1 Kings 13 (IRVA)

1 সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷ 2 তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।” 3 এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।” 4 যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে। 5 আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল। 6 তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল। 7 ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।” 8 কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম, 9 কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।” 10 তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে। 11 সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে। 12 তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল। 13 তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷ 14 সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।” 15 তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।” 16 তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ, 17 কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।” 18 তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল। 19 তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে। 20 তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল; 21 আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা, 22 আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।” 23 পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷ 24 যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল। 25 পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে। 26 যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।” 27 তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷ 28 পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷ 29 তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল। 30 তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে। 31 তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা। 32 কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।” 33 এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল। 34 এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।

In Other Versions

1 Kings 13 in the ANGEFD

1 Kings 13 in the ANTPNG2D

1 Kings 13 in the AS21

1 Kings 13 in the BAGH

1 Kings 13 in the BBPNG

1 Kings 13 in the BBT1E

1 Kings 13 in the BDS

1 Kings 13 in the BEV

1 Kings 13 in the BHAD

1 Kings 13 in the BIB

1 Kings 13 in the BLPT

1 Kings 13 in the BNT

1 Kings 13 in the BNTABOOT

1 Kings 13 in the BNTLV

1 Kings 13 in the BOATCB

1 Kings 13 in the BOATCB2

1 Kings 13 in the BOBCV

1 Kings 13 in the BOCNT

1 Kings 13 in the BOECS

1 Kings 13 in the BOGWICC

1 Kings 13 in the BOHCB

1 Kings 13 in the BOHCV

1 Kings 13 in the BOHLNT

1 Kings 13 in the BOHNTLTAL

1 Kings 13 in the BOICB

1 Kings 13 in the BOILNTAP

1 Kings 13 in the BOITCV

1 Kings 13 in the BOKCV

1 Kings 13 in the BOKCV2

1 Kings 13 in the BOKHWOG

1 Kings 13 in the BOKSSV

1 Kings 13 in the BOLCB

1 Kings 13 in the BOLCB2

1 Kings 13 in the BOMCV

1 Kings 13 in the BONAV

1 Kings 13 in the BONCB

1 Kings 13 in the BONLT

1 Kings 13 in the BONUT2

1 Kings 13 in the BOPLNT

1 Kings 13 in the BOSCB

1 Kings 13 in the BOSNC

1 Kings 13 in the BOTLNT

1 Kings 13 in the BOVCB

1 Kings 13 in the BOYCB

1 Kings 13 in the BPBB

1 Kings 13 in the BPH

1 Kings 13 in the BSB

1 Kings 13 in the CCB

1 Kings 13 in the CUV

1 Kings 13 in the CUVS

1 Kings 13 in the DBT

1 Kings 13 in the DGDNT

1 Kings 13 in the DHNT

1 Kings 13 in the DNT

1 Kings 13 in the ELBE

1 Kings 13 in the EMTV

1 Kings 13 in the ESV

1 Kings 13 in the FBV

1 Kings 13 in the FEB

1 Kings 13 in the GGMNT

1 Kings 13 in the GNT

1 Kings 13 in the HARY

1 Kings 13 in the HNT

1 Kings 13 in the IRVB

1 Kings 13 in the IRVG

1 Kings 13 in the IRVH

1 Kings 13 in the IRVK

1 Kings 13 in the IRVM

1 Kings 13 in the IRVM2

1 Kings 13 in the IRVO

1 Kings 13 in the IRVP

1 Kings 13 in the IRVT

1 Kings 13 in the IRVT2

1 Kings 13 in the IRVU

1 Kings 13 in the ISVN

1 Kings 13 in the JSNT

1 Kings 13 in the KAPI

1 Kings 13 in the KBT1ETNIK

1 Kings 13 in the KBV

1 Kings 13 in the KJV

1 Kings 13 in the KNFD

1 Kings 13 in the LBA

1 Kings 13 in the LBLA

1 Kings 13 in the LNT

1 Kings 13 in the LSV

1 Kings 13 in the MAAL

1 Kings 13 in the MBV

1 Kings 13 in the MBV2

1 Kings 13 in the MHNT

1 Kings 13 in the MKNFD

1 Kings 13 in the MNG

1 Kings 13 in the MNT

1 Kings 13 in the MNT2

1 Kings 13 in the MRS1T

1 Kings 13 in the NAA

1 Kings 13 in the NASB

1 Kings 13 in the NBLA

1 Kings 13 in the NBS

1 Kings 13 in the NBVTP

1 Kings 13 in the NET2

1 Kings 13 in the NIV11

1 Kings 13 in the NNT

1 Kings 13 in the NNT2

1 Kings 13 in the NNT3

1 Kings 13 in the PDDPT

1 Kings 13 in the PFNT

1 Kings 13 in the RMNT

1 Kings 13 in the SBIAS

1 Kings 13 in the SBIBS

1 Kings 13 in the SBIBS2

1 Kings 13 in the SBICS

1 Kings 13 in the SBIDS

1 Kings 13 in the SBIGS

1 Kings 13 in the SBIHS

1 Kings 13 in the SBIIS

1 Kings 13 in the SBIIS2

1 Kings 13 in the SBIIS3

1 Kings 13 in the SBIKS

1 Kings 13 in the SBIKS2

1 Kings 13 in the SBIMS

1 Kings 13 in the SBIOS

1 Kings 13 in the SBIPS

1 Kings 13 in the SBISS

1 Kings 13 in the SBITS

1 Kings 13 in the SBITS2

1 Kings 13 in the SBITS3

1 Kings 13 in the SBITS4

1 Kings 13 in the SBIUS

1 Kings 13 in the SBIVS

1 Kings 13 in the SBT

1 Kings 13 in the SBT1E

1 Kings 13 in the SCHL

1 Kings 13 in the SNT

1 Kings 13 in the SUSU

1 Kings 13 in the SUSU2

1 Kings 13 in the SYNO

1 Kings 13 in the TBIAOTANT

1 Kings 13 in the TBT1E

1 Kings 13 in the TBT1E2

1 Kings 13 in the TFTIP

1 Kings 13 in the TFTU

1 Kings 13 in the TGNTATF3T

1 Kings 13 in the THAI

1 Kings 13 in the TNFD

1 Kings 13 in the TNT

1 Kings 13 in the TNTIK

1 Kings 13 in the TNTIL

1 Kings 13 in the TNTIN

1 Kings 13 in the TNTIP

1 Kings 13 in the TNTIZ

1 Kings 13 in the TOMA

1 Kings 13 in the TTENT

1 Kings 13 in the UBG

1 Kings 13 in the UGV

1 Kings 13 in the UGV2

1 Kings 13 in the UGV3

1 Kings 13 in the VBL

1 Kings 13 in the VDCC

1 Kings 13 in the YALU

1 Kings 13 in the YAPE

1 Kings 13 in the YBVTP

1 Kings 13 in the ZBP