Deuteronomy 28 (IRVA)

1 আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব। 2 আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব। 3 আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্ব্বাদ পাব। 4 আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাব। 5 আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব। 6 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্ব্বাদ পাব। 7 যিহোৱাই আপোনালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক আপোনালোকৰ আগত ঘটুৱাব; সিহঁতে তেওঁলোকে এক বাটদি আপোনালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব। 8 যিহোৱাই আপোনালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত আপোনালোকে হাত দিব, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; আপোনালোকক যি দেশ দিব, তাত তেওঁ আপোনালোকক আশীৰ্ব্বাদ কৰিব। 9 আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰে আৰু তেওঁৰ পথত চলে, তেন্তে যিহোৱাই আপোনালোকৰ আগত শপত কৰাৰ দৰে, আপোনালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে স্থিৰ কৰিব। 10 তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব। 11 যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব। 12 আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব। 13 যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে, 14 আৰু দেৱতাবোৰৰ সেৱাপূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে আপোনালোকে সেই আশীর্বাদ পাব। 15 কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব। 16 আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে শাও পাব। 17 আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব। 18 আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব। 19 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে শাও পাব। 20 আপোনালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায়, তেতিয়ালৈকে যিহোৱাই আপোনালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব। 21 আপোনালোকৰ অধিকাৰৰ অৰ্থে যি দেশত সোমাবলৈ গৈছে সেই দেশৰ পৰা যিহোৱাই আপোনালোকক উচ্ছন্ন নকৰেমানে আপোনালোকৰ মাজত মহামাৰী লাগিয়েই থাকিব। 22 সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব। 23 আপোনালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব। 24 যিহোৱাই আপোনালোকৰ দেশত বৰষুণৰ সলনি ধুলি আৰু বালি বৰষাব; আপোনালোক বিনষ্ট নোহোৱালৈকে, সেইবোৰ আকাশৰ পৰা আপোনালোকৰ ওপৰত পৰি থাকিব। 25 যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব। 26 আপোনালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব। 27 যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব। 28 যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব। 29 অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন-দুপৰতে খপিয়াই ফুৰিব; আপোনালোকৰ কোনো কাৰ্যই সফল নহব; আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। 30 আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব। 31 অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব। 32 আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব। 33 আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব; 34 তেতিয়া, আপোনালোকে চকুৰে যি দেখিব, তাৰ কাৰণেই আপোনালোক মানসিক বিকাৰগ্রস্ত হ’ব। 35 যিহোৱাই আপোনালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে আপোনালোকক আক্রান্ত কৰিব। 36 যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব। 37 যিহোৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেইসকলৰ মাজত আপোনালোক এক ত্রাস, প্রবাদ আৰু বিদ্ৰূপৰ বিষয় হ’ব। 38 আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব। 39 আপোনালোকে দ্ৰাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল’ব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব; কিয়নো পোকে তাক খাই পেলাব। 40 আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব; কিয়নো তাৰ ফল সৰি যাব। 41 আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব। 42 আপোনালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জকে জাকে ফৰিঙে আহি ভোগ কৰিব। 43 আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব। 44 তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’ব। 45 এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। আপোনালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে আপোনালোকৰ পাছ নেৰিব। 46 এই শাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব। 47 কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে। 48 এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব। 49 যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব। 50 সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব। 51 আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, আপোনালোকৰ পশুবোৰৰ বা মেৰ-ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব। 52 তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব। 53 অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব। 54 সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি এনেৰূপ নিষ্ঠুৰ হৈ উঠিব। 55 নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া আপোনালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত আপোনালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব। 56 আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব। 57 সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তানসকললৈও তেওঁ নিষ্ঠুৰ হ’ব; আপোনালোকক অৱৰোধ কৰাৰ সময়ত আপোনালোকৰ শত্রুসকলে যেতিয়া আপোনালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব। 58 ‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে, 59 তেন্তে যিহোৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব। 60 মিচৰ দেশত যি সকলো ৰোগ দেখি আপোনালোকে ভয় কৰিছিল, তেওঁ সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে আপোনালোকক নেৰিব। 61 তাৰ বাহিৰেও, আপোনালোক বিনষ্ট নোহোৱালৈকে যিহোৱাই এনে সকলো ৰোগ আৰু মহামাৰী আপোনালোকৰ ওপৰলৈ আনিব, যি এই ব্যৱস্থা-পুস্তকত লিখা হোৱা নাই। 62 আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, আপোনালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব। 63 আপোনালোকৰ মঙ্গল ও আপোনালোকক বৃদ্ধি কৰিবলৈ যেনেকৈ যিহোৱাই আনন্দ কৰিছিল, তেনেকৈ আপোনালোকক বিনষ্ট কৰি নাশ কৰিবলৈ যিহোৱাই আপোনালোকত আনন্দ কৰিব। যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশৰ পৰা আপোনালোকক উঘলা যাব। 64 তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব। 65 সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব; 66 আপোনালোকৰ আগত আপোনালোকৰ জীৱন সন্দেহৰ সূতাত ছিগো-ছিগোহৈ ওলমি থাকিব আৰু দিনে-ৰাতিয়ে ভয় ভাৱেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব। 67 আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব। 68 মিচৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ ‘আপোনালোকে পুনৰ মিচৰৰ পথ নেদেখিব।’ কিন্তু যিহোৱাই আপোনালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব।

