Ezekiel 39 (IRVA)

1 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ। 2 আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম। 3 আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম। 4 তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম। 5 প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ। 6 ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব। 7 আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব। 8 প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে। 9 সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব। 10 তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব। 11 তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব। 12 আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব। 13 এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব। 14 তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব। 15 আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব। 16 আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব। 17 আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা। 18 তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ। 19 তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা। 20 আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।” 21 তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব। 22 ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব। 23 আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল। 24 তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ। 25 কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম। 26 আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব, 27 যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব। 28 আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম। 29 আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”

In Other Versions

Ezekiel 39 in the ANGEFD

Ezekiel 39 in the ANTPNG2D

Ezekiel 39 in the AS21

Ezekiel 39 in the BAGH

Ezekiel 39 in the BBPNG

Ezekiel 39 in the BBT1E

Ezekiel 39 in the BDS

Ezekiel 39 in the BEV

Ezekiel 39 in the BHAD

Ezekiel 39 in the BIB

Ezekiel 39 in the BLPT

Ezekiel 39 in the BNT

Ezekiel 39 in the BNTABOOT

Ezekiel 39 in the BNTLV

Ezekiel 39 in the BOATCB

Ezekiel 39 in the BOATCB2

Ezekiel 39 in the BOBCV

Ezekiel 39 in the BOCNT

Ezekiel 39 in the BOECS

Ezekiel 39 in the BOGWICC

Ezekiel 39 in the BOHCB

Ezekiel 39 in the BOHCV

Ezekiel 39 in the BOHLNT

Ezekiel 39 in the BOHNTLTAL

Ezekiel 39 in the BOICB

Ezekiel 39 in the BOILNTAP

Ezekiel 39 in the BOITCV

Ezekiel 39 in the BOKCV

Ezekiel 39 in the BOKCV2

Ezekiel 39 in the BOKHWOG

Ezekiel 39 in the BOKSSV

Ezekiel 39 in the BOLCB

Ezekiel 39 in the BOLCB2

Ezekiel 39 in the BOMCV

Ezekiel 39 in the BONAV

Ezekiel 39 in the BONCB

Ezekiel 39 in the BONLT

Ezekiel 39 in the BONUT2

Ezekiel 39 in the BOPLNT

Ezekiel 39 in the BOSCB

Ezekiel 39 in the BOSNC

Ezekiel 39 in the BOTLNT

Ezekiel 39 in the BOVCB

Ezekiel 39 in the BOYCB

Ezekiel 39 in the BPBB

Ezekiel 39 in the BPH

Ezekiel 39 in the BSB

Ezekiel 39 in the CCB

Ezekiel 39 in the CUV

Ezekiel 39 in the CUVS

Ezekiel 39 in the DBT

Ezekiel 39 in the DGDNT

Ezekiel 39 in the DHNT

Ezekiel 39 in the DNT

Ezekiel 39 in the ELBE

Ezekiel 39 in the EMTV

Ezekiel 39 in the ESV

Ezekiel 39 in the FBV

Ezekiel 39 in the FEB

Ezekiel 39 in the GGMNT

Ezekiel 39 in the GNT

Ezekiel 39 in the HARY

Ezekiel 39 in the HNT

Ezekiel 39 in the IRVB

Ezekiel 39 in the IRVG

Ezekiel 39 in the IRVH

Ezekiel 39 in the IRVK

Ezekiel 39 in the IRVM

Ezekiel 39 in the IRVM2

Ezekiel 39 in the IRVO

Ezekiel 39 in the IRVP

Ezekiel 39 in the IRVT

Ezekiel 39 in the IRVT2

Ezekiel 39 in the IRVU

Ezekiel 39 in the ISVN

Ezekiel 39 in the JSNT

Ezekiel 39 in the KAPI

Ezekiel 39 in the KBT1ETNIK

Ezekiel 39 in the KBV

Ezekiel 39 in the KJV

Ezekiel 39 in the KNFD

Ezekiel 39 in the LBA

Ezekiel 39 in the LBLA

Ezekiel 39 in the LNT

Ezekiel 39 in the LSV

Ezekiel 39 in the MAAL

Ezekiel 39 in the MBV

Ezekiel 39 in the MBV2

Ezekiel 39 in the MHNT

Ezekiel 39 in the MKNFD

Ezekiel 39 in the MNG

Ezekiel 39 in the MNT

Ezekiel 39 in the MNT2

Ezekiel 39 in the MRS1T

Ezekiel 39 in the NAA

Ezekiel 39 in the NASB

Ezekiel 39 in the NBLA

Ezekiel 39 in the NBS

Ezekiel 39 in the NBVTP

Ezekiel 39 in the NET2

Ezekiel 39 in the NIV11

Ezekiel 39 in the NNT

Ezekiel 39 in the NNT2

Ezekiel 39 in the NNT3

Ezekiel 39 in the PDDPT

Ezekiel 39 in the PFNT

Ezekiel 39 in the RMNT

Ezekiel 39 in the SBIAS

Ezekiel 39 in the SBIBS

Ezekiel 39 in the SBIBS2

Ezekiel 39 in the SBICS

Ezekiel 39 in the SBIDS

Ezekiel 39 in the SBIGS

Ezekiel 39 in the SBIHS

Ezekiel 39 in the SBIIS

Ezekiel 39 in the SBIIS2

Ezekiel 39 in the SBIIS3

Ezekiel 39 in the SBIKS

Ezekiel 39 in the SBIKS2

Ezekiel 39 in the SBIMS

Ezekiel 39 in the SBIOS

Ezekiel 39 in the SBIPS

Ezekiel 39 in the SBISS

Ezekiel 39 in the SBITS

Ezekiel 39 in the SBITS2

Ezekiel 39 in the SBITS3

Ezekiel 39 in the SBITS4

Ezekiel 39 in the SBIUS

Ezekiel 39 in the SBIVS

Ezekiel 39 in the SBT

Ezekiel 39 in the SBT1E

Ezekiel 39 in the SCHL

Ezekiel 39 in the SNT

Ezekiel 39 in the SUSU

Ezekiel 39 in the SUSU2

Ezekiel 39 in the SYNO

Ezekiel 39 in the TBIAOTANT

Ezekiel 39 in the TBT1E

Ezekiel 39 in the TBT1E2

Ezekiel 39 in the TFTIP

Ezekiel 39 in the TFTU

Ezekiel 39 in the TGNTATF3T

Ezekiel 39 in the THAI

Ezekiel 39 in the TNFD

Ezekiel 39 in the TNT

Ezekiel 39 in the TNTIK

Ezekiel 39 in the TNTIL

Ezekiel 39 in the TNTIN

Ezekiel 39 in the TNTIP

Ezekiel 39 in the TNTIZ

Ezekiel 39 in the TOMA

Ezekiel 39 in the TTENT

Ezekiel 39 in the UBG

Ezekiel 39 in the UGV

Ezekiel 39 in the UGV2

Ezekiel 39 in the UGV3

Ezekiel 39 in the VBL

Ezekiel 39 in the VDCC

Ezekiel 39 in the YALU

Ezekiel 39 in the YAPE

Ezekiel 39 in the YBVTP

Ezekiel 39 in the ZBP