Exodus 14 (IRVA)

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে: 2 “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা। 3 ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’ 4 মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে। 5 ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?” 6 তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে। 7 তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে। 8 যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল। 9 কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে। 10 ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। 11 তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? 12 আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’” 13 মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা। 14 যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।” 15 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা। 16 তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব। 17 চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম। 18 তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।” 19 ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল। 20 মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে। 21 মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল। 22 তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। 23 মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল। 24 কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে। 25 যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।” 26 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।” 27 সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে। 28 জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল। 29 ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। 30 এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে। 31 ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।

In Other Versions

Exodus 14 in the ANGEFD

Exodus 14 in the ANTPNG2D

Exodus 14 in the AS21

Exodus 14 in the BAGH

Exodus 14 in the BBPNG

Exodus 14 in the BBT1E

Exodus 14 in the BDS

Exodus 14 in the BEV

Exodus 14 in the BHAD

Exodus 14 in the BIB

Exodus 14 in the BLPT

Exodus 14 in the BNT

Exodus 14 in the BNTABOOT

Exodus 14 in the BNTLV

Exodus 14 in the BOATCB

Exodus 14 in the BOATCB2

Exodus 14 in the BOBCV

Exodus 14 in the BOCNT

Exodus 14 in the BOECS

Exodus 14 in the BOGWICC

Exodus 14 in the BOHCB

Exodus 14 in the BOHCV

Exodus 14 in the BOHLNT

Exodus 14 in the BOHNTLTAL

Exodus 14 in the BOICB

Exodus 14 in the BOILNTAP

Exodus 14 in the BOITCV

Exodus 14 in the BOKCV

Exodus 14 in the BOKCV2

Exodus 14 in the BOKHWOG

Exodus 14 in the BOKSSV

Exodus 14 in the BOLCB

Exodus 14 in the BOLCB2

Exodus 14 in the BOMCV

Exodus 14 in the BONAV

Exodus 14 in the BONCB

Exodus 14 in the BONLT

Exodus 14 in the BONUT2

Exodus 14 in the BOPLNT

Exodus 14 in the BOSCB

Exodus 14 in the BOSNC

Exodus 14 in the BOTLNT

Exodus 14 in the BOVCB

Exodus 14 in the BOYCB

Exodus 14 in the BPBB

Exodus 14 in the BPH

Exodus 14 in the BSB

Exodus 14 in the CCB

Exodus 14 in the CUV

Exodus 14 in the CUVS

Exodus 14 in the DBT

Exodus 14 in the DGDNT

Exodus 14 in the DHNT

Exodus 14 in the DNT

Exodus 14 in the ELBE

Exodus 14 in the EMTV

Exodus 14 in the ESV

Exodus 14 in the FBV

Exodus 14 in the FEB

Exodus 14 in the GGMNT

Exodus 14 in the GNT

Exodus 14 in the HARY

Exodus 14 in the HNT

Exodus 14 in the IRVB

Exodus 14 in the IRVG

Exodus 14 in the IRVH

Exodus 14 in the IRVK

Exodus 14 in the IRVM

Exodus 14 in the IRVM2

Exodus 14 in the IRVO

Exodus 14 in the IRVP

Exodus 14 in the IRVT

Exodus 14 in the IRVT2

Exodus 14 in the IRVU

Exodus 14 in the ISVN

Exodus 14 in the JSNT

Exodus 14 in the KAPI

Exodus 14 in the KBT1ETNIK

Exodus 14 in the KBV

Exodus 14 in the KJV

Exodus 14 in the KNFD

Exodus 14 in the LBA

Exodus 14 in the LBLA

Exodus 14 in the LNT

Exodus 14 in the LSV

Exodus 14 in the MAAL

Exodus 14 in the MBV

Exodus 14 in the MBV2

Exodus 14 in the MHNT

Exodus 14 in the MKNFD

Exodus 14 in the MNG

Exodus 14 in the MNT

Exodus 14 in the MNT2

Exodus 14 in the MRS1T

Exodus 14 in the NAA

Exodus 14 in the NASB

Exodus 14 in the NBLA

Exodus 14 in the NBS

Exodus 14 in the NBVTP

Exodus 14 in the NET2

Exodus 14 in the NIV11

Exodus 14 in the NNT

Exodus 14 in the NNT2

Exodus 14 in the NNT3

Exodus 14 in the PDDPT

Exodus 14 in the PFNT

Exodus 14 in the RMNT

Exodus 14 in the SBIAS

Exodus 14 in the SBIBS

Exodus 14 in the SBIBS2

Exodus 14 in the SBICS

Exodus 14 in the SBIDS

Exodus 14 in the SBIGS

Exodus 14 in the SBIHS

Exodus 14 in the SBIIS

Exodus 14 in the SBIIS2

Exodus 14 in the SBIIS3

Exodus 14 in the SBIKS

Exodus 14 in the SBIKS2

Exodus 14 in the SBIMS

Exodus 14 in the SBIOS

Exodus 14 in the SBIPS

Exodus 14 in the SBISS

Exodus 14 in the SBITS

Exodus 14 in the SBITS2

Exodus 14 in the SBITS3

Exodus 14 in the SBITS4

Exodus 14 in the SBIUS

Exodus 14 in the SBIVS

Exodus 14 in the SBT

Exodus 14 in the SBT1E

Exodus 14 in the SCHL

Exodus 14 in the SNT

Exodus 14 in the SUSU

Exodus 14 in the SUSU2

Exodus 14 in the SYNO

Exodus 14 in the TBIAOTANT

Exodus 14 in the TBT1E

Exodus 14 in the TBT1E2

Exodus 14 in the TFTIP

Exodus 14 in the TFTU

Exodus 14 in the TGNTATF3T

Exodus 14 in the THAI

Exodus 14 in the TNFD

Exodus 14 in the TNT

Exodus 14 in the TNTIK

Exodus 14 in the TNTIL

Exodus 14 in the TNTIN

Exodus 14 in the TNTIP

Exodus 14 in the TNTIZ

Exodus 14 in the TOMA

Exodus 14 in the TTENT

Exodus 14 in the UBG

Exodus 14 in the UGV

Exodus 14 in the UGV2

Exodus 14 in the UGV3

Exodus 14 in the VBL

Exodus 14 in the VDCC

Exodus 14 in the YALU

Exodus 14 in the YAPE

Exodus 14 in the YBVTP

Exodus 14 in the ZBP