Ezra 7 (IRVA)

1 এই সকলো হোৱাৰ পাছত, ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ সময়ত ইজ্ৰাৰ বংশধৰসকল, চৰায়া, অজৰিয়া, হিল্কিয়া, 2 চল্লুম, চাদোক, অহীটুব, 3 অমৰিয়া, অজৰিয়া, মৰায়োৎ, 4 জৰহীয়া, উজ্জী, বুক্কী, 5 অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত। 6 ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল। 7 ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল। 8 ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে। 9 তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল। 10 ইজ্ৰা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে। 11 ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন: 12 “স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ। 13 মই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্য ইস্রায়েলৰ পৰা কোনো এজন লোকে, তেওঁলোকৰ পুৰোহিত ও লেবীয়াসকলৰ লগত যি জনে নিজৰ ইচ্ছাৰে যিৰূচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে। 14 ঈশ্ৱৰৰ বিধান অনুসাৰে যিহূদা আৰু যিৰূচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজি-বিচাৰ ল’বলৈ মই, ৰজাই আৰু মোৰ সাতজন পৰামৰ্শদাতাই আপোনাক পঠালোঁ। 15 তেওঁলোকে মুক্তভাৱে যিৰূচালেমত থকা ইস্রায়েলৰ ঈশ্ৱৰক, আৰু তেওঁৰ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ, 16 লগতে লোক সমূহৰ যোগেদি আৰু পুৰোহিত সকলৰ দ্বাৰাই মুক্তভাৱে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব। 17 সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব। 18 অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব। 19 আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব। 20 তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব। 21 মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা। 22 এশ কিক্কৰলৈকে ৰূপ, এশ কোৰলৈকে ঘেঁহু, এশ বটললৈকে দ্রাক্ষাৰস, আৰু এশ বটললৈকে তেল, আৰু অপৰিমিতৰূপে লোণ দিব। 23 স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁৰ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে; কাৰণ তেওঁৰ ক্রোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম? 24 আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’। 25 হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন। 26 যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।” 27 আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে, 28 আৰু তেৱেঁই ৰজাৰ, তেওঁৰ পৰামৰ্শদাতাসকলৰ, আৰু তেওঁৰ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্ৱাসীৰূপে বিস্তৃত কৰিলে। মোৰ ঈশ্বৰ যিহোৱাৰ হাত মোৰ লগত থকা বাবে, মই বলৱান হৈছোঁ, আৰু মোৰ লগত যাবলৈ ইস্ৰায়েলৰ মাজৰ পৰা মূল লোকসকলক গোটালোঁ।

