Ezekiel 25 (IRVA)

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2 “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 3 তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা। 4 এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব। 5 আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা! 6 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা। 7 এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!” 8 প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!” 9 এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে, 10 অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম। 11 আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব। 12 প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।” 13 সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব। 14 মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা! 15 প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।” 16 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম! 17 আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!

In Other Versions

Ezekiel 25 in the ANGEFD

Ezekiel 25 in the ANTPNG2D

Ezekiel 25 in the AS21

Ezekiel 25 in the BAGH

Ezekiel 25 in the BBPNG

Ezekiel 25 in the BBT1E

Ezekiel 25 in the BDS

Ezekiel 25 in the BEV

Ezekiel 25 in the BHAD

Ezekiel 25 in the BIB

Ezekiel 25 in the BLPT

Ezekiel 25 in the BNT

Ezekiel 25 in the BNTABOOT

Ezekiel 25 in the BNTLV

Ezekiel 25 in the BOATCB

Ezekiel 25 in the BOATCB2

Ezekiel 25 in the BOBCV

Ezekiel 25 in the BOCNT

Ezekiel 25 in the BOECS

Ezekiel 25 in the BOGWICC

Ezekiel 25 in the BOHCB

Ezekiel 25 in the BOHCV

Ezekiel 25 in the BOHLNT

Ezekiel 25 in the BOHNTLTAL

Ezekiel 25 in the BOICB

Ezekiel 25 in the BOILNTAP

Ezekiel 25 in the BOITCV

Ezekiel 25 in the BOKCV

Ezekiel 25 in the BOKCV2

Ezekiel 25 in the BOKHWOG

Ezekiel 25 in the BOKSSV

Ezekiel 25 in the BOLCB

Ezekiel 25 in the BOLCB2

Ezekiel 25 in the BOMCV

Ezekiel 25 in the BONAV

Ezekiel 25 in the BONCB

Ezekiel 25 in the BONLT

Ezekiel 25 in the BONUT2

Ezekiel 25 in the BOPLNT

Ezekiel 25 in the BOSCB

Ezekiel 25 in the BOSNC

Ezekiel 25 in the BOTLNT

Ezekiel 25 in the BOVCB

Ezekiel 25 in the BOYCB

Ezekiel 25 in the BPBB

Ezekiel 25 in the BPH

Ezekiel 25 in the BSB

Ezekiel 25 in the CCB

Ezekiel 25 in the CUV

Ezekiel 25 in the CUVS

Ezekiel 25 in the DBT

Ezekiel 25 in the DGDNT

Ezekiel 25 in the DHNT

Ezekiel 25 in the DNT

Ezekiel 25 in the ELBE

Ezekiel 25 in the EMTV

Ezekiel 25 in the ESV

Ezekiel 25 in the FBV

Ezekiel 25 in the FEB

Ezekiel 25 in the GGMNT

Ezekiel 25 in the GNT

Ezekiel 25 in the HARY

Ezekiel 25 in the HNT

Ezekiel 25 in the IRVB

Ezekiel 25 in the IRVG

Ezekiel 25 in the IRVH

Ezekiel 25 in the IRVK

Ezekiel 25 in the IRVM

Ezekiel 25 in the IRVM2

Ezekiel 25 in the IRVO

Ezekiel 25 in the IRVP

Ezekiel 25 in the IRVT

Ezekiel 25 in the IRVT2

Ezekiel 25 in the IRVU

Ezekiel 25 in the ISVN

Ezekiel 25 in the JSNT

Ezekiel 25 in the KAPI

Ezekiel 25 in the KBT1ETNIK

Ezekiel 25 in the KBV

Ezekiel 25 in the KJV

Ezekiel 25 in the KNFD

Ezekiel 25 in the LBA

Ezekiel 25 in the LBLA

Ezekiel 25 in the LNT

Ezekiel 25 in the LSV

Ezekiel 25 in the MAAL

Ezekiel 25 in the MBV

Ezekiel 25 in the MBV2

Ezekiel 25 in the MHNT

Ezekiel 25 in the MKNFD

Ezekiel 25 in the MNG

Ezekiel 25 in the MNT

Ezekiel 25 in the MNT2

Ezekiel 25 in the MRS1T

Ezekiel 25 in the NAA

Ezekiel 25 in the NASB

Ezekiel 25 in the NBLA

Ezekiel 25 in the NBS

Ezekiel 25 in the NBVTP

Ezekiel 25 in the NET2

Ezekiel 25 in the NIV11

Ezekiel 25 in the NNT

Ezekiel 25 in the NNT2

Ezekiel 25 in the NNT3

Ezekiel 25 in the PDDPT

Ezekiel 25 in the PFNT

Ezekiel 25 in the RMNT

Ezekiel 25 in the SBIAS

Ezekiel 25 in the SBIBS

Ezekiel 25 in the SBIBS2

Ezekiel 25 in the SBICS

Ezekiel 25 in the SBIDS

Ezekiel 25 in the SBIGS

Ezekiel 25 in the SBIHS

Ezekiel 25 in the SBIIS

Ezekiel 25 in the SBIIS2

Ezekiel 25 in the SBIIS3

Ezekiel 25 in the SBIKS

Ezekiel 25 in the SBIKS2

Ezekiel 25 in the SBIMS

Ezekiel 25 in the SBIOS

Ezekiel 25 in the SBIPS

Ezekiel 25 in the SBISS

Ezekiel 25 in the SBITS

Ezekiel 25 in the SBITS2

Ezekiel 25 in the SBITS3

Ezekiel 25 in the SBITS4

Ezekiel 25 in the SBIUS

Ezekiel 25 in the SBIVS

Ezekiel 25 in the SBT

Ezekiel 25 in the SBT1E

Ezekiel 25 in the SCHL

Ezekiel 25 in the SNT

Ezekiel 25 in the SUSU

Ezekiel 25 in the SUSU2

Ezekiel 25 in the SYNO

Ezekiel 25 in the TBIAOTANT

Ezekiel 25 in the TBT1E

Ezekiel 25 in the TBT1E2

Ezekiel 25 in the TFTIP

Ezekiel 25 in the TFTU

Ezekiel 25 in the TGNTATF3T

Ezekiel 25 in the THAI

Ezekiel 25 in the TNFD

Ezekiel 25 in the TNT

Ezekiel 25 in the TNTIK

Ezekiel 25 in the TNTIL

Ezekiel 25 in the TNTIN

Ezekiel 25 in the TNTIP

Ezekiel 25 in the TNTIZ

Ezekiel 25 in the TOMA

Ezekiel 25 in the TTENT

Ezekiel 25 in the UBG

Ezekiel 25 in the UGV

Ezekiel 25 in the UGV2

Ezekiel 25 in the UGV3

Ezekiel 25 in the VBL

Ezekiel 25 in the VDCC

Ezekiel 25 in the YALU

Ezekiel 25 in the YAPE

Ezekiel 25 in the YBVTP

Ezekiel 25 in the ZBP