In Other Versions

Deuteronomy 28 in the ANGEFD

Deuteronomy 28 in the ANTPNG2D

Deuteronomy 28 in the AS21

Deuteronomy 28 in the BAGH

Deuteronomy 28 in the BBPNG

Deuteronomy 28 in the BBT1E

Deuteronomy 28 in the BDS

Deuteronomy 28 in the BEV

Deuteronomy 28 in the BHAD

Deuteronomy 28 in the BIB

Deuteronomy 28 in the BLPT

Deuteronomy 28 in the BNT

Deuteronomy 28 in the BNTABOOT

Deuteronomy 28 in the BNTLV

Deuteronomy 28 in the BOATCB

Deuteronomy 28 in the BOATCB2

Deuteronomy 28 in the BOBCV

Deuteronomy 28 in the BOCNT

Deuteronomy 28 in the BOECS

Deuteronomy 28 in the BOGWICC

Deuteronomy 28 in the BOHCB

Deuteronomy 28 in the BOHCV

Deuteronomy 28 in the BOHLNT

Deuteronomy 28 in the BOHNTLTAL

Deuteronomy 28 in the BOICB

Deuteronomy 28 in the BOILNTAP

Deuteronomy 28 in the BOITCV

Deuteronomy 28 in the BOKCV

Deuteronomy 28 in the BOKCV2

Deuteronomy 28 in the BOKHWOG

Deuteronomy 28 in the BOKSSV

Deuteronomy 28 in the BOLCB

Deuteronomy 28 in the BOLCB2

Deuteronomy 28 in the BOMCV

Deuteronomy 28 in the BONAV

Deuteronomy 28 in the BONCB

Deuteronomy 28 in the BONLT

Deuteronomy 28 in the BONUT2

Deuteronomy 28 in the BOPLNT

Deuteronomy 28 in the BOSCB

Deuteronomy 28 in the BOSNC

Deuteronomy 28 in the BOTLNT

Deuteronomy 28 in the BOVCB

Deuteronomy 28 in the BOYCB

Deuteronomy 28 in the BPBB

Deuteronomy 28 in the BPH

Deuteronomy 28 in the BSB

Deuteronomy 28 in the CCB

Deuteronomy 28 in the CUV

Deuteronomy 28 in the CUVS

Deuteronomy 28 in the DBT

Deuteronomy 28 in the DGDNT

Deuteronomy 28 in the DHNT

Deuteronomy 28 in the DNT

Deuteronomy 28 in the ELBE

Deuteronomy 28 in the EMTV

Deuteronomy 28 in the ESV

Deuteronomy 28 in the FBV

Deuteronomy 28 in the FEB

Deuteronomy 28 in the GGMNT

Deuteronomy 28 in the GNT

Deuteronomy 28 in the HARY

Deuteronomy 28 in the HNT

Deuteronomy 28 in the IRVB

Deuteronomy 28 in the IRVG

Deuteronomy 28 in the IRVH

Deuteronomy 28 in the IRVK

Deuteronomy 28 in the IRVM

Deuteronomy 28 in the IRVM2

Deuteronomy 28 in the IRVO

Deuteronomy 28 in the IRVP

Deuteronomy 28 in the IRVT

Deuteronomy 28 in the IRVT2

Deuteronomy 28 in the IRVU

Deuteronomy 28 in the ISVN

Deuteronomy 28 in the JSNT

Deuteronomy 28 in the KAPI

Deuteronomy 28 in the KBT1ETNIK

Deuteronomy 28 in the KBV

Deuteronomy 28 in the KJV

