2 Chronicles 33 (IRVA)

1 মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে। 2 আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে। 3 কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে। 4 আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে। 5 এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে। 6 আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে। 7 আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম; 8 আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।” 9 তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে। 10 আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে। 11 এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল। 12 তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে। 13 তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে। 14 তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে। 15 আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে। 16 তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে। 17 তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল। 18 চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত, নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁৰ আগত কোৱা দৰ্শকসকলৰ বাক্য, ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। 19 আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে। 20 পাছত মনচি তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে৷ তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল। 21 আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে। 22 তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে। 23 আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে। 24 পাছত তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে। 25 কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে; আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোচিয়াক তেওঁৰ পদত ৰজা পাতিলে।

In Other Versions

2 Chronicles 33 in the ANGEFD

2 Chronicles 33 in the ANTPNG2D

2 Chronicles 33 in the AS21

2 Chronicles 33 in the BAGH

2 Chronicles 33 in the BBPNG

2 Chronicles 33 in the BBT1E

2 Chronicles 33 in the BDS

2 Chronicles 33 in the BEV

2 Chronicles 33 in the BHAD

2 Chronicles 33 in the BIB

2 Chronicles 33 in the BLPT

2 Chronicles 33 in the BNT

2 Chronicles 33 in the BNTABOOT

2 Chronicles 33 in the BNTLV

2 Chronicles 33 in the BOATCB

2 Chronicles 33 in the BOATCB2

2 Chronicles 33 in the BOBCV

2 Chronicles 33 in the BOCNT

2 Chronicles 33 in the BOECS

2 Chronicles 33 in the BOGWICC

2 Chronicles 33 in the BOHCB

2 Chronicles 33 in the BOHCV

2 Chronicles 33 in the BOHLNT

2 Chronicles 33 in the BOHNTLTAL

2 Chronicles 33 in the BOICB

2 Chronicles 33 in the BOILNTAP

2 Chronicles 33 in the BOITCV

2 Chronicles 33 in the BOKCV

2 Chronicles 33 in the BOKCV2

2 Chronicles 33 in the BOKHWOG

2 Chronicles 33 in the BOKSSV

2 Chronicles 33 in the BOLCB

2 Chronicles 33 in the BOLCB2

2 Chronicles 33 in the BOMCV

2 Chronicles 33 in the BONAV

2 Chronicles 33 in the BONCB

2 Chronicles 33 in the BONLT

2 Chronicles 33 in the BONUT2

2 Chronicles 33 in the BOPLNT

2 Chronicles 33 in the BOSCB

2 Chronicles 33 in the BOSNC

2 Chronicles 33 in the BOTLNT

2 Chronicles 33 in the BOVCB

2 Chronicles 33 in the BOYCB

2 Chronicles 33 in the BPBB

2 Chronicles 33 in the BPH

2 Chronicles 33 in the BSB

2 Chronicles 33 in the CCB

2 Chronicles 33 in the CUV

