Genesis 22 (IRVA)
1 এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।” 2 তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।” 3 সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে। 4 তিন দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে। 5 তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ প্রার্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।” 6 এইবুলি কৈ অব্ৰাহামে হোমবলিৰ কাঠখিনি তেওঁৰ পুত্ৰ ইচহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল’লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঁঢ়ি যাবলৈ ধৰিলে। 7 তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই ইয়াতে আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু কাঠ আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?” 8 অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল। 9 পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত কাঠ সজাই হ’ল। তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ কাঠৰ ওপৰত হ’ল। 10 তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ ছুৰীখন হাতত ল’লে। 11 তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।” 12 দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।” 13 তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে। 14 তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।” 15 পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। 16 তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে, 17 মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। 18 তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।” 19 পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল। 20 এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।” 21 তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম। 22 অন্যান্য সন্তান সকল কেচদ, হজো, পিলদচ, ফিদলফ, আৰু বথোৱেল। 23 এই বথোৱেলৰ ছোৱালীৰ নাম ৰিবেকা আছিল। মিল্কাই অব্ৰাহামৰ ককায়েক নাহোৰলৈ এই আঠজনক প্ৰসৱ কৰিলে। 24 নাহোৰৰ এগৰাকী উপপত্নী আছিল। তাইৰ নাম আছিল ৰোমা। তাই টেবহ, গহম, তহচ, আৰু মাখা এইসকলক প্ৰসৱ কৰিলে।
In Other Versions
Genesis 22 in the ANGEFD
Genesis 22 in the ANTPNG2D
Genesis 22 in the AS21
Genesis 22 in the BAGH
Genesis 22 in the BBPNG
Genesis 22 in the BBT1E
Genesis 22 in the BDS
Genesis 22 in the BEV
Genesis 22 in the BHAD
Genesis 22 in the BIB
Genesis 22 in the BLPT
Genesis 22 in the BNT
Genesis 22 in the BNTABOOT
Genesis 22 in the BNTLV
Genesis 22 in the BOATCB
Genesis 22 in the BOATCB2
Genesis 22 in the BOBCV
Genesis 22 in the BOCNT
Genesis 22 in the BOECS
Genesis 22 in the BOGWICC
Genesis 22 in the BOHCB
Genesis 22 in the BOHCV
Genesis 22 in the BOHLNT
Genesis 22 in the BOHNTLTAL
Genesis 22 in the BOICB
Genesis 22 in the BOILNTAP
Genesis 22 in the BOITCV
Genesis 22 in the BOKCV
Genesis 22 in the BOKCV2
Genesis 22 in the BOKHWOG
Genesis 22 in the BOKSSV
Genesis 22 in the BOLCB
Genesis 22 in the BOLCB2
Genesis 22 in the BOMCV
Genesis 22 in the BONAV
Genesis 22 in the BONCB
Genesis 22 in the BONLT
Genesis 22 in the BONUT2
Genesis 22 in the BOPLNT
Genesis 22 in the BOSCB
Genesis 22 in the BOSNC
Genesis 22 in the BOTLNT
Genesis 22 in the BOVCB
Genesis 22 in the BOYCB
Genesis 22 in the BPBB
Genesis 22 in the BPH
Genesis 22 in the BSB
Genesis 22 in the CCB
Genesis 22 in the CUV
Genesis 22 in the CUVS
Genesis 22 in the DBT
Genesis 22 in the DGDNT
Genesis 22 in the DHNT
Genesis 22 in the DNT
Genesis 22 in the ELBE
Genesis 22 in the EMTV
Genesis 22 in the ESV
Genesis 22 in the FBV
Genesis 22 in the FEB
Genesis 22 in the GGMNT
Genesis 22 in the GNT
Genesis 22 in the HARY
Genesis 22 in the HNT
Genesis 22 in the IRVB
Genesis 22 in the IRVG
Genesis 22 in the IRVH
Genesis 22 in the IRVK
Genesis 22 in the IRVM
Genesis 22 in the IRVM2
Genesis 22 in the IRVO
Genesis 22 in the IRVP
Genesis 22 in the IRVT
Genesis 22 in the IRVT2
Genesis 22 in the IRVU
Genesis 22 in the ISVN
Genesis 22 in the JSNT
Genesis 22 in the KAPI
Genesis 22 in the KBT1ETNIK
Genesis 22 in the KBV
Genesis 22 in the KJV
Genesis 22 in the KNFD
Genesis 22 in the LBA
Genesis 22 in the LBLA
Genesis 22 in the LNT
Genesis 22 in the LSV
Genesis 22 in the MAAL
Genesis 22 in the MBV
Genesis 22 in the MBV2
Genesis 22 in the MHNT
Genesis 22 in the MKNFD
Genesis 22 in the MNG
Genesis 22 in the MNT
Genesis 22 in the MNT2
Genesis 22 in the MRS1T
Genesis 22 in the NAA
Genesis 22 in the NASB
Genesis 22 in the NBLA
Genesis 22 in the NBS
Genesis 22 in the NBVTP
Genesis 22 in the NET2
Genesis 22 in the NIV11
Genesis 22 in the NNT
Genesis 22 in the NNT2
Genesis 22 in the NNT3
Genesis 22 in the PDDPT
Genesis 22 in the PFNT
Genesis 22 in the RMNT
Genesis 22 in the SBIAS
Genesis 22 in the SBIBS
Genesis 22 in the SBIBS2
Genesis 22 in the SBICS
Genesis 22 in the SBIDS
Genesis 22 in the SBIGS
Genesis 22 in the SBIHS
Genesis 22 in the SBIIS
Genesis 22 in the SBIIS2
Genesis 22 in the SBIIS3
Genesis 22 in the SBIKS
Genesis 22 in the SBIKS2
Genesis 22 in the SBIMS
Genesis 22 in the SBIOS
Genesis 22 in the SBIPS
Genesis 22 in the SBISS
Genesis 22 in the SBITS
Genesis 22 in the SBITS2
Genesis 22 in the SBITS3
Genesis 22 in the SBITS4
Genesis 22 in the SBIUS
Genesis 22 in the SBIVS
Genesis 22 in the SBT
Genesis 22 in the SBT1E
Genesis 22 in the SCHL
Genesis 22 in the SNT
Genesis 22 in the SUSU
Genesis 22 in the SUSU2
Genesis 22 in the SYNO
Genesis 22 in the TBIAOTANT
Genesis 22 in the TBT1E
Genesis 22 in the TBT1E2
Genesis 22 in the TFTIP
Genesis 22 in the TFTU
Genesis 22 in the TGNTATF3T
Genesis 22 in the THAI
Genesis 22 in the TNFD
Genesis 22 in the TNT
Genesis 22 in the TNTIK
Genesis 22 in the TNTIL
Genesis 22 in the TNTIN
Genesis 22 in the TNTIP
Genesis 22 in the TNTIZ
Genesis 22 in the TOMA
Genesis 22 in the TTENT
Genesis 22 in the UBG
Genesis 22 in the UGV
Genesis 22 in the UGV2
Genesis 22 in the UGV3
Genesis 22 in the VBL
Genesis 22 in the VDCC
Genesis 22 in the YALU
Genesis 22 in the YAPE
Genesis 22 in the YBVTP
Genesis 22 in the ZBP