Jeremiah 42 (IRVA)

1 তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল। 2 তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ। 3 আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।” 4 তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।” 5 তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক। 6 আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।” 7 পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল। 8 তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে। 9 আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, 10 ‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো। 11 যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ। 12 আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম। 13 “কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা, 14 আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।” 15 তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা, 16 তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমালোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা। 17 যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব। 18 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’ 19 হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা। 20 কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’ 21 পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই। 22 এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”

In Other Versions

Jeremiah 42 in the ANGEFD

Jeremiah 42 in the ANTPNG2D

Jeremiah 42 in the AS21

Jeremiah 42 in the BAGH

Jeremiah 42 in the BBPNG

Jeremiah 42 in the BBT1E

Jeremiah 42 in the BDS

Jeremiah 42 in the BEV

Jeremiah 42 in the BHAD

Jeremiah 42 in the BIB

Jeremiah 42 in the BLPT

Jeremiah 42 in the BNT

Jeremiah 42 in the BNTABOOT

Jeremiah 42 in the BNTLV

Jeremiah 42 in the BOATCB

Jeremiah 42 in the BOATCB2

Jeremiah 42 in the BOBCV

Jeremiah 42 in the BOCNT

Jeremiah 42 in the BOECS

Jeremiah 42 in the BOGWICC

Jeremiah 42 in the BOHCB

Jeremiah 42 in the BOHCV

Jeremiah 42 in the BOHLNT

Jeremiah 42 in the BOHNTLTAL

Jeremiah 42 in the BOICB

Jeremiah 42 in the BOILNTAP

Jeremiah 42 in the BOITCV

Jeremiah 42 in the BOKCV

Jeremiah 42 in the BOKCV2

Jeremiah 42 in the BOKHWOG

Jeremiah 42 in the BOKSSV

Jeremiah 42 in the BOLCB

Jeremiah 42 in the BOLCB2

Jeremiah 42 in the BOMCV

Jeremiah 42 in the BONAV

Jeremiah 42 in the BONCB

Jeremiah 42 in the BONLT

Jeremiah 42 in the BONUT2

Jeremiah 42 in the BOPLNT

Jeremiah 42 in the BOSCB

Jeremiah 42 in the BOSNC

Jeremiah 42 in the BOTLNT

Jeremiah 42 in the BOVCB

Jeremiah 42 in the BOYCB

Jeremiah 42 in the BPBB

Jeremiah 42 in the BPH

Jeremiah 42 in the BSB

Jeremiah 42 in the CCB

Jeremiah 42 in the CUV

Jeremiah 42 in the CUVS

Jeremiah 42 in the DBT

Jeremiah 42 in the DGDNT

Jeremiah 42 in the DHNT

Jeremiah 42 in the DNT

Jeremiah 42 in the ELBE

Jeremiah 42 in the EMTV

Jeremiah 42 in the ESV

Jeremiah 42 in the FBV

Jeremiah 42 in the FEB

Jeremiah 42 in the GGMNT

Jeremiah 42 in the GNT

Jeremiah 42 in the HARY

Jeremiah 42 in the HNT

Jeremiah 42 in the IRVB

Jeremiah 42 in the IRVG

Jeremiah 42 in the IRVH

Jeremiah 42 in the IRVK

Jeremiah 42 in the IRVM

Jeremiah 42 in the IRVM2

Jeremiah 42 in the IRVO

Jeremiah 42 in the IRVP

Jeremiah 42 in the IRVT

Jeremiah 42 in the IRVT2

Jeremiah 42 in the IRVU

Jeremiah 42 in the ISVN

Jeremiah 42 in the JSNT

Jeremiah 42 in the KAPI

Jeremiah 42 in the KBT1ETNIK

Jeremiah 42 in the KBV

Jeremiah 42 in the KJV

Jeremiah 42 in the KNFD

Jeremiah 42 in the LBA

Jeremiah 42 in the LBLA

Jeremiah 42 in the LNT

Jeremiah 42 in the LSV

Jeremiah 42 in the MAAL

Jeremiah 42 in the MBV

Jeremiah 42 in the MBV2

Jeremiah 42 in the MHNT

Jeremiah 42 in the MKNFD

Jeremiah 42 in the MNG

Jeremiah 42 in the MNT

Jeremiah 42 in the MNT2

Jeremiah 42 in the MRS1T

Jeremiah 42 in the NAA

Jeremiah 42 in the NASB

Jeremiah 42 in the NBLA

Jeremiah 42 in the NBS

Jeremiah 42 in the NBVTP

Jeremiah 42 in the NET2

Jeremiah 42 in the NIV11

Jeremiah 42 in the NNT

Jeremiah 42 in the NNT2

Jeremiah 42 in the NNT3

Jeremiah 42 in the PDDPT

Jeremiah 42 in the PFNT

Jeremiah 42 in the RMNT

Jeremiah 42 in the SBIAS

Jeremiah 42 in the SBIBS

Jeremiah 42 in the SBIBS2

Jeremiah 42 in the SBICS

Jeremiah 42 in the SBIDS

Jeremiah 42 in the SBIGS

Jeremiah 42 in the SBIHS

Jeremiah 42 in the SBIIS

Jeremiah 42 in the SBIIS2

Jeremiah 42 in the SBIIS3

Jeremiah 42 in the SBIKS

Jeremiah 42 in the SBIKS2

Jeremiah 42 in the SBIMS

Jeremiah 42 in the SBIOS

Jeremiah 42 in the SBIPS

Jeremiah 42 in the SBISS

Jeremiah 42 in the SBITS

Jeremiah 42 in the SBITS2

Jeremiah 42 in the SBITS3

Jeremiah 42 in the SBITS4

Jeremiah 42 in the SBIUS

Jeremiah 42 in the SBIVS

Jeremiah 42 in the SBT

Jeremiah 42 in the SBT1E

Jeremiah 42 in the SCHL

Jeremiah 42 in the SNT

Jeremiah 42 in the SUSU

Jeremiah 42 in the SUSU2

Jeremiah 42 in the SYNO

Jeremiah 42 in the TBIAOTANT

Jeremiah 42 in the TBT1E

Jeremiah 42 in the TBT1E2

Jeremiah 42 in the TFTIP

Jeremiah 42 in the TFTU

Jeremiah 42 in the TGNTATF3T

Jeremiah 42 in the THAI

Jeremiah 42 in the TNFD

Jeremiah 42 in the TNT

Jeremiah 42 in the TNTIK

Jeremiah 42 in the TNTIL

Jeremiah 42 in the TNTIN

Jeremiah 42 in the TNTIP

Jeremiah 42 in the TNTIZ

Jeremiah 42 in the TOMA

Jeremiah 42 in the TTENT

Jeremiah 42 in the UBG

Jeremiah 42 in the UGV

Jeremiah 42 in the UGV2

Jeremiah 42 in the UGV3

Jeremiah 42 in the VBL

Jeremiah 42 in the VDCC

Jeremiah 42 in the YALU

Jeremiah 42 in the YAPE

Jeremiah 42 in the YBVTP

Jeremiah 42 in the ZBP