Jonah 2 (IRVA)
1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 2 তেওঁ ক’লে,“মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো;তাতে তেওঁ মোক উত্তৰ দিলে।চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে। 3 আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালেআৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে,আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল। 4 মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰিদিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম? 5 জল সমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈগ’ল; অগাধ জলে মোক আগুৰি ধৰিলে;সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে। 6 মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ;নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে। 7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল,মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনাআপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল। 8 যিসকলে অসাৰ দেৱতাবোৰক মানে,তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে। 9 কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;মই কৰা সংকল্প সিদ্ধ কৰিম;পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!” 10 পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।