Genesis 29 (IRVA)

1 পাছত যাকোবে যাত্ৰা কৰি কৰি পূৱদেশীয় লোকসকলৰ দেশ পালেগৈ। 2 তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল। 3 যেতিয়া মেৰ-ছাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰ-ছাগবোৰক পানী খুৱায় আৰু তাৰ পাছত পুণৰায় নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে। 4 যাকোবে তেওঁলোকক সুধিলে “হে ভাইসকল, আপোনালোক ক’ৰ মানুহ?” তেওঁলোকে ক’লে “আমি হাৰণৰ মানুহ।” 5 যাকোবে তেওঁলোকক সুধিলে, “আপোনালোকে নাহোৰৰ পো-নাতি লাবনক চিনি পাইনে?” তেওঁলোকে ক’লে, “হয়, আমি চিনি পাওঁ।” 6 তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।” 7 যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।” 8 কিন্তু তেওঁলোকে ক’লে, “আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায় মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ; পাছত নাদৰ মুখৰ পৰা শিলটো আতৰোৱা হব আৰু তেতিয়াহে আমি মেৰ-ছাগবোৰক পানী খুৱাব পাৰিম।” 9 যাকোবে তেওঁলোকৰ সৈতে কথাবাৰ্তা হৈ থাকোঁতেই, ৰাহেলে নিজৰ পিতৃৰ মেৰ-ছাগবোৰক লৈ সেই ঠাই পালেহি; কিয়নো তেওঁ সেই জাকবোৰক চৰাইছিল। 10 যাকোবে নিজৰ মোমায়েক লাবনৰ জীয়েক ৰাহেল আৰু তেওঁৰ মেৰ-ছাগবোৰক দেখি ওচৰ চাপি গ’ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰ-ছাগৰ জাকক পানী খুৱালে। 11 তাৰ পাছত যাকোবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে। 12 তেওঁ ৰাহেলক জনালে যে, তেওঁ তাইৰ পিতৃৰ আত্মীয়, ৰিবেকাৰ ল’ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে। 13 লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে। 14 লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল। 15 এদিন লাবনে যাকোবক ক’লে, “তুমি মোৰ আত্মীয় হোৱা বাবে জানো বিনা পাৰিশ্রমিককেৰে মোৰ সেৱা কৰা উচিত? তুমি কি বেচ লবা, তাক মোক কোৱা।” 16 লাবনৰ দুজনী জীয়েক আছিল; তাৰে বৰ জনীৰ নাম লেয়া আৰু সৰু জনীৰ নাম ৰাহেল। 17 লেয়াৰ চকু দুটা দুৰ্বল দৃষ্টিশক্তিৰ আছিল; কিন্তু ৰাহেল গঠণত ধুনীয়া আৰু দেখনীয়া আছিল। 18 যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।” 19 তেতিয়া লাবনে ক’লে, “ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল; তুমি মোৰ লগতে থাকা।” 20 সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল। 21 তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ কামৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।” 22 তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে। 23 পাছত সন্ধিয়া সময়ত লাবনে তেওঁৰ জীয়েক লেয়াক আনি যাকোবৰ ওচৰত দিলে আৰু যাকোবে লেয়াক শয্যাৰ সঙ্গী কৰিলে। 24 লাবনে নিজৰ দাসী জিল্পাক জীয়েক লেয়াক তেওঁৰ দাসী হিচাবে দিলে। 25 ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?” 26 তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই। 27 এতিয়া তুমি মোৰ এই ছোৱালীৰ বিবাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।” 28 তেতিয়া যাকোবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূর্ণ কৰিলে। তাৰ পাছত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে। 29 লাবনে তেওঁৰ দাসী বিলহাকো জীয়েক ৰাহেলক তেওঁৰ দাসী ৰূপে দিলে। 30 এইদৰে যাকোবে ৰাহেলকো বিয়া কৰিলে; কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে; তাৰ পাছত তেওঁ আৰু সাত বছৰ খাটি লাবনৰ সেৱা কৰিলে। 31 যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিঃসন্তান হ’ল। 32 লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।” 33 তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ’ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক’লে, “মোক অৱহেলা কৰাৰ কথা যিহোৱাই শুনিলে আৰু সেয়ে মোক এই ল’ৰাটিও দিলে।” তেওঁ সেই পুত্রৰ নাম চিমিয়োন [শ্ৰৱণ] ৰাখিলে। 34 পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মোৰ স্বামী মোত আসক্ত হ’ব; কিয়নো মই তেওঁলৈ তিনিটি পুত্ৰ প্ৰসৱ কৰিলোঁ।” এইবুলি তেওঁ ল’ৰাটোৰ নাম লেবী ৰাখিলে। 35 তাৰ পাছত তেওঁ পুনৰায় গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মই যিহোৱাৰ প্ৰশংসা কৰিম।” সেয়ে তেওঁ ল’ৰাটোৰ নাম যিহূদা ৰাখিলে; তাৰ পাছত তেওঁৰ আৰু সন্তান জন্ম নহ’ল।

