1 Samuel 25 (IRVA)

1 চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল। 2 সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনৱান লোক আছিল। তেওঁৰ তিনি হাজাৰ মেৰ-ছাগ আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কৰ্মিলত নিজৰ ভেড়াবোৰৰ নোম কাটি আছিল। 3 তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল। 4 দায়ূদে মৰুপ্ৰান্তৰত শুনিলে যে, নাবলে নিজৰ মেৰ-ছাগবোৰৰ নোম কটি আছে। 5 সেয়ে দায়ূদে দহ জন যুৱকক সেই ঠাইলৈ পঠালে। দায়ূদে যুৱক সকলক ক’লে, “কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মঙ্গলবাদ কৰিবা। 6 তোমালোকে তেওঁক ক’বা, ‘আপোনাৰ মঙ্গল হওক আৰু আপোনাৰ ঘৰৰ মঙ্গল, আৰু আপোনাৰ যি আছে সকলোৰে মঙ্গল হওক। 7 মই শুনিলোঁ যে আপুনি নোম কটি আছে। আপোনাৰ মেৰৰখীয়াসকল আমাৰ লগত থাকোঁতে, আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল, তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল। 8 আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ, আপোনাৰ দাসবোৰক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।” 9 যেতিয়া দায়ূদৰ যুৱকসকলে গৈ, দায়ূদৰ হৈ নাবলক সেই সকলো কথা কৈ অপেক্ষা কৰিলে। 10 নাবলে উত্তৰ দি দায়ূদৰ দাসবোৰক ক’লে, “দায়ুদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে। 11 তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ মেৰ-ছাগৰ নোম-কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস, এনে মানুহক দিম নে যি সকল কৰ পৰা আহিছে মই নাজানো?” 12 তাতে দায়ূদৰ যুৱকসকলে তাৰ পৰা ঘূৰি আহিল, আৰু তেওঁ কোৱা সকলো কথা তেওঁক ক’লে। 13 দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল। 14 কিন্তু দাসবোৰৰ এজনে নাবলৰ ভাৰ্যা অবীগলক ক’লে, “দায়ূদে আমাৰ প্ৰভুক মঙ্গলবাদ কৰিবলৈ মৰুপ্ৰান্তৰ পৰা বাৰ্তাবাহকক পঠাইছিল, কিন্তু তেওঁ তেওঁলোকক অপমান কৰিলে। 15 কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল; আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ, আমাৰ কোনো অপকাৰ হোৱা নাছিল, আৰু একো হেৰোৱাও নাছিল। 16 আমি যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকি মেৰ ৰখিছিলোঁ, তেতিয়ালৈকে তেওঁলোক দিনে-ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল। 17 সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।” 18 তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা মেৰ-ছাগ, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে। 19 তেওঁ নিজৰ যুৱকজনক ক’লে, “তোমালোক মোৰ আগত যোৱা, আৰু মই তোমালোকৰ পাছত যাম।” কিন্তু তেওঁ নিজৰ স্ৱামী নাবলক হলে, এই বিষয়ে একো নক’লে। 20 তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ’ল, তাতে দায়ুদ আৰু তেওঁৰ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল, আৰু তেওঁ তেওঁলোকক লগ পালে। 21 দায়ূদে কৈছিল, “মৰুপ্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে, তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে। 22 বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক। 23 যেতিয়া অবীগলে দায়ূদক দেখিলে, গাধৰ পৰা বেগাই নামি দায়ূদৰ আগত মাটিলৈ মুখ কৰি পৰি প্ৰণিপাত কৰিলে। 24 আৰু তেওঁৰ ভৰিত পৰি ক’লে, “হে মোৰ প্ৰভু, মোৰ ওপৰতেই এই অপৰাধ পৰক; আৰু মই বিনয় কৰোঁ, আপোনাৰ দাসীক আপোনাৰ আগত কথা ক’বলৈ অনুমতি দিয়ক, আৰু আপোনাৰ দাসীৰ কথা শুনক। 25 মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল। 26 এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক। 27 আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে। 28 মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব। 29 আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব। 30 যিহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মঙ্গলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইস্ৰায়েলৰ ওপৰত অধিপতি নিযুক্ত কৰিব, 31 তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।” 32 দায়ূদে অবীগলক ক’লে, “আজি মোৰ লগত তোমাক সাক্ষাৎ কৰিবলৈ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক পঠালে, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য। 33 আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য। 34 কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।” 35 সেয়ে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।” 36 তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে। 37 ৰাতিপুৱা নাবলৰ দ্ৰাক্ষাৰসৰ নিচা শেষ হৈ যোৱাৰ পাছত তেওঁৰ ভাৰ্যাই তেওঁৰ আগত সেই সকলো কথা ক’লে, তেতিয়া তেওঁৰ অন্তৰ ঠৰ হৈ গ’ল আৰু তেওঁৰ হৃদয় শিলৰ দৰে হ’ল। 38 আৰু প্ৰায় দহ দিনমানৰ পাছত, যিহোৱাই নাবলক আঘাত কৰিলে অাৰু তেওঁৰ মৃত্যু হ’ল। 39 দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে। 40 যেতিয়া দায়ূদৰ দাস সকলে কৰ্মিলত থকা অবীগলৰ ওচৰলৈ গৈ তেওঁক ক’লে, “দায়ূদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে।” 41 তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসবোৰৰ ভৰি ধুৱাবলৈ যুগুত আছে।” 42 অবীগলে শীঘ্ৰে গাধত উঠি, নিজৰ পাঁচ জনী যুৱতী দাসীৰ সৈতে দায়ূদৰ বার্তাবাহকসকলৰ পাছত গ’ল, আৰু দায়ূদৰ ভাৰ্যা হ’ল। 43 দায়ূদে যিজ্ৰিয়েলীয়া অহীনোৱমকো বিয়া কৰিছিল; তাতে এই দুয়ো জনী তেওঁৰ ভাৰ্যা হ’ল। 44 কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম নিবাসী লয়িচৰ পুত্র পল্টিক দিছিল।

