Psalms 138 (IRVA)
1 হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। 2 তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান। 3 মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা। 4 হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে। 5 তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;কিয়নো যিহোৱাৰ গৌৰৱ মহান। 6 কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে। 7 যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ,তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা;তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা। 8 যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।