব। 14 আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ, 15 আৰু মতা মেৰ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 16 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 17 আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব। 18 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা। 19 নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 20 আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব। 21 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 22 আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 23 আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব। 24 আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 25 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 26 আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিঘুণ পশু হ’ব লাগিব। 27 আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; 28 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 29 আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব। 30 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 31 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 32 আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব। 33 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 34 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 35 অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম নকৰিবা। 36 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব। 37 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 38 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা। 39 সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।” 40 মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।

In Other Versions

Numbers 29 in the ANGEFD

Numbers 29 in the ANTPNG2D

Numbers 29 in the AS21

Numbers 29 in the BAGH

Numbers 29 in the BBPNG

Numbers 29 in the BBT1E

Numbers 29 in the BDS

Numbers 29 in the BEV

Numbers 29 in the BHAD

Numbers 29 in the BIB

Numbers 29 in the BLPT

Numbers 29 in the BNT

Numbers 29 in the BNTABOOT

Numbers 29 in the BNTLV

Numbers 29 in the BOATCB

Numbers 29 in the BOATCB2

Numbers 29 in the BOBCV

Numbers 29 in the BOCNT

Numbers 29 in the BOECS

Numbers 29 in the BOGWICC

Numbers 29 in the BOHCB

Numbers 29 in the BOHCV

Numbers 29 in the BOHLNT

Numbers 29 in the BOHNTLTAL

Numbers 29 in the BOICB

Numbers 29 in the BOILNTAP

Numbers 29 in the BOITCV

Numbers 29 in the BOKCV

Numbers 29 in the BOKCV2

Numbers 29 in the BOKHWOG

Numbers 29 in the BOKSSV

Numbers 29 in the BOLCB

Numbers 29 in the BOLCB2

Numbers 29 in the BOMCV

Numbers 29 in the BONAV

Numbers 29 in the BONCB

Numbers 29 in the BONLT

Numbers 29 in the BONUT2

Numbers 29 in the BOPLNT

Numbers 29 in the BOSCB

Numbers 29 in the BOSNC

Numbers 29 in the BOTLNT

Numbers 29 in the BOVCB

Numbers 29 in the BOYCB

Numbers 29 in the BPBB

Numbers 29 in the BPH

Numbers 29 in the BSB

Numbers 29 in the CCB

Numbers 29 in the CUV

Numbers 29 in the CUVS

Numbers 29 in the DBT

Numbers 29 in the DGDNT

Numbers 29 in the DHNT

Numbers 29 in the DNT

Numbers 29 in the ELBE

Numbers 29 in the EMTV

Numbers 29 in the ESV

Numbers 29 in the FBV

Numbers 29 in the FEB

Numbers 29 in the GGMNT

Numbers 29 in the GNT

Numbers 29 in the HARY

Numbers 29 in the HNT

Numbers 29 in the IRVB

Numbers 29 in the IRVG

Numbers 29 in the IRVH

Numbers 29 in the IRVK

Numbers 29 in the IRVM

Numbers 29 in the IRVM2

Numbers 29 in the IRVO

Numbers 29 in the IRVP

Numbers 29 in the IRVT

Numbers 29 in the IRVT2

Numbers 29 in the IRVU

Numbers 29 in the ISVN

Numbers 29 in the JSNT

Numbers 29 in the KAPI

Numbers 29 in the KBT1ETNIK

Numbers 29 in the KBV

Numbers 29 in the KJV

Numbers 29 in the KNFD

Numbers 29 in the LBA

Numbers 29 in the LBLA

Numbers 29 in the LNT

Numbers 29 in the LSV

Numbers 29 in the MAAL

Numbers 29 in the MBV

Numbers 29 in the MBV2

Numbers 29 in the MHNT

Numbers 29 in the MKNFD

Numbers 29 in the MNG

Numbers 29 in the MNT

Numbers 29 in the MNT2

Numbers 29 in the MRS1T

Numbers 29 in the NAA

Numbers 29 in the NASB

Numbers 29 in the NBLA

Numbers 29 in the NBS

Numbers 29 in the NBVTP

Numbers 29 in the NET2

Numbers 29 in the NIV11

Numbers 29 in the NNT

Numbers 29 in the NNT2

Numbers 29 in the NNT3

Numbers 29 in the PDDPT

Numbers 29 in the PFNT

Numbers 29 in the RMNT

Numbers 29 in the SBIAS

Numbers 29 in the SBIBS

Numbers 29 in the SBIBS2

Numbers 29 in the SBICS

Numbers 29 in the SBIDS

Numbers 29 in the SBIGS

Numbers 29 in the SBIHS

Numbers 29 in the SBIIS

Numbers 29 in the SBIIS2

Numbers 29 in the SBIIS3

Numbers 29 in the SBIKS

Numbers 29 in the SBIKS2

Numbers 29 in the SBIMS

Numbers 29 in the SBIOS

Numbers 29 in the SBIPS

Numbers 29 in the SBISS

Numbers 29 in the SBITS

Numbers 29 in the SBITS2

Numbers 29 in the SBITS3

Numbers 29 in the SBITS4

Numbers 29 in the SBIUS

Numbers 29 in the SBIVS

Numbers 29 in the SBT

Numbers 29 in the SBT1E

Numbers 29 in the SCHL

Numbers 29 in the SNT

Numbers 29 in the SUSU

Numbers 29 in the SUSU2

Numbers 29 in the SYNO

Numbers 29 in the TBIAOTANT

Numbers 29 in the TBT1E

Numbers 29 in the TBT1E2

Numbers 29 in the TFTIP

Numbers 29 in the TFTU

Numbers 29 in the TGNTATF3T

Numbers 29 in the THAI

Numbers 29 in the TNFD

Numbers 29 in the TNT

Numbers 29 in the TNTIK

Numbers 29 in the TNTIL

Numbers 29 in the TNTIN

Numbers 29 in the TNTIP

Numbers 29 in the TNTIZ

Numbers 29 in the TOMA

Numbers 29 in the TTENT

Numbers 29 in the UBG

Numbers 29 in the UGV

Numbers 29 in the UGV2

Numbers 29 in the UGV3

Numbers 29 in the VBL

Numbers 29 in the VDCC

Numbers 29 in the YALU

Numbers 29 in the YAPE

Numbers 29 in the YBVTP

Numbers 29 in the ZBP