Joshua 24 (IRVA)

1 পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল। 2 যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল। 3 পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷ 4 আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল। 5 তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো। 6 মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল। 7 সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা। 8 তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ। 9 পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে। 10 কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ। 11 পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ। 12 মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল। 13 তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা। 14 এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা। 15 যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।” 16 তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক, 17 কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা। 18 সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।” 19 কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব। 20 তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।” 21 তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।” 22 তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।” 23 তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।” 24 লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।” 25 এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে। 26 তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে। 27 পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।” 28 তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে। 29 এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল। 30 তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে। 31 যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল। 32 ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল। 33 তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।

In Other Versions

Joshua 24 in the ANGEFD

Joshua 24 in the ANTPNG2D

Joshua 24 in the AS21

Joshua 24 in the BAGH

Joshua 24 in the BBPNG

Joshua 24 in the BBT1E

Joshua 24 in the BDS

Joshua 24 in the BEV

Joshua 24 in the BHAD

Joshua 24 in the BIB

Joshua 24 in the BLPT

Joshua 24 in the BNT

Joshua 24 in the BNTABOOT

Joshua 24 in the BNTLV

Joshua 24 in the BOATCB

Joshua 24 in the BOATCB2

Joshua 24 in the BOBCV

Joshua 24 in the BOCNT

Joshua 24 in the BOECS

Joshua 24 in the BOGWICC

Joshua 24 in the BOHCB

Joshua 24 in the BOHCV

Joshua 24 in the BOHLNT

Joshua 24 in the BOHNTLTAL

Joshua 24 in the BOICB

Joshua 24 in the BOILNTAP

Joshua 24 in the BOITCV

Joshua 24 in the BOKCV

Joshua 24 in the BOKCV2

Joshua 24 in the BOKHWOG

Joshua 24 in the BOKSSV

Joshua 24 in the BOLCB

Joshua 24 in the BOLCB2

Joshua 24 in the BOMCV

Joshua 24 in the BONAV

Joshua 24 in the BONCB

Joshua 24 in the BONLT

Joshua 24 in the BONUT2

Joshua 24 in the BOPLNT

Joshua 24 in the BOSCB

Joshua 24 in the BOSNC

Joshua 24 in the BOTLNT

Joshua 24 in the BOVCB

Joshua 24 in the BOYCB

Joshua 24 in the BPBB

Joshua 24 in the BPH

Joshua 24 in the BSB

Joshua 24 in the CCB

Joshua 24 in the CUV

Joshua 24 in the CUVS

Joshua 24 in the DBT

Joshua 24 in the DGDNT

Joshua 24 in the DHNT

Joshua 24 in the DNT

Joshua 24 in the ELBE

Joshua 24 in the EMTV

Joshua 24 in the ESV

Joshua 24 in the FBV

Joshua 24 in the FEB

Joshua 24 in the GGMNT

Joshua 24 in the GNT

Joshua 24 in the HARY

Joshua 24 in the HNT

Joshua 24 in the IRVB

Joshua 24 in the IRVG

Joshua 24 in the IRVH

Joshua 24 in the IRVK

Joshua 24 in the IRVM

Joshua 24 in the IRVM2

Joshua 24 in the IRVO

Joshua 24 in the IRVP

Joshua 24 in the IRVT

Joshua 24 in the IRVT2

Joshua 24 in the IRVU

Joshua 24 in the ISVN

Joshua 24 in the JSNT

Joshua 24 in the KAPI

Joshua 24 in the KBT1ETNIK

Joshua 24 in the KBV

Joshua 24 in the KJV

Joshua 24 in the KNFD

Joshua 24 in the LBA

Joshua 24 in the LBLA

Joshua 24 in the LNT

Joshua 24 in the LSV

Joshua 24 in the MAAL

Joshua 24 in the MBV

Joshua 24 in the MBV2

Joshua 24 in the MHNT

Joshua 24 in the MKNFD

Joshua 24 in the MNG

Joshua 24 in the MNT

Joshua 24 in the MNT2

Joshua 24 in the MRS1T

Joshua 24 in the NAA

Joshua 24 in the NASB

Joshua 24 in the NBLA

Joshua 24 in the NBS

Joshua 24 in the NBVTP

Joshua 24 in the NET2

Joshua 24 in the NIV11

Joshua 24 in the NNT

Joshua 24 in the NNT2

Joshua 24 in the NNT3

Joshua 24 in the PDDPT

Joshua 24 in the PFNT

Joshua 24 in the RMNT

Joshua 24 in the SBIAS

Joshua 24 in the SBIBS

Joshua 24 in the SBIBS2

Joshua 24 in the SBICS

Joshua 24 in the SBIDS

Joshua 24 in the SBIGS

Joshua 24 in the SBIHS

Joshua 24 in the SBIIS

Joshua 24 in the SBIIS2

Joshua 24 in the SBIIS3

Joshua 24 in the SBIKS

Joshua 24 in the SBIKS2

Joshua 24 in the SBIMS

Joshua 24 in the SBIOS

Joshua 24 in the SBIPS

Joshua 24 in the SBISS

Joshua 24 in the SBITS

Joshua 24 in the SBITS2

Joshua 24 in the SBITS3

Joshua 24 in the SBITS4

Joshua 24 in the SBIUS

Joshua 24 in the SBIVS

Joshua 24 in the SBT

Joshua 24 in the SBT1E

Joshua 24 in the SCHL

Joshua 24 in the SNT

Joshua 24 in the SUSU

Joshua 24 in the SUSU2

Joshua 24 in the SYNO

Joshua 24 in the TBIAOTANT

Joshua 24 in the TBT1E

Joshua 24 in the TBT1E2

Joshua 24 in the TFTIP

Joshua 24 in the TFTU

Joshua 24 in the TGNTATF3T

Joshua 24 in the THAI

Joshua 24 in the TNFD

Joshua 24 in the TNT

Joshua 24 in the TNTIK

Joshua 24 in the TNTIL

Joshua 24 in the TNTIN

Joshua 24 in the TNTIP

Joshua 24 in the TNTIZ

Joshua 24 in the TOMA

Joshua 24 in the TTENT

Joshua 24 in the UBG

Joshua 24 in the UGV

Joshua 24 in the UGV2

Joshua 24 in the UGV3

Joshua 24 in the VBL

Joshua 24 in the VDCC

Joshua 24 in the YALU

Joshua 24 in the YAPE

Joshua 24 in the YBVTP

Joshua 24 in the ZBP