In Other Versions

Ezra 7 in the ANGEFD

Ezra 7 in the ANTPNG2D

Ezra 7 in the AS21

Ezra 7 in the BAGH

Ezra 7 in the BBPNG

Ezra 7 in the BBT1E

Ezra 7 in the BDS

Ezra 7 in the BEV

Ezra 7 in the BHAD

Ezra 7 in the BIB

Ezra 7 in the BLPT

Ezra 7 in the BNT

Ezra 7 in the BNTABOOT

Ezra 7 in the BNTLV

Ezra 7 in the BOATCB

Ezra 7 in the BOATCB2

Ezra 7 in the BOBCV

Ezra 7 in the BOCNT

Ezra 7 in the BOECS

Ezra 7 in the BOGWICC

Ezra 7 in the BOHCB

Ezra 7 in the BOHCV

Ezra 7 in the BOHLNT

Ezra 7 in the BOHNTLTAL

Ezra 7 in the BOICB

Ezra 7 in the BOILNTAP

Ezra 7 in the BOITCV

Ezra 7 in the BOKCV

Ezra 7 in the BOKCV2

Ezra 7 in the BOKHWOG

Ezra 7 in the BOKSSV

Ezra 7 in the BOLCB

Ezra 7 in the BOLCB2

Ezra 7 in the BOMCV

Ezra 7 in the BONAV

Ezra 7 in the BONCB

Ezra 7 in the BONLT

Ezra 7 in the BONUT2

Ezra 7 in the BOPLNT

Ezra 7 in the BOSCB

Ezra 7 in the BOSNC

Ezra 7 in the BOTLNT

Ezra 7 in the BOVCB

Ezra 7 in the BOYCB

Ezra 7 in the BPBB

Ezra 7 in the BPH

Ezra 7 in the BSB

Ezra 7 in the CCB

Ezra 7 in the CUV

Ezra 7 in the CUVS

Ezra 7 in the DBT

Ezra 7 in the DGDNT

Ezra 7 in the DHNT

Ezra 7 in the DNT

Ezra 7 in the ELBE

Ezra 7 in the EMTV

Ezra 7 in the ESV

Ezra 7 in the FBV

Ezra 7 in the FEB

Ezra 7 in the GGMNT

Ezra 7 in the GNT

Ezra 7 in the HARY

Ezra 7 in the HNT

Ezra 7 in the IRVB

Ezra 7 in the IRVG

Ezra 7 in the IRVH

Ezra 7 in the IRVK

Ezra 7 in the IRVM

Ezra 7 in the IRVM2

Ezra 7 in the IRVO

Ezra 7 in the IRVP

Ezra 7 in the IRVT

Ezra 7 in the IRVT2

Ezra 7 in the IRVU

Ezra 7 in the ISVN

Ezra 7 in the JSNT

Ezra 7 in the KAPI

Ezra 7 in the KBT1ETNIK

Ezra 7 in the KBV

Ezra 7 in the KJV

Ezra 7 in the KNFD

Ezra 7 in the LBA

Ezra 7 in the LBLA

Ezra 7 in the LNT

Ezra 7 in the LSV

Ezra 7 in the MAAL

Ezra 7 in the MBV

Ezra 7 in the MBV2

Ezra 7 in the MHNT

Ezra 7 in the MKNFD

Ezra 7 in the MNG

Ezra 7 in the MNT

Ezra 7 in the MNT2

Ezra 7 in the MRS1T

Ezra 7 in the NAA

Ezra 7 in the NASB

Ezra 7 in the NBLA

Ezra 7 in the NBS

Ezra 7 in the NBVTP

Ezra 7 in the NET2

Ezra 7 in the NIV11

Ezra 7 in the NNT

Ezra 7 in the NNT2

Ezra 7 in the NNT3

Ezra 7 in the PDDPT

Ezra 7 in the PFNT

Ezra 7 in the RMNT

Ezra 7 in the SBIAS

Ezra 7 in the SBIBS

Ezra 7 in the SBIBS2

Ezra 7 in the SBICS

Ezra 7 in the SBIDS

Ezra 7 in the SBIGS

Ezra 7 in the SBIHS

Ezra 7 in the SBIIS

Ezra 7 in the SBIIS2

Ezra 7 in the SBIIS3

Ezra 7 in the SBIKS

Ezra 7 in the SBIKS2

Ezra 7 in the SBIMS

Ezra 7 in the SBIOS

Ezra 7 in the SBIPS

Ezra 7 in the SBISS

Ezra 7 in the SBITS

Ezra 7 in the SBITS2

Ezra 7 in the SBITS3

Ezra 7 in the SBITS4

Ezra 7 in the SBIUS

Ezra 7 in the SBIVS

Ezra 7 in the SBT

Ezra 7 in the SBT1E

Ezra 7 in the SCHL

Ezra 7 in the SNT

Ezra 7 in the SUSU

Ezra 7 in the SUSU2

Ezra 7 in the SYNO

Ezra 7 in the TBIAOTANT

Ezra 7 in the TBT1E

Ezra 7 in the TBT1E2

Ezra 7 in the TFTIP

Ezra 7 in the TFTU

Ezra 7 in the TGNTATF3T

Ezra 7 in the THAI

Ezra 7 in the TNFD

Ezra 7 in the TNT

Ezra 7 in the TNTIK

Ezra 7 in the TNTIL

Ezra 7 in the TNTIN

Ezra 7 in the TNTIP

Ezra 7 in the TNTIZ

Ezra 7 in the TOMA

Ezra 7 in the TTENT

Ezra 7 in the UBG

Ezra 7 in the UGV

Ezra 7 in the UGV2

Ezra 7 in the UGV3

Ezra 7 in the VBL

Ezra 7 in the VDCC

Ezra 7 in the YALU

Ezra 7 in the YAPE

Ezra 7 in the YBVTP

Ezra 7 in the ZBP