Psalms 67 (IRVA)
1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা,তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। 2 গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। 3 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;সকলো লোকে তোমাৰ প্ৰশংসা কৰক। 4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা,পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা] 5 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। 6 পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে;ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব। 7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।