2 Samuel 20 (IRVA)

1 সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।” 2 গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল। 3 পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল। 4 তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।” 5 তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল। 6 তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।” 7 তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল। 8 যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল। 9 তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷ 10 অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল।তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল। 11 তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।” 12 তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে। 13 যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল। 14 পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল। 15 তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে। 16 তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷” 17 তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।” 18 তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব। 19 আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?” 20 তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক। 21 এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।” 22 তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷ 23 সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ 24 অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস লিখক আছিল৷ 25 চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল। 26 আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।

In Other Versions

2 Samuel 20 in the ANGEFD

2 Samuel 20 in the ANTPNG2D

2 Samuel 20 in the AS21

2 Samuel 20 in the BAGH

2 Samuel 20 in the BBPNG

2 Samuel 20 in the BBT1E

2 Samuel 20 in the BDS

2 Samuel 20 in the BEV

2 Samuel 20 in the BHAD

2 Samuel 20 in the BIB

2 Samuel 20 in the BLPT

2 Samuel 20 in the BNT

2 Samuel 20 in the BNTABOOT

2 Samuel 20 in the BNTLV

2 Samuel 20 in the BOATCB

2 Samuel 20 in the BOATCB2

2 Samuel 20 in the BOBCV

2 Samuel 20 in the BOCNT

2 Samuel 20 in the BOECS

2 Samuel 20 in the BOGWICC

2 Samuel 20 in the BOHCB

2 Samuel 20 in the BOHCV

2 Samuel 20 in the BOHLNT

2 Samuel 20 in the BOHNTLTAL

2 Samuel 20 in the BOICB

2 Samuel 20 in the BOILNTAP

2 Samuel 20 in the BOITCV

2 Samuel 20 in the BOKCV

2 Samuel 20 in the BOKCV2

2 Samuel 20 in the BOKHWOG

2 Samuel 20 in the BOKSSV

2 Samuel 20 in the BOLCB

2 Samuel 20 in the BOLCB2

2 Samuel 20 in the BOMCV

2 Samuel 20 in the BONAV

2 Samuel 20 in the BONCB

2 Samuel 20 in the BONLT

2 Samuel 20 in the BONUT2

2 Samuel 20 in the BOPLNT

2 Samuel 20 in the BOSCB

2 Samuel 20 in the BOSNC

2 Samuel 20 in the BOTLNT

2 Samuel 20 in the BOVCB

2 Samuel 20 in the BOYCB

2 Samuel 20 in the BPBB

2 Samuel 20 in the BPH

2 Samuel 20 in the BSB

2 Samuel 20 in the CCB

2 Samuel 20 in the CUV

2 Samuel 20 in the CUVS

2 Samuel 20 in the DBT

2 Samuel 20 in the DGDNT

2 Samuel 20 in the DHNT

2 Samuel 20 in the DNT

2 Samuel 20 in the ELBE

2 Samuel 20 in the EMTV

2 Samuel 20 in the ESV

2 Samuel 20 in the FBV

2 Samuel 20 in the FEB

2 Samuel 20 in the GGMNT

2 Samuel 20 in the GNT

2 Samuel 20 in the HARY

2 Samuel 20 in the HNT

2 Samuel 20 in the IRVB

2 Samuel 20 in the IRVG

2 Samuel 20 in the IRVH

2 Samuel 20 in the IRVK

2 Samuel 20 in the IRVM

2 Samuel 20 in the IRVM2

2 Samuel 20 in the IRVO

2 Samuel 20 in the IRVP

2 Samuel 20 in the IRVT

2 Samuel 20 in the IRVT2

2 Samuel 20 in the IRVU

2 Samuel 20 in the ISVN

2 Samuel 20 in the JSNT

2 Samuel 20 in the KAPI

2 Samuel 20 in the KBT1ETNIK

2 Samuel 20 in the KBV

2 Samuel 20 in the KJV

2 Samuel 20 in the KNFD

2 Samuel 20 in the LBA

2 Samuel 20 in the LBLA

2 Samuel 20 in the LNT

2 Samuel 20 in the LSV

2 Samuel 20 in the MAAL

2 Samuel 20 in the MBV

2 Samuel 20 in the MBV2

2 Samuel 20 in the MHNT

2 Samuel 20 in the MKNFD

2 Samuel 20 in the MNG

2 Samuel 20 in the MNT

2 Samuel 20 in the MNT2

2 Samuel 20 in the MRS1T

2 Samuel 20 in the NAA

2 Samuel 20 in the NASB

2 Samuel 20 in the NBLA

2 Samuel 20 in the NBS

2 Samuel 20 in the NBVTP

2 Samuel 20 in the NET2

2 Samuel 20 in the NIV11

2 Samuel 20 in the NNT

2 Samuel 20 in the NNT2

2 Samuel 20 in the NNT3

2 Samuel 20 in the PDDPT

2 Samuel 20 in the PFNT

2 Samuel 20 in the RMNT

2 Samuel 20 in the SBIAS

2 Samuel 20 in the SBIBS

2 Samuel 20 in the SBIBS2

2 Samuel 20 in the SBICS

2 Samuel 20 in the SBIDS

2 Samuel 20 in the SBIGS

2 Samuel 20 in the SBIHS

2 Samuel 20 in the SBIIS

2 Samuel 20 in the SBIIS2

2 Samuel 20 in the SBIIS3

2 Samuel 20 in the SBIKS

2 Samuel 20 in the SBIKS2

2 Samuel 20 in the SBIMS

2 Samuel 20 in the SBIOS

2 Samuel 20 in the SBIPS

2 Samuel 20 in the SBISS

2 Samuel 20 in the SBITS

2 Samuel 20 in the SBITS2

2 Samuel 20 in the SBITS3

2 Samuel 20 in the SBITS4

2 Samuel 20 in the SBIUS

2 Samuel 20 in the SBIVS

2 Samuel 20 in the SBT

2 Samuel 20 in the SBT1E

2 Samuel 20 in the SCHL

2 Samuel 20 in the SNT

2 Samuel 20 in the SUSU

2 Samuel 20 in the SUSU2

2 Samuel 20 in the SYNO

2 Samuel 20 in the TBIAOTANT

2 Samuel 20 in the TBT1E

2 Samuel 20 in the TBT1E2

2 Samuel 20 in the TFTIP

2 Samuel 20 in the TFTU

2 Samuel 20 in the TGNTATF3T

2 Samuel 20 in the THAI

2 Samuel 20 in the TNFD

2 Samuel 20 in the TNT

2 Samuel 20 in the TNTIK

2 Samuel 20 in the TNTIL

2 Samuel 20 in the TNTIN

2 Samuel 20 in the TNTIP

2 Samuel 20 in the TNTIZ

2 Samuel 20 in the TOMA

2 Samuel 20 in the TTENT

2 Samuel 20 in the UBG

2 Samuel 20 in the UGV

2 Samuel 20 in the UGV2

2 Samuel 20 in the UGV3

2 Samuel 20 in the VBL

2 Samuel 20 in the VDCC

2 Samuel 20 in the YALU

2 Samuel 20 in the YAPE

2 Samuel 20 in the YBVTP

2 Samuel 20 in the ZBP