Genesis 12 (IRVA)

1 যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা। 2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা। 3 যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।” 4 পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ। 5 অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে। 6 কনান দেশৰ মাজেদি অব্ৰাম চিখিম নগৰলৈ গ’ল আৰু তাৰ পাছত মোৰিৰ ওক গছজোপা পর্যন্ত গ’ল। সেইসময়ত কনানীয়াসকলে সেই দেশত বাস কৰিছিল। 7 পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে। 8 তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। 9 তাৰ পাছত অব্ৰামে পুনৰ যাত্রা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্রসৰ হ’ল। 10 পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল। 11 তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা। 12 তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব। 13 সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।” 14 অব্ৰাম যেতিয়া মিচৰ দেশত সোমাল, তেতিয়া মিচৰীয়াসকলে চাৰীক অতি সুন্দৰী দেখিলে। 15 ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল। 16 চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে। 17 কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে। 18 ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল? 19 আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।” 20 তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে।

In Other Versions

Genesis 12 in the ANGEFD

Genesis 12 in the ANTPNG2D

Genesis 12 in the AS21

Genesis 12 in the BAGH

Genesis 12 in the BBPNG

Genesis 12 in the BBT1E

Genesis 12 in the BDS

Genesis 12 in the BEV

Genesis 12 in the BHAD

Genesis 12 in the BIB

Genesis 12 in the BLPT

Genesis 12 in the BNT

Genesis 12 in the BNTABOOT

Genesis 12 in the BNTLV

Genesis 12 in the BOATCB

Genesis 12 in the BOATCB2

Genesis 12 in the BOBCV

Genesis 12 in the BOCNT

Genesis 12 in the BOECS

Genesis 12 in the BOGWICC

Genesis 12 in the BOHCB

Genesis 12 in the BOHCV

Genesis 12 in the BOHLNT

Genesis 12 in the BOHNTLTAL

Genesis 12 in the BOICB

Genesis 12 in the BOILNTAP

Genesis 12 in the BOITCV

Genesis 12 in the BOKCV

Genesis 12 in the BOKCV2

Genesis 12 in the BOKHWOG

Genesis 12 in the BOKSSV

Genesis 12 in the BOLCB

Genesis 12 in the BOLCB2

Genesis 12 in the BOMCV

Genesis 12 in the BONAV

Genesis 12 in the BONCB

Genesis 12 in the BONLT

Genesis 12 in the BONUT2

Genesis 12 in the BOPLNT

Genesis 12 in the BOSCB

Genesis 12 in the BOSNC

Genesis 12 in the BOTLNT

Genesis 12 in the BOVCB

Genesis 12 in the BOYCB

Genesis 12 in the BPBB

Genesis 12 in the BPH

Genesis 12 in the BSB

Genesis 12 in the CCB

Genesis 12 in the CUV

Genesis 12 in the CUVS

Genesis 12 in the DBT

Genesis 12 in the DGDNT

Genesis 12 in the DHNT

Genesis 12 in the DNT

Genesis 12 in the ELBE

Genesis 12 in the EMTV

Genesis 12 in the ESV

Genesis 12 in the FBV

Genesis 12 in the FEB

Genesis 12 in the GGMNT

Genesis 12 in the GNT

Genesis 12 in the HARY

Genesis 12 in the HNT

Genesis 12 in the IRVB

Genesis 12 in the IRVG

Genesis 12 in the IRVH

Genesis 12 in the IRVK

Genesis 12 in the IRVM

Genesis 12 in the IRVM2

Genesis 12 in the IRVO

Genesis 12 in the IRVP

Genesis 12 in the IRVT

Genesis 12 in the IRVT2

Genesis 12 in the IRVU

Genesis 12 in the ISVN

Genesis 12 in the JSNT

Genesis 12 in the KAPI

Genesis 12 in the KBT1ETNIK

Genesis 12 in the KBV

Genesis 12 in the KJV

Genesis 12 in the KNFD

Genesis 12 in the LBA

Genesis 12 in the LBLA

Genesis 12 in the LNT

Genesis 12 in the LSV

Genesis 12 in the MAAL

Genesis 12 in the MBV

Genesis 12 in the MBV2

Genesis 12 in the MHNT

Genesis 12 in the MKNFD

Genesis 12 in the MNG

Genesis 12 in the MNT

Genesis 12 in the MNT2

Genesis 12 in the MRS1T

Genesis 12 in the NAA

Genesis 12 in the NASB

Genesis 12 in the NBLA

Genesis 12 in the NBS

Genesis 12 in the NBVTP

Genesis 12 in the NET2

Genesis 12 in the NIV11

Genesis 12 in the NNT

Genesis 12 in the NNT2

Genesis 12 in the NNT3

Genesis 12 in the PDDPT

Genesis 12 in the PFNT

Genesis 12 in the RMNT

Genesis 12 in the SBIAS

Genesis 12 in the SBIBS

Genesis 12 in the SBIBS2

Genesis 12 in the SBICS

Genesis 12 in the SBIDS

Genesis 12 in the SBIGS

Genesis 12 in the SBIHS

Genesis 12 in the SBIIS

Genesis 12 in the SBIIS2

Genesis 12 in the SBIIS3

Genesis 12 in the SBIKS

Genesis 12 in the SBIKS2

Genesis 12 in the SBIMS

Genesis 12 in the SBIOS

Genesis 12 in the SBIPS

Genesis 12 in the SBISS

Genesis 12 in the SBITS

Genesis 12 in the SBITS2

Genesis 12 in the SBITS3

Genesis 12 in the SBITS4

Genesis 12 in the SBIUS

Genesis 12 in the SBIVS

Genesis 12 in the SBT

Genesis 12 in the SBT1E

Genesis 12 in the SCHL

Genesis 12 in the SNT

Genesis 12 in the SUSU

Genesis 12 in the SUSU2

Genesis 12 in the SYNO

Genesis 12 in the TBIAOTANT

Genesis 12 in the TBT1E

Genesis 12 in the TBT1E2

Genesis 12 in the TFTIP

Genesis 12 in the TFTU

Genesis 12 in the TGNTATF3T

Genesis 12 in the THAI

Genesis 12 in the TNFD

Genesis 12 in the TNT

Genesis 12 in the TNTIK

Genesis 12 in the TNTIL

Genesis 12 in the TNTIN

Genesis 12 in the TNTIP

Genesis 12 in the TNTIZ

Genesis 12 in the TOMA

Genesis 12 in the TTENT

Genesis 12 in the UBG

Genesis 12 in the UGV

Genesis 12 in the UGV2

Genesis 12 in the UGV3

Genesis 12 in the VBL

Genesis 12 in the VDCC

Genesis 12 in the YALU

Genesis 12 in the YAPE

Genesis 12 in the YBVTP

Genesis 12 in the ZBP