Psalms 43 (IRVA)
1 হে ঈশ্বৰ, মোৰ বিচাৰ কৰা;ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা;ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা। 2 কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা?মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ? 3 তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক;সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈআৰু তোমাৰ আবাসলৈ লৈ যাওঁক। 4 তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম,মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম;হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম। 5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।