Judges 21 (IRVA)

1 ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।” 2 পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে, 3 “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক ফৈদ লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?” 4 পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে। 5 তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল। 6 ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল; 7 এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।” 8 এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই। 9 কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই। 10 তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।” 11 “তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।” 12 সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল। 13 তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে। 14 এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল। 15 ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল। 16 ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?” 17 তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে। 18 আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।” 19 তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।” 20 তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা। 21 যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা। 22 তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।” 23 তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে। 24 সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে। 25 এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।

In Other Versions

Judges 21 in the ANGEFD

Judges 21 in the ANTPNG2D

Judges 21 in the AS21

Judges 21 in the BAGH

Judges 21 in the BBPNG

Judges 21 in the BBT1E

Judges 21 in the BDS

Judges 21 in the BEV

Judges 21 in the BHAD

Judges 21 in the BIB

Judges 21 in the BLPT

Judges 21 in the BNT

Judges 21 in the BNTABOOT

Judges 21 in the BNTLV

Judges 21 in the BOATCB

Judges 21 in the BOATCB2

Judges 21 in the BOBCV

Judges 21 in the BOCNT

Judges 21 in the BOECS

Judges 21 in the BOGWICC

Judges 21 in the BOHCB

Judges 21 in the BOHCV

Judges 21 in the BOHLNT

Judges 21 in the BOHNTLTAL

Judges 21 in the BOICB

Judges 21 in the BOILNTAP

Judges 21 in the BOITCV

Judges 21 in the BOKCV

Judges 21 in the BOKCV2

Judges 21 in the BOKHWOG

Judges 21 in the BOKSSV

Judges 21 in the BOLCB

Judges 21 in the BOLCB2

Judges 21 in the BOMCV

Judges 21 in the BONAV

Judges 21 in the BONCB

Judges 21 in the BONLT

Judges 21 in the BONUT2

Judges 21 in the BOPLNT

Judges 21 in the BOSCB

Judges 21 in the BOSNC

Judges 21 in the BOTLNT

Judges 21 in the BOVCB

Judges 21 in the BOYCB

Judges 21 in the BPBB

Judges 21 in the BPH

Judges 21 in the BSB

Judges 21 in the CCB

Judges 21 in the CUV

Judges 21 in the CUVS

Judges 21 in the DBT

Judges 21 in the DGDNT

Judges 21 in the DHNT

Judges 21 in the DNT

Judges 21 in the ELBE

Judges 21 in the EMTV

Judges 21 in the ESV

Judges 21 in the FBV

Judges 21 in the FEB

Judges 21 in the GGMNT

Judges 21 in the GNT

Judges 21 in the HARY

Judges 21 in the HNT

Judges 21 in the IRVB

Judges 21 in the IRVG

Judges 21 in the IRVH

Judges 21 in the IRVK

Judges 21 in the IRVM

Judges 21 in the IRVM2

Judges 21 in the IRVO

Judges 21 in the IRVP

Judges 21 in the IRVT

Judges 21 in the IRVT2

Judges 21 in the IRVU

Judges 21 in the ISVN

Judges 21 in the JSNT

Judges 21 in the KAPI

Judges 21 in the KBT1ETNIK

Judges 21 in the KBV

Judges 21 in the KJV

Judges 21 in the KNFD

Judges 21 in the LBA

Judges 21 in the LBLA

Judges 21 in the LNT

Judges 21 in the LSV

Judges 21 in the MAAL

Judges 21 in the MBV

Judges 21 in the MBV2

Judges 21 in the MHNT

Judges 21 in the MKNFD

Judges 21 in the MNG

Judges 21 in the MNT

Judges 21 in the MNT2

Judges 21 in the MRS1T

Judges 21 in the NAA

Judges 21 in the NASB

Judges 21 in the NBLA

Judges 21 in the NBS

Judges 21 in the NBVTP

Judges 21 in the NET2

Judges 21 in the NIV11

Judges 21 in the NNT

Judges 21 in the NNT2

Judges 21 in the NNT3

Judges 21 in the PDDPT

Judges 21 in the PFNT

Judges 21 in the RMNT

Judges 21 in the SBIAS

Judges 21 in the SBIBS

Judges 21 in the SBIBS2

Judges 21 in the SBICS

Judges 21 in the SBIDS

Judges 21 in the SBIGS

Judges 21 in the SBIHS

Judges 21 in the SBIIS

Judges 21 in the SBIIS2

Judges 21 in the SBIIS3

Judges 21 in the SBIKS

Judges 21 in the SBIKS2

Judges 21 in the SBIMS

Judges 21 in the SBIOS

Judges 21 in the SBIPS

Judges 21 in the SBISS

Judges 21 in the SBITS

Judges 21 in the SBITS2

Judges 21 in the SBITS3

Judges 21 in the SBITS4

Judges 21 in the SBIUS

Judges 21 in the SBIVS

Judges 21 in the SBT

Judges 21 in the SBT1E

Judges 21 in the SCHL

Judges 21 in the SNT

Judges 21 in the SUSU

Judges 21 in the SUSU2

Judges 21 in the SYNO

Judges 21 in the TBIAOTANT

Judges 21 in the TBT1E

Judges 21 in the TBT1E2

Judges 21 in the TFTIP

Judges 21 in the TFTU

Judges 21 in the TGNTATF3T

Judges 21 in the THAI

Judges 21 in the TNFD

Judges 21 in the TNT

Judges 21 in the TNTIK

Judges 21 in the TNTIL

Judges 21 in the TNTIN

Judges 21 in the TNTIP

Judges 21 in the TNTIZ

Judges 21 in the TOMA

Judges 21 in the TTENT

Judges 21 in the UBG

Judges 21 in the UGV

Judges 21 in the UGV2

Judges 21 in the UGV3

Judges 21 in the VBL

Judges 21 in the VDCC

Judges 21 in the YALU

Judges 21 in the YAPE

Judges 21 in the YBVTP

Judges 21 in the ZBP