Exodus 40 (IRVA)
1 তাৰ পাছত যিহোৱাই মোচিক কলে, 2 “তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা। 3 তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা। 4 মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা। 5 ধূপ জ্বলাবৰ বাবে সোণৰ বেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা। 6 সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদি ৰাখিবা। 7 সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদিৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা। 8 চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা। 9 তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব। 10 তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব। 11 তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা। 12 তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা। 13 হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা। 14 তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা। 15 তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।” 16 মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। 17 পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল। 18 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি, 19 সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে। 20 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ, 21 আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে। 22 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে, 23 তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে। 24 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে। 25 যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে। 26 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে। 27 তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে। 28 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে, 29 আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে। 30 পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদিৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধুবলৈ তাত পানী ভৰাই থলে। 31 তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে। 32 যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদিৰ ওচৰলৈ আহে, তেতিয়া ধোৱে। 33 পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে। 34 তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে। 35 মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল। 36 পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে। 37 কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেতিয়ালৈকে তেওঁলোকে যাত্ৰা নকৰে। 38 কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল।
In Other Versions
Exodus 40 in the ANGEFD
Exodus 40 in the ANTPNG2D
Exodus 40 in the AS21
Exodus 40 in the BAGH
Exodus 40 in the BBPNG
Exodus 40 in the BBT1E
Exodus 40 in the BDS
Exodus 40 in the BEV
Exodus 40 in the BHAD
Exodus 40 in the BIB
Exodus 40 in the BLPT
Exodus 40 in the BNT
Exodus 40 in the BNTABOOT
Exodus 40 in the BNTLV
Exodus 40 in the BOATCB
Exodus 40 in the BOATCB2
Exodus 40 in the BOBCV
Exodus 40 in the BOCNT
Exodus 40 in the BOECS
Exodus 40 in the BOGWICC
Exodus 40 in the BOHCB
Exodus 40 in the BOHCV
Exodus 40 in the BOHLNT
Exodus 40 in the BOHNTLTAL
Exodus 40 in the BOICB
Exodus 40 in the BOILNTAP
Exodus 40 in the BOITCV
Exodus 40 in the BOKCV
Exodus 40 in the BOKCV2
Exodus 40 in the BOKHWOG
Exodus 40 in the BOKSSV
Exodus 40 in the BOLCB
Exodus 40 in the BOLCB2
Exodus 40 in the BOMCV
Exodus 40 in the BONAV
Exodus 40 in the BONCB
Exodus 40 in the BONLT
Exodus 40 in the BONUT2
Exodus 40 in the BOPLNT
Exodus 40 in the BOSCB
Exodus 40 in the BOSNC
Exodus 40 in the BOTLNT
Exodus 40 in the BOVCB
Exodus 40 in the BOYCB
Exodus 40 in the BPBB
Exodus 40 in the BPH
Exodus 40 in the BSB
Exodus 40 in the CCB
Exodus 40 in the CUV
Exodus 40 in the CUVS
Exodus 40 in the DBT
Exodus 40 in the DGDNT
Exodus 40 in the DHNT
Exodus 40 in the DNT
Exodus 40 in the ELBE
Exodus 40 in the EMTV
Exodus 40 in the ESV
Exodus 40 in the FBV
Exodus 40 in the FEB
Exodus 40 in the GGMNT
Exodus 40 in the GNT
Exodus 40 in the HARY
Exodus 40 in the HNT
Exodus 40 in the IRVB
Exodus 40 in the IRVG
Exodus 40 in the IRVH
Exodus 40 in the IRVK
Exodus 40 in the IRVM
Exodus 40 in the IRVM2
Exodus 40 in the IRVO
Exodus 40 in the IRVP
Exodus 40 in the IRVT
Exodus 40 in the IRVT2
Exodus 40 in the IRVU
Exodus 40 in the ISVN
Exodus 40 in the JSNT
Exodus 40 in the KAPI
Exodus 40 in the KBT1ETNIK
Exodus 40 in the KBV
Exodus 40 in the KJV
Exodus 40 in the KNFD
Exodus 40 in the LBA
Exodus 40 in the LBLA
Exodus 40 in the LNT
Exodus 40 in the LSV
Exodus 40 in the MAAL
Exodus 40 in the MBV
Exodus 40 in the MBV2
Exodus 40 in the MHNT
Exodus 40 in the MKNFD
Exodus 40 in the MNG
Exodus 40 in the MNT
Exodus 40 in the MNT2
Exodus 40 in the MRS1T
Exodus 40 in the NAA
Exodus 40 in the NASB
Exodus 40 in the NBLA
Exodus 40 in the NBS
Exodus 40 in the NBVTP
Exodus 40 in the NET2
Exodus 40 in the NIV11
Exodus 40 in the NNT
Exodus 40 in the NNT2
Exodus 40 in the NNT3
Exodus 40 in the PDDPT
Exodus 40 in the PFNT
Exodus 40 in the RMNT
Exodus 40 in the SBIAS
Exodus 40 in the SBIBS
Exodus 40 in the SBIBS2
Exodus 40 in the SBICS
Exodus 40 in the SBIDS
Exodus 40 in the SBIGS
Exodus 40 in the SBIHS
Exodus 40 in the SBIIS
Exodus 40 in the SBIIS2
Exodus 40 in the SBIIS3
Exodus 40 in the SBIKS
Exodus 40 in the SBIKS2
Exodus 40 in the SBIMS
Exodus 40 in the SBIOS
Exodus 40 in the SBIPS
Exodus 40 in the SBISS
Exodus 40 in the SBITS
Exodus 40 in the SBITS2
Exodus 40 in the SBITS3
Exodus 40 in the SBITS4
Exodus 40 in the SBIUS
Exodus 40 in the SBIVS
Exodus 40 in the SBT
Exodus 40 in the SBT1E
Exodus 40 in the SCHL
Exodus 40 in the SNT
Exodus 40 in the SUSU
Exodus 40 in the SUSU2
Exodus 40 in the SYNO
Exodus 40 in the TBIAOTANT
Exodus 40 in the TBT1E
Exodus 40 in the TBT1E2
Exodus 40 in the TFTIP
Exodus 40 in the TFTU
Exodus 40 in the TGNTATF3T
Exodus 40 in the THAI
Exodus 40 in the TNFD
Exodus 40 in the TNT
Exodus 40 in the TNTIK
Exodus 40 in the TNTIL
Exodus 40 in the TNTIN
Exodus 40 in the TNTIP
Exodus 40 in the TNTIZ
Exodus 40 in the TOMA
Exodus 40 in the TTENT
Exodus 40 in the UBG
Exodus 40 in the UGV
Exodus 40 in the UGV2
Exodus 40 in the UGV3
Exodus 40 in the VBL
Exodus 40 in the VDCC
Exodus 40 in the YALU
Exodus 40 in the YAPE
Exodus 40 in the YBVTP
Exodus 40 in the ZBP