Joshua 23 (IRVA)
1 এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷ 2 তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো। 3 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ কাৰণে এই সকলো জাতিলৈ যি যি কৰিলে, সেই বিষয়ে তোমালোকে দেখি আছাহঁক, কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিলে। 4 চোৱা! যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ দেশৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য মাৰ যোৱা ফালে মহা সমুদ্ৰলৈকে সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰক আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই ভগাই দিলোঁ। 5 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা। 6 এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা, 7 তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷ 8 কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা। 9 কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই। 10 তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা। 11 এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷ 12 নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়, 13 তেন্তে, নিশ্চয়ে জানিবা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতি সমূহক দূৰ নকৰিব৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোক বিনষ্ট নোহোৱালৈকে সিহঁত তোমালোকৰ জাল আৰু ফান্দ, গাত কোবোৱা চাবুক আৰু চকুত লগা কাঁইট স্বৰূপ হৈ থাকিব। 14 চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই। 15 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গলৰ বাক্যও সিদ্ধ কৰিব। 16 নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
In Other Versions
Joshua 23 in the ANGEFD
Joshua 23 in the ANTPNG2D
Joshua 23 in the AS21
Joshua 23 in the BAGH
Joshua 23 in the BBPNG
Joshua 23 in the BBT1E
Joshua 23 in the BDS
Joshua 23 in the BEV
Joshua 23 in the BHAD
Joshua 23 in the BIB
Joshua 23 in the BLPT
Joshua 23 in the BNT
Joshua 23 in the BNTABOOT
Joshua 23 in the BNTLV
Joshua 23 in the BOATCB
Joshua 23 in the BOATCB2
Joshua 23 in the BOBCV
Joshua 23 in the BOCNT
Joshua 23 in the BOECS
Joshua 23 in the BOGWICC
Joshua 23 in the BOHCB
Joshua 23 in the BOHCV
Joshua 23 in the BOHLNT
Joshua 23 in the BOHNTLTAL
Joshua 23 in the BOICB
Joshua 23 in the BOILNTAP
Joshua 23 in the BOITCV
Joshua 23 in the BOKCV
Joshua 23 in the BOKCV2
Joshua 23 in the BOKHWOG
Joshua 23 in the BOKSSV
Joshua 23 in the BOLCB
Joshua 23 in the BOLCB2
Joshua 23 in the BOMCV
Joshua 23 in the BONAV
Joshua 23 in the BONCB
Joshua 23 in the BONLT
Joshua 23 in the BONUT2
Joshua 23 in the BOPLNT
Joshua 23 in the BOSCB
Joshua 23 in the BOSNC
Joshua 23 in the BOTLNT
Joshua 23 in the BOVCB
Joshua 23 in the BOYCB
Joshua 23 in the BPBB
Joshua 23 in the BPH
Joshua 23 in the BSB
Joshua 23 in the CCB
Joshua 23 in the CUV
Joshua 23 in the CUVS
Joshua 23 in the DBT
Joshua 23 in the DGDNT
Joshua 23 in the DHNT
Joshua 23 in the DNT
Joshua 23 in the ELBE
Joshua 23 in the EMTV
Joshua 23 in the ESV
Joshua 23 in the FBV
Joshua 23 in the FEB
Joshua 23 in the GGMNT
Joshua 23 in the GNT
Joshua 23 in the HARY
Joshua 23 in the HNT
Joshua 23 in the IRVB
Joshua 23 in the IRVG
Joshua 23 in the IRVH
Joshua 23 in the IRVK
Joshua 23 in the IRVM
Joshua 23 in the IRVM2
Joshua 23 in the IRVO
Joshua 23 in the IRVP
Joshua 23 in the IRVT
Joshua 23 in the IRVT2
Joshua 23 in the IRVU
Joshua 23 in the ISVN
Joshua 23 in the JSNT
Joshua 23 in the KAPI
Joshua 23 in the KBT1ETNIK
Joshua 23 in the KBV
Joshua 23 in the KJV
Joshua 23 in the KNFD
Joshua 23 in the LBA
Joshua 23 in the LBLA
Joshua 23 in the LNT
Joshua 23 in the LSV
Joshua 23 in the MAAL
Joshua 23 in the MBV
Joshua 23 in the MBV2
Joshua 23 in the MHNT
Joshua 23 in the MKNFD
Joshua 23 in the MNG
Joshua 23 in the MNT
Joshua 23 in the MNT2
Joshua 23 in the MRS1T
Joshua 23 in the NAA
Joshua 23 in the NASB
Joshua 23 in the NBLA
Joshua 23 in the NBS
Joshua 23 in the NBVTP
Joshua 23 in the NET2
Joshua 23 in the NIV11
Joshua 23 in the NNT
Joshua 23 in the NNT2
Joshua 23 in the NNT3
Joshua 23 in the PDDPT
Joshua 23 in the PFNT
Joshua 23 in the RMNT
Joshua 23 in the SBIAS
Joshua 23 in the SBIBS
Joshua 23 in the SBIBS2
Joshua 23 in the SBICS
Joshua 23 in the SBIDS
Joshua 23 in the SBIGS
Joshua 23 in the SBIHS
Joshua 23 in the SBIIS
Joshua 23 in the SBIIS2
Joshua 23 in the SBIIS3
Joshua 23 in the SBIKS
Joshua 23 in the SBIKS2
Joshua 23 in the SBIMS
Joshua 23 in the SBIOS
Joshua 23 in the SBIPS
Joshua 23 in the SBISS
Joshua 23 in the SBITS
Joshua 23 in the SBITS2
Joshua 23 in the SBITS3
Joshua 23 in the SBITS4
Joshua 23 in the SBIUS
Joshua 23 in the SBIVS
Joshua 23 in the SBT
Joshua 23 in the SBT1E
Joshua 23 in the SCHL
Joshua 23 in the SNT
Joshua 23 in the SUSU
Joshua 23 in the SUSU2
Joshua 23 in the SYNO
Joshua 23 in the TBIAOTANT
Joshua 23 in the TBT1E
Joshua 23 in the TBT1E2
Joshua 23 in the TFTIP
Joshua 23 in the TFTU
Joshua 23 in the TGNTATF3T
Joshua 23 in the THAI
Joshua 23 in the TNFD
Joshua 23 in the TNT
Joshua 23 in the TNTIK
Joshua 23 in the TNTIL
Joshua 23 in the TNTIN
Joshua 23 in the TNTIP
Joshua 23 in the TNTIZ
Joshua 23 in the TOMA
Joshua 23 in the TTENT
Joshua 23 in the UBG
Joshua 23 in the UGV
Joshua 23 in the UGV2
Joshua 23 in the UGV3
Joshua 23 in the VBL
Joshua 23 in the VDCC
Joshua 23 in the YALU
Joshua 23 in the YAPE
Joshua 23 in the YBVTP
Joshua 23 in the ZBP