Leviticus 24 (IRVA)
1 পাছত যিহোৱাই মোচিক ক’লে, 2 “সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া। 3 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলি থকা নিয়ম-চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থ’ব লাগিব। এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। 4 পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা। 5 তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব। 6 তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা। 7 আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব। 8 আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব। 9 আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।” 10 পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল। 11 তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক। 12 লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল। 13 তেতিয়া যিহোৱাই মোচিক ক’লে, 14 “তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক। 15 আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব। 16 আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। 17 আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। 18 আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ। 19 আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব; 20 অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব। 21 যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব। 22 তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।” 23 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।
In Other Versions
Leviticus 24 in the ANGEFD
Leviticus 24 in the ANTPNG2D
Leviticus 24 in the AS21
Leviticus 24 in the BAGH
Leviticus 24 in the BBPNG
Leviticus 24 in the BBT1E
Leviticus 24 in the BDS
Leviticus 24 in the BEV
Leviticus 24 in the BHAD
Leviticus 24 in the BIB
Leviticus 24 in the BLPT
Leviticus 24 in the BNT
Leviticus 24 in the BNTABOOT
Leviticus 24 in the BNTLV
Leviticus 24 in the BOATCB
Leviticus 24 in the BOATCB2
Leviticus 24 in the BOBCV
Leviticus 24 in the BOCNT
Leviticus 24 in the BOECS
Leviticus 24 in the BOGWICC
Leviticus 24 in the BOHCB
Leviticus 24 in the BOHCV
Leviticus 24 in the BOHLNT
Leviticus 24 in the BOHNTLTAL
Leviticus 24 in the BOICB
Leviticus 24 in the BOILNTAP
Leviticus 24 in the BOITCV
Leviticus 24 in the BOKCV
Leviticus 24 in the BOKCV2
Leviticus 24 in the BOKHWOG
Leviticus 24 in the BOKSSV
Leviticus 24 in the BOLCB
Leviticus 24 in the BOLCB2
Leviticus 24 in the BOMCV
Leviticus 24 in the BONAV
Leviticus 24 in the BONCB
Leviticus 24 in the BONLT
Leviticus 24 in the BONUT2
Leviticus 24 in the BOPLNT
Leviticus 24 in the BOSCB
Leviticus 24 in the BOSNC
Leviticus 24 in the BOTLNT
Leviticus 24 in the BOVCB
Leviticus 24 in the BOYCB
Leviticus 24 in the BPBB
Leviticus 24 in the BPH
Leviticus 24 in the BSB
Leviticus 24 in the CCB
Leviticus 24 in the CUV
Leviticus 24 in the CUVS
Leviticus 24 in the DBT
Leviticus 24 in the DGDNT
Leviticus 24 in the DHNT
Leviticus 24 in the DNT
Leviticus 24 in the ELBE
Leviticus 24 in the EMTV
Leviticus 24 in the ESV
Leviticus 24 in the FBV
Leviticus 24 in the FEB
Leviticus 24 in the GGMNT
Leviticus 24 in the GNT
Leviticus 24 in the HARY
Leviticus 24 in the HNT
Leviticus 24 in the IRVB
Leviticus 24 in the IRVG
Leviticus 24 in the IRVH
Leviticus 24 in the IRVK
Leviticus 24 in the IRVM
Leviticus 24 in the IRVM2
Leviticus 24 in the IRVO
Leviticus 24 in the IRVP
Leviticus 24 in the IRVT
Leviticus 24 in the IRVT2
Leviticus 24 in the IRVU
Leviticus 24 in the ISVN
Leviticus 24 in the JSNT
Leviticus 24 in the KAPI
Leviticus 24 in the KBT1ETNIK
Leviticus 24 in the KBV
Leviticus 24 in the KJV
Leviticus 24 in the KNFD
Leviticus 24 in the LBA
Leviticus 24 in the LBLA
Leviticus 24 in the LNT
Leviticus 24 in the LSV
Leviticus 24 in the MAAL
Leviticus 24 in the MBV
Leviticus 24 in the MBV2
Leviticus 24 in the MHNT
Leviticus 24 in the MKNFD
Leviticus 24 in the MNG
Leviticus 24 in the MNT
Leviticus 24 in the MNT2
Leviticus 24 in the MRS1T
Leviticus 24 in the NAA
Leviticus 24 in the NASB
Leviticus 24 in the NBLA
Leviticus 24 in the NBS
Leviticus 24 in the NBVTP
Leviticus 24 in the NET2
Leviticus 24 in the NIV11
Leviticus 24 in the NNT
Leviticus 24 in the NNT2
Leviticus 24 in the NNT3
Leviticus 24 in the PDDPT
Leviticus 24 in the PFNT
Leviticus 24 in the RMNT
Leviticus 24 in the SBIAS
Leviticus 24 in the SBIBS
Leviticus 24 in the SBIBS2
Leviticus 24 in the SBICS
Leviticus 24 in the SBIDS
Leviticus 24 in the SBIGS
Leviticus 24 in the SBIHS
Leviticus 24 in the SBIIS
Leviticus 24 in the SBIIS2
Leviticus 24 in the SBIIS3
Leviticus 24 in the SBIKS
Leviticus 24 in the SBIKS2
Leviticus 24 in the SBIMS
Leviticus 24 in the SBIOS
Leviticus 24 in the SBIPS
Leviticus 24 in the SBISS
Leviticus 24 in the SBITS
Leviticus 24 in the SBITS2
Leviticus 24 in the SBITS3
Leviticus 24 in the SBITS4
Leviticus 24 in the SBIUS
Leviticus 24 in the SBIVS
Leviticus 24 in the SBT
Leviticus 24 in the SBT1E
Leviticus 24 in the SCHL
Leviticus 24 in the SNT
Leviticus 24 in the SUSU
Leviticus 24 in the SUSU2
Leviticus 24 in the SYNO
Leviticus 24 in the TBIAOTANT
Leviticus 24 in the TBT1E
Leviticus 24 in the TBT1E2
Leviticus 24 in the TFTIP
Leviticus 24 in the TFTU
Leviticus 24 in the TGNTATF3T
Leviticus 24 in the THAI
Leviticus 24 in the TNFD
Leviticus 24 in the TNT
Leviticus 24 in the TNTIK
Leviticus 24 in the TNTIL
Leviticus 24 in the TNTIN
Leviticus 24 in the TNTIP
Leviticus 24 in the TNTIZ
Leviticus 24 in the TOMA
Leviticus 24 in the TTENT
Leviticus 24 in the UBG
Leviticus 24 in the UGV
Leviticus 24 in the UGV2
Leviticus 24 in the UGV3
Leviticus 24 in the VBL
Leviticus 24 in the VDCC
Leviticus 24 in the YALU
Leviticus 24 in the YAPE
Leviticus 24 in the YBVTP
Leviticus 24 in the ZBP