In Other Versions

1 Samuel 25 in the ANGEFD

1 Samuel 25 in the ANTPNG2D

1 Samuel 25 in the AS21

1 Samuel 25 in the BAGH

1 Samuel 25 in the BBPNG

1 Samuel 25 in the BBT1E

1 Samuel 25 in the BDS

1 Samuel 25 in the BEV

1 Samuel 25 in the BHAD

1 Samuel 25 in the BIB

1 Samuel 25 in the BLPT

1 Samuel 25 in the BNT

1 Samuel 25 in the BNTABOOT

1 Samuel 25 in the BNTLV

1 Samuel 25 in the BOATCB

1 Samuel 25 in the BOATCB2

1 Samuel 25 in the BOBCV

1 Samuel 25 in the BOCNT

1 Samuel 25 in the BOECS

1 Samuel 25 in the BOGWICC

1 Samuel 25 in the BOHCB

1 Samuel 25 in the BOHCV

1 Samuel 25 in the BOHLNT

1 Samuel 25 in the BOHNTLTAL

1 Samuel 25 in the BOICB

1 Samuel 25 in the BOILNTAP

1 Samuel 25 in the BOITCV

1 Samuel 25 in the BOKCV

1 Samuel 25 in the BOKCV2

1 Samuel 25 in the BOKHWOG

1 Samuel 25 in the BOKSSV

1 Samuel 25 in the BOLCB

1 Samuel 25 in the BOLCB2

1 Samuel 25 in the BOMCV

1 Samuel 25 in the BONAV

1 Samuel 25 in the BONCB

1 Samuel 25 in the BONLT

1 Samuel 25 in the BONUT2

1 Samuel 25 in the BOPLNT

1 Samuel 25 in the BOSCB

1 Samuel 25 in the BOSNC

1 Samuel 25 in the BOTLNT

1 Samuel 25 in the BOVCB

1 Samuel 25 in the BOYCB

1 Samuel 25 in the BPBB

1 Samuel 25 in the BPH

1 Samuel 25 in the BSB

1 Samuel 25 in the CCB

1 Samuel 25 in the CUV

1 Samuel 25 in the CUVS

1 Samuel 25 in the DBT

1 Samuel 25 in the DGDNT

1 Samuel 25 in the DHNT

1 Samuel 25 in the DNT

1 Samuel 25 in the ELBE

1 Samuel 25 in the EMTV

1 Samuel 25 in the ESV

1 Samuel 25 in the FBV

1 Samuel 25 in the FEB

1 Samuel 25 in the GGMNT

1 Samuel 25 in the GNT

1 Samuel 25 in the HARY

1 Samuel 25 in the HNT

1 Samuel 25 in the IRVB

1 Samuel 25 in the IRVG

1 Samuel 25 in the IRVH

1 Samuel 25 in the IRVK

1 Samuel 25 in the IRVM

1 Samuel 25 in the IRVM2

1 Samuel 25 in the IRVO

1 Samuel 25 in the IRVP

1 Samuel 25 in the IRVT

1 Samuel 25 in the IRVT2

1 Samuel 25 in the IRVU

1 Samuel 25 in the ISVN

1 Samuel 25 in the JSNT

1 Samuel 25 in the KAPI

1 Samuel 25 in the KBT1ETNIK

1 Samuel 25 in the KBV

1 Samuel 25 in the KJV

