Hebrews 11 (IRVA)

1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। 2 কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে। 3 বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। 4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে। 5 বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে। 6 কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। 7 বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল। 8 ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল। 9 এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল; 10 কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল। 11 বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল। 12 এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল। 13 সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল। 14 কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে। 15 তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন। 16 কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। 17 অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উ‌‌ৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে, 18 যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷” 19 কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও। 20 বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে। 21 বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে। 22 বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে। 23 মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে। 24 বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে; 25 কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে, 26 আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল। 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল। 28 আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। 29 বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল। 30 বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল। 31 বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল। 32 আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে; 33 তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, 34 তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে। 35 তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল। 36 আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; 37 তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল; 38 (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল; 39 এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে; 40 কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।

In Other Versions

Hebrews 11 in the ANGEFD

Hebrews 11 in the ANTPNG2D

Hebrews 11 in the AS21

Hebrews 11 in the BAGH

Hebrews 11 in the BBPNG

Hebrews 11 in the BBT1E

Hebrews 11 in the BDS

Hebrews 11 in the BEV

Hebrews 11 in the BHAD

Hebrews 11 in the BIB

Hebrews 11 in the BLPT

Hebrews 11 in the BNT

Hebrews 11 in the BNTABOOT

Hebrews 11 in the BNTLV

Hebrews 11 in the BOATCB

Hebrews 11 in the BOATCB2

Hebrews 11 in the BOBCV

Hebrews 11 in the BOCNT

Hebrews 11 in the BOECS

Hebrews 11 in the BOGWICC

Hebrews 11 in the BOHCB

Hebrews 11 in the BOHCV

Hebrews 11 in the BOHLNT

Hebrews 11 in the BOHNTLTAL

Hebrews 11 in the BOICB

Hebrews 11 in the BOILNTAP

Hebrews 11 in the BOITCV

Hebrews 11 in the BOKCV

Hebrews 11 in the BOKCV2

Hebrews 11 in the BOKHWOG

Hebrews 11 in the BOKSSV

Hebrews 11 in the BOLCB

Hebrews 11 in the BOLCB2

Hebrews 11 in the BOMCV

Hebrews 11 in the BONAV

Hebrews 11 in the BONCB

Hebrews 11 in the BONLT

Hebrews 11 in the BONUT2

Hebrews 11 in the BOPLNT

Hebrews 11 in the BOSCB

Hebrews 11 in the BOSNC

Hebrews 11 in the BOTLNT

Hebrews 11 in the BOVCB

Hebrews 11 in the BOYCB

Hebrews 11 in the BPBB

Hebrews 11 in the BPH

Hebrews 11 in the BSB

Hebrews 11 in the CCB

Hebrews 11 in the CUV

Hebrews 11 in the CUVS

Hebrews 11 in the DBT

Hebrews 11 in the DGDNT

Hebrews 11 in the DHNT

Hebrews 11 in the DNT

Hebrews 11 in the ELBE

Hebrews 11 in the EMTV

Hebrews 11 in the ESV

Hebrews 11 in the FBV

Hebrews 11 in the FEB

Hebrews 11 in the GGMNT

Hebrews 11 in the GNT

Hebrews 11 in the HARY

Hebrews 11 in the HNT

Hebrews 11 in the IRVB

Hebrews 11 in the IRVG

Hebrews 11 in the IRVH

Hebrews 11 in the IRVK

Hebrews 11 in the IRVM

Hebrews 11 in the IRVM2

Hebrews 11 in the IRVO

Hebrews 11 in the IRVP

Hebrews 11 in the IRVT

Hebrews 11 in the IRVT2

Hebrews 11 in the IRVU

Hebrews 11 in the ISVN

Hebrews 11 in the JSNT

Hebrews 11 in the KAPI

Hebrews 11 in the KBT1ETNIK

Hebrews 11 in the KBV

Hebrews 11 in the KJV

Hebrews 11 in the KNFD

Hebrews 11 in the LBA

Hebrews 11 in the LBLA

Hebrews 11 in the LNT

Hebrews 11 in the LSV

Hebrews 11 in the MAAL

Hebrews 11 in the MBV

Hebrews 11 in the MBV2

Hebrews 11 in the MHNT

Hebrews 11 in the MKNFD

Hebrews 11 in the MNG

Hebrews 11 in the MNT

Hebrews 11 in the MNT2

Hebrews 11 in the MRS1T

Hebrews 11 in the NAA

Hebrews 11 in the NASB

Hebrews 11 in the NBLA

Hebrews 11 in the NBS

Hebrews 11 in the NBVTP

Hebrews 11 in the NET2

Hebrews 11 in the NIV11

Hebrews 11 in the NNT

Hebrews 11 in the NNT2

Hebrews 11 in the NNT3

Hebrews 11 in the PDDPT

Hebrews 11 in the PFNT

Hebrews 11 in the RMNT

Hebrews 11 in the SBIAS

Hebrews 11 in the SBIBS

Hebrews 11 in the SBIBS2

Hebrews 11 in the SBICS

Hebrews 11 in the SBIDS

Hebrews 11 in the SBIGS

Hebrews 11 in the SBIHS

Hebrews 11 in the SBIIS

Hebrews 11 in the SBIIS2

Hebrews 11 in the SBIIS3

Hebrews 11 in the SBIKS

Hebrews 11 in the SBIKS2

Hebrews 11 in the SBIMS

Hebrews 11 in the SBIOS

Hebrews 11 in the SBIPS

Hebrews 11 in the SBISS

Hebrews 11 in the SBITS

Hebrews 11 in the SBITS2

Hebrews 11 in the SBITS3

Hebrews 11 in the SBITS4

Hebrews 11 in the SBIUS

Hebrews 11 in the SBIVS

Hebrews 11 in the SBT

Hebrews 11 in the SBT1E

Hebrews 11 in the SCHL

Hebrews 11 in the SNT

Hebrews 11 in the SUSU

Hebrews 11 in the SUSU2

Hebrews 11 in the SYNO

Hebrews 11 in the TBIAOTANT

Hebrews 11 in the TBT1E

Hebrews 11 in the TBT1E2

Hebrews 11 in the TFTIP

Hebrews 11 in the TFTU

Hebrews 11 in the TGNTATF3T

Hebrews 11 in the THAI

Hebrews 11 in the TNFD

Hebrews 11 in the TNT

Hebrews 11 in the TNTIK

Hebrews 11 in the TNTIL

Hebrews 11 in the TNTIN

Hebrews 11 in the TNTIP

Hebrews 11 in the TNTIZ

Hebrews 11 in the TOMA

Hebrews 11 in the TTENT

Hebrews 11 in the UBG

Hebrews 11 in the UGV

Hebrews 11 in the UGV2

Hebrews 11 in the UGV3

Hebrews 11 in the VBL

Hebrews 11 in the VDCC

Hebrews 11 in the YALU

Hebrews 11 in the YAPE

Hebrews 11 in the YBVTP

Hebrews 11 in the ZBP