Ezekiel 34 (IRVA)

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে? 3 তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা। 4 তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। 5 তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। 6 মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।” 7 এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা: 8 প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। 9 এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা: 10 “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।” 11 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম। 12 নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম। 13 তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম। 14 মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব। 15 ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা। 16 “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম! 17 আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম! 18 এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা? 19 কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।” 20 এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম, 21 তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা! 22 এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম! 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব। 24 কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ! 25 আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব। 26 আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব। 27 আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম। 28 আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব। 29 মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব। 30 তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে। 31 আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”

In Other Versions

Ezekiel 34 in the ANGEFD

Ezekiel 34 in the ANTPNG2D

Ezekiel 34 in the AS21

Ezekiel 34 in the BAGH

Ezekiel 34 in the BBPNG

Ezekiel 34 in the BBT1E

Ezekiel 34 in the BDS

Ezekiel 34 in the BEV

Ezekiel 34 in the BHAD

Ezekiel 34 in the BIB

Ezekiel 34 in the BLPT

Ezekiel 34 in the BNT

Ezekiel 34 in the BNTABOOT

Ezekiel 34 in the BNTLV

Ezekiel 34 in the BOATCB

Ezekiel 34 in the BOATCB2

Ezekiel 34 in the BOBCV

Ezekiel 34 in the BOCNT

Ezekiel 34 in the BOECS

Ezekiel 34 in the BOGWICC

Ezekiel 34 in the BOHCB

Ezekiel 34 in the BOHCV

Ezekiel 34 in the BOHLNT

Ezekiel 34 in the BOHNTLTAL

Ezekiel 34 in the BOICB

Ezekiel 34 in the BOILNTAP

Ezekiel 34 in the BOITCV

Ezekiel 34 in the BOKCV

Ezekiel 34 in the BOKCV2

Ezekiel 34 in the BOKHWOG

Ezekiel 34 in the BOKSSV

Ezekiel 34 in the BOLCB

Ezekiel 34 in the BOLCB2

Ezekiel 34 in the BOMCV

Ezekiel 34 in the BONAV

Ezekiel 34 in the BONCB

Ezekiel 34 in the BONLT

Ezekiel 34 in the BONUT2

Ezekiel 34 in the BOPLNT

Ezekiel 34 in the BOSCB

Ezekiel 34 in the BOSNC

Ezekiel 34 in the BOTLNT

Ezekiel 34 in the BOVCB

Ezekiel 34 in the BOYCB

Ezekiel 34 in the BPBB

Ezekiel 34 in the BPH

Ezekiel 34 in the BSB

Ezekiel 34 in the CCB

Ezekiel 34 in the CUV

Ezekiel 34 in the CUVS

Ezekiel 34 in the DBT

Ezekiel 34 in the DGDNT

Ezekiel 34 in the DHNT

Ezekiel 34 in the DNT

Ezekiel 34 in the ELBE

Ezekiel 34 in the EMTV

Ezekiel 34 in the ESV

Ezekiel 34 in the FBV

Ezekiel 34 in the FEB

Ezekiel 34 in the GGMNT

Ezekiel 34 in the GNT

Ezekiel 34 in the HARY

Ezekiel 34 in the HNT

Ezekiel 34 in the IRVB

Ezekiel 34 in the IRVG

Ezekiel 34 in the IRVH

Ezekiel 34 in the IRVK

Ezekiel 34 in the IRVM

Ezekiel 34 in the IRVM2

Ezekiel 34 in the IRVO

Ezekiel 34 in the IRVP

Ezekiel 34 in the IRVT

Ezekiel 34 in the IRVT2

Ezekiel 34 in the IRVU

Ezekiel 34 in the ISVN

Ezekiel 34 in the JSNT

Ezekiel 34 in the KAPI

Ezekiel 34 in the KBT1ETNIK

Ezekiel 34 in the KBV

Ezekiel 34 in the KJV

Ezekiel 34 in the KNFD

Ezekiel 34 in the LBA

Ezekiel 34 in the LBLA

Ezekiel 34 in the LNT

Ezekiel 34 in the LSV

Ezekiel 34 in the MAAL

Ezekiel 34 in the MBV

Ezekiel 34 in the MBV2

Ezekiel 34 in the MHNT

Ezekiel 34 in the MKNFD

Ezekiel 34 in the MNG

Ezekiel 34 in the MNT

Ezekiel 34 in the MNT2

Ezekiel 34 in the MRS1T

Ezekiel 34 in the NAA

Ezekiel 34 in the NASB

Ezekiel 34 in the NBLA

Ezekiel 34 in the NBS

Ezekiel 34 in the NBVTP

Ezekiel 34 in the NET2

Ezekiel 34 in the NIV11

Ezekiel 34 in the NNT

Ezekiel 34 in the NNT2

Ezekiel 34 in the NNT3

Ezekiel 34 in the PDDPT

Ezekiel 34 in the PFNT

Ezekiel 34 in the RMNT

Ezekiel 34 in the SBIAS

Ezekiel 34 in the SBIBS

Ezekiel 34 in the SBIBS2

Ezekiel 34 in the SBICS

Ezekiel 34 in the SBIDS

Ezekiel 34 in the SBIGS

Ezekiel 34 in the SBIHS

Ezekiel 34 in the SBIIS

Ezekiel 34 in the SBIIS2

Ezekiel 34 in the SBIIS3

Ezekiel 34 in the SBIKS

Ezekiel 34 in the SBIKS2

Ezekiel 34 in the SBIMS

Ezekiel 34 in the SBIOS

Ezekiel 34 in the SBIPS

Ezekiel 34 in the SBISS

Ezekiel 34 in the SBITS

Ezekiel 34 in the SBITS2

Ezekiel 34 in the SBITS3

Ezekiel 34 in the SBITS4

Ezekiel 34 in the SBIUS

Ezekiel 34 in the SBIVS

Ezekiel 34 in the SBT

Ezekiel 34 in the SBT1E

Ezekiel 34 in the SCHL

Ezekiel 34 in the SNT

Ezekiel 34 in the SUSU

Ezekiel 34 in the SUSU2

Ezekiel 34 in the SYNO

Ezekiel 34 in the TBIAOTANT

Ezekiel 34 in the TBT1E

Ezekiel 34 in the TBT1E2

Ezekiel 34 in the TFTIP

Ezekiel 34 in the TFTU

Ezekiel 34 in the TGNTATF3T

Ezekiel 34 in the THAI

Ezekiel 34 in the TNFD

Ezekiel 34 in the TNT

Ezekiel 34 in the TNTIK

Ezekiel 34 in the TNTIL

Ezekiel 34 in the TNTIN

Ezekiel 34 in the TNTIP

Ezekiel 34 in the TNTIZ

Ezekiel 34 in the TOMA

Ezekiel 34 in the TTENT

Ezekiel 34 in the UBG

Ezekiel 34 in the UGV

Ezekiel 34 in the UGV2

Ezekiel 34 in the UGV3

Ezekiel 34 in the VBL

Ezekiel 34 in the VDCC

Ezekiel 34 in the YALU

Ezekiel 34 in the YAPE

Ezekiel 34 in the YBVTP

Ezekiel 34 in the ZBP