1 Samuel 28 (IRVA)

1 সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।” 2 তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।” 3 চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে। 4 পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে। 5 চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে। 6 তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে। 7 তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।” 8 তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।” 9 তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে? 10 তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।” 11 তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।” 12 তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।” 13 তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।” 14 চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে। 15 পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।” 16 তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল। 17 যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে। 18 কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে। 19 যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।” 20 তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল। 21 পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ। 22 এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।” 23 কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল। 24 সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে। 25 তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।

In Other Versions

1 Samuel 28 in the ANGEFD

1 Samuel 28 in the ANTPNG2D

1 Samuel 28 in the AS21

1 Samuel 28 in the BAGH

1 Samuel 28 in the BBPNG

1 Samuel 28 in the BBT1E

1 Samuel 28 in the BDS

1 Samuel 28 in the BEV

1 Samuel 28 in the BHAD

1 Samuel 28 in the BIB

1 Samuel 28 in the BLPT

1 Samuel 28 in the BNT

1 Samuel 28 in the BNTABOOT

1 Samuel 28 in the BNTLV

1 Samuel 28 in the BOATCB

1 Samuel 28 in the BOATCB2

1 Samuel 28 in the BOBCV

1 Samuel 28 in the BOCNT

1 Samuel 28 in the BOECS

1 Samuel 28 in the BOGWICC

1 Samuel 28 in the BOHCB

1 Samuel 28 in the BOHCV

1 Samuel 28 in the BOHLNT

1 Samuel 28 in the BOHNTLTAL

1 Samuel 28 in the BOICB

1 Samuel 28 in the BOILNTAP

1 Samuel 28 in the BOITCV

1 Samuel 28 in the BOKCV

1 Samuel 28 in the BOKCV2

1 Samuel 28 in the BOKHWOG

1 Samuel 28 in the BOKSSV

1 Samuel 28 in the BOLCB

1 Samuel 28 in the BOLCB2

1 Samuel 28 in the BOMCV

1 Samuel 28 in the BONAV

1 Samuel 28 in the BONCB

1 Samuel 28 in the BONLT

1 Samuel 28 in the BONUT2

1 Samuel 28 in the BOPLNT

1 Samuel 28 in the BOSCB

1 Samuel 28 in the BOSNC

1 Samuel 28 in the BOTLNT

1 Samuel 28 in the BOVCB

1 Samuel 28 in the BOYCB

1 Samuel 28 in the BPBB

1 Samuel 28 in the BPH

1 Samuel 28 in the BSB

1 Samuel 28 in the CCB

1 Samuel 28 in the CUV

1 Samuel 28 in the CUVS

1 Samuel 28 in the DBT

1 Samuel 28 in the DGDNT

1 Samuel 28 in the DHNT

1 Samuel 28 in the DNT

1 Samuel 28 in the ELBE

1 Samuel 28 in the EMTV

1 Samuel 28 in the ESV

1 Samuel 28 in the FBV

1 Samuel 28 in the FEB

1 Samuel 28 in the GGMNT

1 Samuel 28 in the GNT

1 Samuel 28 in the HARY

1 Samuel 28 in the HNT

1 Samuel 28 in the IRVB

1 Samuel 28 in the IRVG

1 Samuel 28 in the IRVH

1 Samuel 28 in the IRVK

1 Samuel 28 in the IRVM

1 Samuel 28 in the IRVM2

1 Samuel 28 in the IRVO

1 Samuel 28 in the IRVP

1 Samuel 28 in the IRVT

1 Samuel 28 in the IRVT2

1 Samuel 28 in the IRVU

1 Samuel 28 in the ISVN

1 Samuel 28 in the JSNT

1 Samuel 28 in the KAPI

1 Samuel 28 in the KBT1ETNIK

1 Samuel 28 in the KBV

1 Samuel 28 in the KJV

1 Samuel 28 in the KNFD

1 Samuel 28 in the LBA

1 Samuel 28 in the LBLA

1 Samuel 28 in the LNT

1 Samuel 28 in the LSV

1 Samuel 28 in the MAAL

1 Samuel 28 in the MBV

1 Samuel 28 in the MBV2

1 Samuel 28 in the MHNT

1 Samuel 28 in the MKNFD

1 Samuel 28 in the MNG

1 Samuel 28 in the MNT

1 Samuel 28 in the MNT2

1 Samuel 28 in the MRS1T

1 Samuel 28 in the NAA

1 Samuel 28 in the NASB

1 Samuel 28 in the NBLA

1 Samuel 28 in the NBS

1 Samuel 28 in the NBVTP

1 Samuel 28 in the NET2

1 Samuel 28 in the NIV11

1 Samuel 28 in the NNT

1 Samuel 28 in the NNT2

1 Samuel 28 in the NNT3

1 Samuel 28 in the PDDPT

1 Samuel 28 in the PFNT

1 Samuel 28 in the RMNT

1 Samuel 28 in the SBIAS

1 Samuel 28 in the SBIBS

1 Samuel 28 in the SBIBS2

1 Samuel 28 in the SBICS

1 Samuel 28 in the SBIDS

1 Samuel 28 in the SBIGS

1 Samuel 28 in the SBIHS

1 Samuel 28 in the SBIIS

1 Samuel 28 in the SBIIS2

1 Samuel 28 in the SBIIS3

1 Samuel 28 in the SBIKS

1 Samuel 28 in the SBIKS2

1 Samuel 28 in the SBIMS

1 Samuel 28 in the SBIOS

1 Samuel 28 in the SBIPS

1 Samuel 28 in the SBISS

1 Samuel 28 in the SBITS

1 Samuel 28 in the SBITS2

1 Samuel 28 in the SBITS3

1 Samuel 28 in the SBITS4

1 Samuel 28 in the SBIUS

1 Samuel 28 in the SBIVS

1 Samuel 28 in the SBT

1 Samuel 28 in the SBT1E

1 Samuel 28 in the SCHL

1 Samuel 28 in the SNT

1 Samuel 28 in the SUSU

1 Samuel 28 in the SUSU2

1 Samuel 28 in the SYNO

1 Samuel 28 in the TBIAOTANT

1 Samuel 28 in the TBT1E

1 Samuel 28 in the TBT1E2

1 Samuel 28 in the TFTIP

1 Samuel 28 in the TFTU

1 Samuel 28 in the TGNTATF3T

1 Samuel 28 in the THAI

1 Samuel 28 in the TNFD

1 Samuel 28 in the TNT

1 Samuel 28 in the TNTIK

1 Samuel 28 in the TNTIL

1 Samuel 28 in the TNTIN

1 Samuel 28 in the TNTIP

1 Samuel 28 in the TNTIZ

1 Samuel 28 in the TOMA

1 Samuel 28 in the TTENT

1 Samuel 28 in the UBG

1 Samuel 28 in the UGV

1 Samuel 28 in the UGV2

1 Samuel 28 in the UGV3

1 Samuel 28 in the VBL

1 Samuel 28 in the VDCC

1 Samuel 28 in the YALU

1 Samuel 28 in the YAPE

1 Samuel 28 in the YBVTP

1 Samuel 28 in the ZBP