Deuteronomy 28 in the KNFD

Deuteronomy 28 in the LBA

Deuteronomy 28 in the LBLA

Deuteronomy 28 in the LNT

Deuteronomy 28 in the LSV

Deuteronomy 28 in the MAAL

Deuteronomy 28 in the MBV

Deuteronomy 28 in the MBV2

Deuteronomy 28 in the MHNT

Deuteronomy 28 in the MKNFD

Deuteronomy 28 in the MNG

Deuteronomy 28 in the MNT

Deuteronomy 28 in the MNT2

Deuteronomy 28 in the MRS1T

Deuteronomy 28 in the NAA

Deuteronomy 28 in the NASB

Deuteronomy 28 in the NBLA

Deuteronomy 28 in the NBS

Deuteronomy 28 in the NBVTP

Deuteronomy 28 in the NET2

Deuteronomy 28 in the NIV11

Deuteronomy 28 in the NNT

Deuteronomy 28 in the NNT2

Deuteronomy 28 in the NNT3

Deuteronomy 28 in the PDDPT

Deuteronomy 28 in the PFNT

Deuteronomy 28 in the RMNT

Deuteronomy 28 in the SBIAS

Deuteronomy 28 in the SBIBS

Deuteronomy 28 in the SBIBS2

Deuteronomy 28 in the SBICS

Deuteronomy 28 in the SBIDS

Deuteronomy 28 in the SBIGS

Deuteronomy 28 in the SBIHS

Deuteronomy 28 in the SBIIS

Deuteronomy 28 in the SBIIS2

Deuteronomy 28 in the SBIIS3

Deuteronomy 28 in the SBIKS

Deuteronomy 28 in the SBIKS2

Deuteronomy 28 in the SBIMS

Deuteronomy 28 in the SBIOS

Deuteronomy 28 in the SBIPS

Deuteronomy 28 in the SBISS

Deuteronomy 28 in the SBITS

Deuteronomy 28 in the SBITS2

Deuteronomy 28 in the SBITS3

Deuteronomy 28 in the SBITS4

Deuteronomy 28 in the SBIUS

Deuteronomy 28 in the SBIVS

Deuteronomy 28 in the SBT

Deuteronomy 28 in the SBT1E

Deuteronomy 28 in the SCHL

Deuteronomy 28 in the SNT

Deuteronomy 28 in the SUSU

Deuteronomy 28 in the SUSU2

Deuteronomy 28 in the SYNO

Deuteronomy 28 in the TBIAOTANT

Deuteronomy 28 in the TBT1E

Deuteronomy 28 in the TBT1E2

Deuteronomy 28 in the TFTIP

Deuteronomy 28 in the TFTU

Deuteronomy 28 in the TGNTATF3T

Deuteronomy 28 in the THAI

Deuteronomy 28 in the TNFD

Deuteronomy 28 in the TNT

Deuteronomy 28 in the TNTIK

Deuteronomy 28 in the TNTIL

Deuteronomy 28 in the TNTIN

Deuteronomy 28 in the TNTIP

Deuteronomy 28 in the TNTIZ

Deuteronomy 28 in the TOMA

Deuteronomy 28 in the TTENT

Deuteronomy 28 in the UBG

Deuteronomy 28 in the UGV

Deuteronomy 28 in the UGV2

Deuteronomy 28 in the UGV3

Deuteronomy 28 in the VBL

Deuteronomy 28 in the VDCC

Deuteronomy 28 in the YALU

Deuteronomy 28 in the YAPE

Deuteronomy 28 in the YBVTP

Deuteronomy 28 in the ZBP