1 Samuel 25 in the KNFD

1 Samuel 25 in the LBA

1 Samuel 25 in the LBLA

1 Samuel 25 in the LNT

1 Samuel 25 in the LSV

1 Samuel 25 in the MAAL

1 Samuel 25 in the MBV

1 Samuel 25 in the MBV2

1 Samuel 25 in the MHNT

1 Samuel 25 in the MKNFD

1 Samuel 25 in the MNG

1 Samuel 25 in the MNT

1 Samuel 25 in the MNT2

1 Samuel 25 in the MRS1T

1 Samuel 25 in the NAA

1 Samuel 25 in the NASB

1 Samuel 25 in the NBLA

1 Samuel 25 in the NBS

1 Samuel 25 in the NBVTP

1 Samuel 25 in the NET2

1 Samuel 25 in the NIV11

1 Samuel 25 in the NNT

1 Samuel 25 in the NNT2

1 Samuel 25 in the NNT3

1 Samuel 25 in the PDDPT

1 Samuel 25 in the PFNT

1 Samuel 25 in the RMNT

1 Samuel 25 in the SBIAS

1 Samuel 25 in the SBIBS

1 Samuel 25 in the SBIBS2

1 Samuel 25 in the SBICS

1 Samuel 25 in the SBIDS

1 Samuel 25 in the SBIGS

1 Samuel 25 in the SBIHS

1 Samuel 25 in the SBIIS

1 Samuel 25 in the SBIIS2

1 Samuel 25 in the SBIIS3

1 Samuel 25 in the SBIKS

1 Samuel 25 in the SBIKS2

1 Samuel 25 in the SBIMS

1 Samuel 25 in the SBIOS

1 Samuel 25 in the SBIPS

1 Samuel 25 in the SBISS

1 Samuel 25 in the SBITS

1 Samuel 25 in the SBITS2

1 Samuel 25 in the SBITS3

1 Samuel 25 in the SBITS4

1 Samuel 25 in the SBIUS

1 Samuel 25 in the SBIVS

1 Samuel 25 in the SBT

1 Samuel 25 in the SBT1E

1 Samuel 25 in the SCHL

1 Samuel 25 in the SNT

1 Samuel 25 in the SUSU

1 Samuel 25 in the SUSU2

1 Samuel 25 in the SYNO

1 Samuel 25 in the TBIAOTANT

1 Samuel 25 in the TBT1E

1 Samuel 25 in the TBT1E2

1 Samuel 25 in the TFTIP

1 Samuel 25 in the TFTU

1 Samuel 25 in the TGNTATF3T

1 Samuel 25 in the THAI

1 Samuel 25 in the TNFD

1 Samuel 25 in the TNT

1 Samuel 25 in the TNTIK

1 Samuel 25 in the TNTIL

1 Samuel 25 in the TNTIN

1 Samuel 25 in the TNTIP

1 Samuel 25 in the TNTIZ

1 Samuel 25 in the TOMA

1 Samuel 25 in the TTENT

1 Samuel 25 in the UBG

1 Samuel 25 in the UGV

1 Samuel 25 in the UGV2

1 Samuel 25 in the UGV3

1 Samuel 25 in the VBL

1 Samuel 25 in the VDCC

1 Samuel 25 in the YALU

1 Samuel 25 in the YAPE

1 Samuel 25 in the YBVTP

1 Samuel 25 in the ZBP