Judges 19 (IRVA)

1 যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল; 2 পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল। 3 পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে। 4 সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল। 5 পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।” 6 তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।” 7 তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল। 8 পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে। 9 পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।” 10 কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল। 11 তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।” 12 কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।” 13 তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।” 14 এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল। 15 তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে। 16 সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল। 17 সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?” 18 তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহলৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই। 19 আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।” 20 তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়ীত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।” 21 পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে। 22 এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।” 23 তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা। 24 চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।” 25 তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল। 26 পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল। 27 পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে। 28 তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল। 29 যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে। 30 যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”

In Other Versions

Judges 19 in the ANGEFD

Judges 19 in the ANTPNG2D

Judges 19 in the AS21

Judges 19 in the BAGH

Judges 19 in the BBPNG

Judges 19 in the BBT1E

Judges 19 in the BDS

Judges 19 in the BEV

Judges 19 in the BHAD

Judges 19 in the BIB

Judges 19 in the BLPT

Judges 19 in the BNT

Judges 19 in the BNTABOOT

Judges 19 in the BNTLV

Judges 19 in the BOATCB

Judges 19 in the BOATCB2

Judges 19 in the BOBCV

Judges 19 in the BOCNT

Judges 19 in the BOECS

Judges 19 in the BOGWICC

Judges 19 in the BOHCB

Judges 19 in the BOHCV

Judges 19 in the BOHLNT

Judges 19 in the BOHNTLTAL

Judges 19 in the BOICB

Judges 19 in the BOILNTAP

Judges 19 in the BOITCV

Judges 19 in the BOKCV

Judges 19 in the BOKCV2

Judges 19 in the BOKHWOG

Judges 19 in the BOKSSV

Judges 19 in the BOLCB

Judges 19 in the BOLCB2

Judges 19 in the BOMCV

Judges 19 in the BONAV

Judges 19 in the BONCB

Judges 19 in the BONLT

Judges 19 in the BONUT2

Judges 19 in the BOPLNT

Judges 19 in the BOSCB

Judges 19 in the BOSNC

Judges 19 in the BOTLNT

Judges 19 in the BOVCB

Judges 19 in the BOYCB

Judges 19 in the BPBB

Judges 19 in the BPH

Judges 19 in the BSB

Judges 19 in the CCB

Judges 19 in the CUV

Judges 19 in the CUVS

Judges 19 in the DBT

Judges 19 in the DGDNT

Judges 19 in the DHNT

Judges 19 in the DNT

Judges 19 in the ELBE

Judges 19 in the EMTV

Judges 19 in the ESV

Judges 19 in the FBV

Judges 19 in the FEB

Judges 19 in the GGMNT

Judges 19 in the GNT

Judges 19 in the HARY

Judges 19 in the HNT

Judges 19 in the IRVB

Judges 19 in the IRVG

Judges 19 in the IRVH

Judges 19 in the IRVK

Judges 19 in the IRVM

Judges 19 in the IRVM2

Judges 19 in the IRVO

Judges 19 in the IRVP

Judges 19 in the IRVT

Judges 19 in the IRVT2

Judges 19 in the IRVU

Judges 19 in the ISVN

Judges 19 in the JSNT

Judges 19 in the KAPI

Judges 19 in the KBT1ETNIK

Judges 19 in the KBV

Judges 19 in the KJV

Judges 19 in the KNFD

Judges 19 in the LBA

Judges 19 in the LBLA

Judges 19 in the LNT

Judges 19 in the LSV

Judges 19 in the MAAL

Judges 19 in the MBV

Judges 19 in the MBV2

Judges 19 in the MHNT

Judges 19 in the MKNFD

Judges 19 in the MNG

Judges 19 in the MNT

Judges 19 in the MNT2

Judges 19 in the MRS1T

Judges 19 in the NAA

Judges 19 in the NASB

Judges 19 in the NBLA

Judges 19 in the NBS

Judges 19 in the NBVTP

Judges 19 in the NET2

Judges 19 in the NIV11

Judges 19 in the NNT

Judges 19 in the NNT2

Judges 19 in the NNT3

Judges 19 in the PDDPT

Judges 19 in the PFNT

Judges 19 in the RMNT

Judges 19 in the SBIAS

Judges 19 in the SBIBS

Judges 19 in the SBIBS2

Judges 19 in the SBICS

Judges 19 in the SBIDS

Judges 19 in the SBIGS

Judges 19 in the SBIHS

Judges 19 in the SBIIS

Judges 19 in the SBIIS2

Judges 19 in the SBIIS3

Judges 19 in the SBIKS

Judges 19 in the SBIKS2

Judges 19 in the SBIMS

Judges 19 in the SBIOS

Judges 19 in the SBIPS

Judges 19 in the SBISS

Judges 19 in the SBITS

Judges 19 in the SBITS2

Judges 19 in the SBITS3

Judges 19 in the SBITS4

Judges 19 in the SBIUS

Judges 19 in the SBIVS

Judges 19 in the SBT

Judges 19 in the SBT1E

Judges 19 in the SCHL

Judges 19 in the SNT

Judges 19 in the SUSU

Judges 19 in the SUSU2

Judges 19 in the SYNO

Judges 19 in the TBIAOTANT

Judges 19 in the TBT1E

Judges 19 in the TBT1E2

Judges 19 in the TFTIP

Judges 19 in the TFTU

Judges 19 in the TGNTATF3T

Judges 19 in the THAI

Judges 19 in the TNFD

Judges 19 in the TNT

Judges 19 in the TNTIK

Judges 19 in the TNTIL

Judges 19 in the TNTIN

Judges 19 in the TNTIP

Judges 19 in the TNTIZ

Judges 19 in the TOMA

Judges 19 in the TTENT

Judges 19 in the UBG

Judges 19 in the UGV

Judges 19 in the UGV2

Judges 19 in the UGV3

Judges 19 in the VBL

Judges 19 in the VDCC

Judges 19 in the YALU

Judges 19 in the YAPE

Judges 19 in the YBVTP

Judges 19 in the ZBP