Genesis 47 (IRVA)

1 যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।” 2 ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে। 3 ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?”তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।” 4 তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।” 5 ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল। 6 মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।” 7 তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে। 8 ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?” 9 যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।” 10 তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল। 11 যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে। 12 যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে। 13 পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল। 14 মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে। 15 যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?” 16 যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।” 17 তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে। 18 সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই। 19 মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।” 20 তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল। 21 ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে। 22 কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে। 23 তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা। 24 শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।” 25 তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।” 26 পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল। 27 ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে। 28 মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল। 29 ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙনৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা। 30 কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।”যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।” 31 ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই পৰিল।

In Other Versions

Genesis 47 in the ANGEFD

Genesis 47 in the ANTPNG2D

Genesis 47 in the AS21

Genesis 47 in the BAGH

Genesis 47 in the BBPNG

Genesis 47 in the BBT1E

Genesis 47 in the BDS

Genesis 47 in the BEV

Genesis 47 in the BHAD

Genesis 47 in the BIB

Genesis 47 in the BLPT

Genesis 47 in the BNT

Genesis 47 in the BNTABOOT

Genesis 47 in the BNTLV

Genesis 47 in the BOATCB

Genesis 47 in the BOATCB2

Genesis 47 in the BOBCV

Genesis 47 in the BOCNT

Genesis 47 in the BOECS

Genesis 47 in the BOGWICC

Genesis 47 in the BOHCB

Genesis 47 in the BOHCV

Genesis 47 in the BOHLNT

Genesis 47 in the BOHNTLTAL

Genesis 47 in the BOICB

Genesis 47 in the BOILNTAP

Genesis 47 in the BOITCV

Genesis 47 in the BOKCV

Genesis 47 in the BOKCV2

Genesis 47 in the BOKHWOG

Genesis 47 in the BOKSSV

Genesis 47 in the BOLCB

Genesis 47 in the BOLCB2

Genesis 47 in the BOMCV

Genesis 47 in the BONAV

Genesis 47 in the BONCB

Genesis 47 in the BONLT

Genesis 47 in the BONUT2

Genesis 47 in the BOPLNT

Genesis 47 in the BOSCB

Genesis 47 in the BOSNC

Genesis 47 in the BOTLNT

Genesis 47 in the BOVCB

Genesis 47 in the BOYCB

Genesis 47 in the BPBB

Genesis 47 in the BPH

Genesis 47 in the BSB

Genesis 47 in the CCB

Genesis 47 in the CUV

Genesis 47 in the CUVS

Genesis 47 in the DBT

Genesis 47 in the DGDNT

Genesis 47 in the DHNT

Genesis 47 in the DNT

Genesis 47 in the ELBE

Genesis 47 in the EMTV

Genesis 47 in the ESV

Genesis 47 in the FBV

Genesis 47 in the FEB

Genesis 47 in the GGMNT

Genesis 47 in the GNT

Genesis 47 in the HARY

Genesis 47 in the HNT

Genesis 47 in the IRVB

Genesis 47 in the IRVG

Genesis 47 in the IRVH

Genesis 47 in the IRVK

Genesis 47 in the IRVM

Genesis 47 in the IRVM2

Genesis 47 in the IRVO

Genesis 47 in the IRVP

Genesis 47 in the IRVT

Genesis 47 in the IRVT2

Genesis 47 in the IRVU

Genesis 47 in the ISVN

Genesis 47 in the JSNT

Genesis 47 in the KAPI

Genesis 47 in the KBT1ETNIK

Genesis 47 in the KBV

Genesis 47 in the KJV

Genesis 47 in the KNFD

Genesis 47 in the LBA

Genesis 47 in the LBLA

Genesis 47 in the LNT

Genesis 47 in the LSV

Genesis 47 in the MAAL

Genesis 47 in the MBV

Genesis 47 in the MBV2

Genesis 47 in the MHNT

Genesis 47 in the MKNFD

Genesis 47 in the MNG

Genesis 47 in the MNT

Genesis 47 in the MNT2

Genesis 47 in the MRS1T

Genesis 47 in the NAA

Genesis 47 in the NASB

Genesis 47 in the NBLA

Genesis 47 in the NBS

Genesis 47 in the NBVTP

Genesis 47 in the NET2

Genesis 47 in the NIV11

Genesis 47 in the NNT

Genesis 47 in the NNT2

Genesis 47 in the NNT3

Genesis 47 in the PDDPT

Genesis 47 in the PFNT

Genesis 47 in the RMNT

Genesis 47 in the SBIAS

Genesis 47 in the SBIBS

Genesis 47 in the SBIBS2

Genesis 47 in the SBICS

Genesis 47 in the SBIDS

Genesis 47 in the SBIGS

Genesis 47 in the SBIHS

Genesis 47 in the SBIIS

Genesis 47 in the SBIIS2

Genesis 47 in the SBIIS3

Genesis 47 in the SBIKS

Genesis 47 in the SBIKS2

Genesis 47 in the SBIMS

Genesis 47 in the SBIOS

Genesis 47 in the SBIPS

Genesis 47 in the SBISS

Genesis 47 in the SBITS

Genesis 47 in the SBITS2

Genesis 47 in the SBITS3

Genesis 47 in the SBITS4

Genesis 47 in the SBIUS

Genesis 47 in the SBIVS

Genesis 47 in the SBT

Genesis 47 in the SBT1E

Genesis 47 in the SCHL

Genesis 47 in the SNT

Genesis 47 in the SUSU

Genesis 47 in the SUSU2

Genesis 47 in the SYNO

Genesis 47 in the TBIAOTANT

Genesis 47 in the TBT1E

Genesis 47 in the TBT1E2

Genesis 47 in the TFTIP

Genesis 47 in the TFTU

Genesis 47 in the TGNTATF3T

Genesis 47 in the THAI

Genesis 47 in the TNFD

Genesis 47 in the TNT

Genesis 47 in the TNTIK

Genesis 47 in the TNTIL

Genesis 47 in the TNTIN

Genesis 47 in the TNTIP

Genesis 47 in the TNTIZ

Genesis 47 in the TOMA

Genesis 47 in the TTENT

Genesis 47 in the UBG

Genesis 47 in the UGV

Genesis 47 in the UGV2

Genesis 47 in the UGV3

Genesis 47 in the VBL

Genesis 47 in the VDCC

Genesis 47 in the YALU

Genesis 47 in the YAPE

Genesis 47 in the YBVTP

Genesis 47 in the ZBP