Psalms 54 (IRVA)
1 হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা। 2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,মোৰ মুখৰ কথালৈ কাণ দিয়া। 3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা] 4 কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা;ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে। 5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা। 6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম। 7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।