2 Chronicles 33 in the CUVS

2 Chronicles 33 in the DBT

2 Chronicles 33 in the DGDNT

2 Chronicles 33 in the DHNT

2 Chronicles 33 in the DNT

2 Chronicles 33 in the ELBE

2 Chronicles 33 in the EMTV

2 Chronicles 33 in the ESV

2 Chronicles 33 in the FBV

2 Chronicles 33 in the FEB

2 Chronicles 33 in the GGMNT

2 Chronicles 33 in the GNT

2 Chronicles 33 in the HARY

2 Chronicles 33 in the HNT

2 Chronicles 33 in the IRVB

2 Chronicles 33 in the IRVG

2 Chronicles 33 in the IRVH

2 Chronicles 33 in the IRVK

2 Chronicles 33 in the IRVM

2 Chronicles 33 in the IRVM2

2 Chronicles 33 in the IRVO

2 Chronicles 33 in the IRVP

2 Chronicles 33 in the IRVT

2 Chronicles 33 in the IRVT2

2 Chronicles 33 in the IRVU

2 Chronicles 33 in the ISVN

2 Chronicles 33 in the JSNT

2 Chronicles 33 in the KAPI

2 Chronicles 33 in the KBT1ETNIK

2 Chronicles 33 in the KBV

2 Chronicles 33 in the KJV

2 Chronicles 33 in the KNFD

2 Chronicles 33 in the LBA

2 Chronicles 33 in the LBLA

2 Chronicles 33 in the LNT

2 Chronicles 33 in the LSV

2 Chronicles 33 in the MAAL

2 Chronicles 33 in the MBV

2 Chronicles 33 in the MBV2

2 Chronicles 33 in the MHNT

2 Chronicles 33 in the MKNFD

2 Chronicles 33 in the MNG

2 Chronicles 33 in the MNT

2 Chronicles 33 in the MNT2

2 Chronicles 33 in the MRS1T

2 Chronicles 33 in the NAA

2 Chronicles 33 in the NASB

2 Chronicles 33 in the NBLA

2 Chronicles 33 in the NBS

2 Chronicles 33 in the NBVTP

2 Chronicles 33 in the NET2

2 Chronicles 33 in the NIV11

2 Chronicles 33 in the NNT

2 Chronicles 33 in the NNT2

2 Chronicles 33 in the NNT3

2 Chronicles 33 in the PDDPT

2 Chronicles 33 in the PFNT

2 Chronicles 33 in the RMNT

2 Chronicles 33 in the SBIAS

2 Chronicles 33 in the SBIBS

2 Chronicles 33 in the SBIBS2

2 Chronicles 33 in the SBICS

2 Chronicles 33 in the SBIDS

2 Chronicles 33 in the SBIGS

2 Chronicles 33 in the SBIHS

2 Chronicles 33 in the SBIIS

2 Chronicles 33 in the SBIIS2

2 Chronicles 33 in the SBIIS3

2 Chronicles 33 in the SBIKS

2 Chronicles 33 in the SBIKS2

2 Chronicles 33 in the SBIMS

2 Chronicles 33 in the SBIOS

2 Chronicles 33 in the SBIPS

2 Chronicles 33 in the SBISS

2 Chronicles 33 in the SBITS

2 Chronicles 33 in the SBITS2

2 Chronicles 33 in the SBITS3

2 Chronicles 33 in the SBITS4

2 Chronicles 33 in the SBIUS

2 Chronicles 33 in the SBIVS

2 Chronicles 33 in the SBT

2 Chronicles 33 in the SBT1E

2 Chronicles 33 in the SCHL

2 Chronicles 33 in the SNT

2 Chronicles 33 in the SUSU

2 Chronicles 33 in the SUSU2

2 Chronicles 33 in the SYNO

2 Chronicles 33 in the TBIAOTANT

2 Chronicles 33 in the TBT1E

2 Chronicles 33 in the TBT1E2

2 Chronicles 33 in the TFTIP

2 Chronicles 33 in the TFTU

2 Chronicles 33 in the TGNTATF3T

2 Chronicles 33 in the THAI

2 Chronicles 33 in the TNFD

2 Chronicles 33 in the TNT

2 Chronicles 33 in the TNTIK

2 Chronicles 33 in the TNTIL

2 Chronicles 33 in the TNTIN

2 Chronicles 33 in the TNTIP

2 Chronicles 33 in the TNTIZ

2 Chronicles 33 in the TOMA

2 Chronicles 33 in the TTENT

2 Chronicles 33 in the UBG

2 Chronicles 33 in the UGV

2 Chronicles 33 in the UGV2

2 Chronicles 33 in the UGV3

2 Chronicles 33 in the VBL

2 Chronicles 33 in the VDCC

2 Chronicles 33 in the YALU

2 Chronicles 33 in the YAPE

2 Chronicles 33 in the YBVTP

2 Chronicles 33 in the ZBP