Mark 16 (IRVA)
1 তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে। 2 আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গ’ল৷ 3 তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি ক’লে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?” 4 কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷ 5 তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল। 6 কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই। 7 কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।” 8 তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত হৈ আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল। 9 সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে। 10 তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে; 11 তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে। 12 এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে। 13 তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে। 14 পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা। 16 তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷ 17 এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব; 18 আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷” 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল। 20 পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।
In Other Versions
Mark 16 in the ANGEFD
Mark 16 in the ANTPNG2D
Mark 16 in the AS21
Mark 16 in the BAGH
Mark 16 in the BBPNG
Mark 16 in the BBT1E
Mark 16 in the BDS
Mark 16 in the BEV
Mark 16 in the BHAD
Mark 16 in the BIB
Mark 16 in the BLPT
Mark 16 in the BNT
Mark 16 in the BNTABOOT
Mark 16 in the BNTLV
Mark 16 in the BOATCB
Mark 16 in the BOATCB2
Mark 16 in the BOBCV
Mark 16 in the BOCNT
Mark 16 in the BOECS
Mark 16 in the BOGWICC
Mark 16 in the BOHCB
Mark 16 in the BOHCV
Mark 16 in the BOHLNT
Mark 16 in the BOHNTLTAL
Mark 16 in the BOICB
Mark 16 in the BOILNTAP
Mark 16 in the BOITCV
Mark 16 in the BOKCV
Mark 16 in the BOKCV2
Mark 16 in the BOKHWOG
Mark 16 in the BOKSSV
Mark 16 in the BOLCB
Mark 16 in the BOLCB2
Mark 16 in the BOMCV
Mark 16 in the BONAV
Mark 16 in the BONCB
Mark 16 in the BONLT
Mark 16 in the BONUT2
Mark 16 in the BOPLNT
Mark 16 in the BOSCB
Mark 16 in the BOSNC
Mark 16 in the BOTLNT
Mark 16 in the BOVCB
Mark 16 in the BOYCB
Mark 16 in the BPBB
Mark 16 in the BPH
Mark 16 in the BSB
Mark 16 in the CCB
Mark 16 in the CUV
Mark 16 in the CUVS
Mark 16 in the DBT
Mark 16 in the DGDNT
Mark 16 in the DHNT
Mark 16 in the DNT
Mark 16 in the ELBE
Mark 16 in the EMTV
Mark 16 in the ESV
Mark 16 in the FBV
Mark 16 in the FEB
Mark 16 in the GGMNT
Mark 16 in the GNT
Mark 16 in the HARY
Mark 16 in the HNT
Mark 16 in the IRVB
Mark 16 in the IRVG
Mark 16 in the IRVH
Mark 16 in the IRVK
Mark 16 in the IRVM
Mark 16 in the IRVM2
Mark 16 in the IRVO
Mark 16 in the IRVP
Mark 16 in the IRVT
Mark 16 in the IRVT2
Mark 16 in the IRVU
Mark 16 in the ISVN
Mark 16 in the JSNT
Mark 16 in the KAPI
Mark 16 in the KBT1ETNIK
Mark 16 in the KBV
Mark 16 in the KJV
Mark 16 in the KNFD
Mark 16 in the LBA
Mark 16 in the LBLA
Mark 16 in the LNT
Mark 16 in the LSV
Mark 16 in the MAAL
Mark 16 in the MBV
Mark 16 in the MBV2
Mark 16 in the MHNT
Mark 16 in the MKNFD
Mark 16 in the MNG
Mark 16 in the MNT
Mark 16 in the MNT2
Mark 16 in the MRS1T
Mark 16 in the NAA
Mark 16 in the NASB
Mark 16 in the NBLA
Mark 16 in the NBS
Mark 16 in the NBVTP
Mark 16 in the NET2
Mark 16 in the NIV11
Mark 16 in the NNT
Mark 16 in the NNT2
Mark 16 in the NNT3
Mark 16 in the PDDPT
Mark 16 in the PFNT
Mark 16 in the RMNT
Mark 16 in the SBIAS
Mark 16 in the SBIBS
Mark 16 in the SBIBS2
Mark 16 in the SBICS
Mark 16 in the SBIDS
Mark 16 in the SBIGS
Mark 16 in the SBIHS
Mark 16 in the SBIIS
Mark 16 in the SBIIS2
Mark 16 in the SBIIS3
Mark 16 in the SBIKS
Mark 16 in the SBIKS2
Mark 16 in the SBIMS
Mark 16 in the SBIOS
Mark 16 in the SBIPS
Mark 16 in the SBISS
Mark 16 in the SBITS
Mark 16 in the SBITS2
Mark 16 in the SBITS3
Mark 16 in the SBITS4
Mark 16 in the SBIUS
Mark 16 in the SBIVS
Mark 16 in the SBT
Mark 16 in the SBT1E
Mark 16 in the SCHL
Mark 16 in the SNT
Mark 16 in the SUSU
Mark 16 in the SUSU2
Mark 16 in the SYNO
Mark 16 in the TBIAOTANT
Mark 16 in the TBT1E
Mark 16 in the TBT1E2
Mark 16 in the TFTIP
Mark 16 in the TFTU
Mark 16 in the TGNTATF3T
Mark 16 in the THAI
Mark 16 in the TNFD
Mark 16 in the TNT
Mark 16 in the TNTIK
Mark 16 in the TNTIL
Mark 16 in the TNTIN
Mark 16 in the TNTIP
Mark 16 in the TNTIZ
Mark 16 in the TOMA
Mark 16 in the TTENT
Mark 16 in the UBG
Mark 16 in the UGV
Mark 16 in the UGV2
Mark 16 in the UGV3
Mark 16 in the VBL
Mark 16 in the VDCC
Mark 16 in the YALU
Mark 16 in the YAPE
Mark 16 in the YBVTP
Mark 16 in the ZBP