Hosea 12 (IRVA)
1 ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়। 2 যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে;তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব। 3 গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল;বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল। 4 তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল;তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল;তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল;সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল। 5 তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম। 6 এতিয়া হে যাকোবৰ বংশ,তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ।প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা। 7 যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী;তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে;তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়। 8 ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ,নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ;মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’ 9 কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা।মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ।তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম। 10 মই ভাববাদীসকলৰ আগত কথা কলোঁ,অনেক দৰ্শন দিলোঁ;তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো। 11 গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ।গিলগলত লোকসকলে বলধ উৎসর্গ কৰে;তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব। 12 যাকোব অৰাম দেশলৈ পলাই গৈছিল;ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল। 13 যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল;এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল। 14 কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে;সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব;তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।