In Other Versions

Genesis 29 in the ANGEFD

Genesis 29 in the ANTPNG2D

Genesis 29 in the AS21

Genesis 29 in the BAGH

Genesis 29 in the BBPNG

Genesis 29 in the BBT1E

Genesis 29 in the BDS

Genesis 29 in the BEV

Genesis 29 in the BHAD

Genesis 29 in the BIB

Genesis 29 in the BLPT

Genesis 29 in the BNT

Genesis 29 in the BNTABOOT

Genesis 29 in the BNTLV

Genesis 29 in the BOATCB

Genesis 29 in the BOATCB2

Genesis 29 in the BOBCV

Genesis 29 in the BOCNT

Genesis 29 in the BOECS

Genesis 29 in the BOGWICC

Genesis 29 in the BOHCB

Genesis 29 in the BOHCV

Genesis 29 in the BOHLNT

Genesis 29 in the BOHNTLTAL

Genesis 29 in the BOICB

Genesis 29 in the BOILNTAP

Genesis 29 in the BOITCV

Genesis 29 in the BOKCV

Genesis 29 in the BOKCV2

Genesis 29 in the BOKHWOG

Genesis 29 in the BOKSSV

Genesis 29 in the BOLCB

Genesis 29 in the BOLCB2

Genesis 29 in the BOMCV

Genesis 29 in the BONAV

Genesis 29 in the BONCB

Genesis 29 in the BONLT

Genesis 29 in the BONUT2

Genesis 29 in the BOPLNT

Genesis 29 in the BOSCB

Genesis 29 in the BOSNC

Genesis 29 in the BOTLNT

Genesis 29 in the BOVCB

Genesis 29 in the BOYCB

Genesis 29 in the BPBB

Genesis 29 in the BPH

Genesis 29 in the BSB

Genesis 29 in the CCB

Genesis 29 in the CUV

Genesis 29 in the CUVS

Genesis 29 in the DBT

Genesis 29 in the DGDNT

Genesis 29 in the DHNT

Genesis 29 in the DNT

Genesis 29 in the ELBE

Genesis 29 in the EMTV

Genesis 29 in the ESV

Genesis 29 in the FBV

Genesis 29 in the FEB

Genesis 29 in the GGMNT

Genesis 29 in the GNT

Genesis 29 in the HARY

Genesis 29 in the HNT

Genesis 29 in the IRVB

Genesis 29 in the IRVG

Genesis 29 in the IRVH

Genesis 29 in the IRVK

Genesis 29 in the IRVM

Genesis 29 in the IRVM2

Genesis 29 in the IRVO

Genesis 29 in the IRVP

Genesis 29 in the IRVT

Genesis 29 in the IRVT2

Genesis 29 in the IRVU

Genesis 29 in the ISVN

Genesis 29 in the JSNT

Genesis 29 in the KAPI

Genesis 29 in the KBT1ETNIK

Genesis 29 in the KBV

Genesis 29 in the KJV

Genesis 29 in the KNFD

Genesis 29 in the LBA

Genesis 29 in the LBLA

Genesis 29 in the LNT

Genesis 29 in the LSV

Genesis 29 in the MAAL

Genesis 29 in the MBV

Genesis 29 in the MBV2

Genesis 29 in the MHNT

Genesis 29 in the MKNFD

Genesis 29 in the MNG

Genesis 29 in the MNT

Genesis 29 in the MNT2

Genesis 29 in the MRS1T

Genesis 29 in the NAA

Genesis 29 in the NASB

Genesis 29 in the NBLA

Genesis 29 in the NBS

Genesis 29 in the NBVTP

Genesis 29 in the NET2

Genesis 29 in the NIV11

Genesis 29 in the NNT

Genesis 29 in the NNT2

Genesis 29 in the NNT3

Genesis 29 in the PDDPT

Genesis 29 in the PFNT

Genesis 29 in the RMNT

Genesis 29 in the SBIAS

Genesis 29 in the SBIBS

Genesis 29 in the SBIBS2

Genesis 29 in the SBICS

Genesis 29 in the SBIDS

Genesis 29 in the SBIGS

Genesis 29 in the SBIHS

Genesis 29 in the SBIIS

Genesis 29 in the SBIIS2

Genesis 29 in the SBIIS3

Genesis 29 in the SBIKS

Genesis 29 in the SBIKS2

Genesis 29 in the SBIMS

Genesis 29 in the SBIOS

Genesis 29 in the SBIPS

Genesis 29 in the SBISS

Genesis 29 in the SBITS

Genesis 29 in the SBITS2

Genesis 29 in the SBITS3

Genesis 29 in the SBITS4

Genesis 29 in the SBIUS

Genesis 29 in the SBIVS

Genesis 29 in the SBT

Genesis 29 in the SBT1E

Genesis 29 in the SCHL

Genesis 29 in the SNT

Genesis 29 in the SUSU

Genesis 29 in the SUSU2

Genesis 29 in the SYNO

Genesis 29 in the TBIAOTANT

Genesis 29 in the TBT1E

Genesis 29 in the TBT1E2

Genesis 29 in the TFTIP

Genesis 29 in the TFTU

Genesis 29 in the TGNTATF3T

Genesis 29 in the THAI

Genesis 29 in the TNFD

Genesis 29 in the TNT

Genesis 29 in the TNTIK

Genesis 29 in the TNTIL

Genesis 29 in the TNTIN

Genesis 29 in the TNTIP

Genesis 29 in the TNTIZ

Genesis 29 in the TOMA

Genesis 29 in the TTENT

Genesis 29 in the UBG

Genesis 29 in the UGV

Genesis 29 in the UGV2

Genesis 29 in the UGV3

Genesis 29 in the VBL

Genesis 29 in the VDCC

Genesis 29 in the YALU

Genesis 29 in the YAPE

Genesis 29 in the YBVTP

Genesis 29 in the ZBP