Leviticus 27 (IRVA)

1 আৰু এইদৰে যিহোৱাই মোচিক কৈছিল আৰু ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহোৱাৰ উদ্দেশ্যে মানুহে দিয়া সঙ্কল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা। 3 তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব। 4 কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব। 5 আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব। 6 আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব। 7 আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব। 8 কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। 9 আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব। 10 তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব। 11 আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব। 12 সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব। 13 গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব। 14 আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব। 15 আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব। 16 আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব। 17 যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব। 18 আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব। 19 আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব। 20 কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব। 21 কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব। 22 আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে, 23 তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব। 24 সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব। 25 আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়। 26 তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই। 27 যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব। 28 তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ। 29 মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব। 30 আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ। 31 আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব। 32 আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব। 33 তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নসলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ’ব। তাক মোকলোৱা নাযাব’।” 34 এইবোৰ আজ্ঞাই ইস্ৰায়েলৰ সন্তান সকলৰ বাবে যিহোৱাই চীনয় পৰ্ব্বতত মোচিক দিছিল।

In Other Versions

Leviticus 27 in the ANGEFD

Leviticus 27 in the ANTPNG2D

Leviticus 27 in the AS21

Leviticus 27 in the BAGH

Leviticus 27 in the BBPNG

Leviticus 27 in the BBT1E

Leviticus 27 in the BDS

Leviticus 27 in the BEV

Leviticus 27 in the BHAD

Leviticus 27 in the BIB

Leviticus 27 in the BLPT

Leviticus 27 in the BNT

Leviticus 27 in the BNTABOOT

Leviticus 27 in the BNTLV

Leviticus 27 in the BOATCB

Leviticus 27 in the BOATCB2

Leviticus 27 in the BOBCV

Leviticus 27 in the BOCNT

Leviticus 27 in the BOECS

Leviticus 27 in the BOGWICC

Leviticus 27 in the BOHCB

Leviticus 27 in the BOHCV

Leviticus 27 in the BOHLNT

Leviticus 27 in the BOHNTLTAL

Leviticus 27 in the BOICB

Leviticus 27 in the BOILNTAP

Leviticus 27 in the BOITCV

Leviticus 27 in the BOKCV

Leviticus 27 in the BOKCV2

Leviticus 27 in the BOKHWOG

Leviticus 27 in the BOKSSV

Leviticus 27 in the BOLCB

Leviticus 27 in the BOLCB2

Leviticus 27 in the BOMCV

Leviticus 27 in the BONAV

Leviticus 27 in the BONCB

Leviticus 27 in the BONLT

Leviticus 27 in the BONUT2

Leviticus 27 in the BOPLNT

Leviticus 27 in the BOSCB

Leviticus 27 in the BOSNC

Leviticus 27 in the BOTLNT

Leviticus 27 in the BOVCB

Leviticus 27 in the BOYCB

Leviticus 27 in the BPBB

Leviticus 27 in the BPH

Leviticus 27 in the BSB

Leviticus 27 in the CCB

Leviticus 27 in the CUV

Leviticus 27 in the CUVS

Leviticus 27 in the DBT

Leviticus 27 in the DGDNT

Leviticus 27 in the DHNT

Leviticus 27 in the DNT

Leviticus 27 in the ELBE

Leviticus 27 in the EMTV

Leviticus 27 in the ESV

Leviticus 27 in the FBV

Leviticus 27 in the FEB

Leviticus 27 in the GGMNT

Leviticus 27 in the GNT

Leviticus 27 in the HARY

Leviticus 27 in the HNT

Leviticus 27 in the IRVB

Leviticus 27 in the IRVG

Leviticus 27 in the IRVH

Leviticus 27 in the IRVK

Leviticus 27 in the IRVM

Leviticus 27 in the IRVM2

Leviticus 27 in the IRVO

Leviticus 27 in the IRVP

Leviticus 27 in the IRVT

Leviticus 27 in the IRVT2

Leviticus 27 in the IRVU

Leviticus 27 in the ISVN

Leviticus 27 in the JSNT

Leviticus 27 in the KAPI

Leviticus 27 in the KBT1ETNIK

Leviticus 27 in the KBV

Leviticus 27 in the KJV

Leviticus 27 in the KNFD

Leviticus 27 in the LBA

Leviticus 27 in the LBLA

Leviticus 27 in the LNT

Leviticus 27 in the LSV

Leviticus 27 in the MAAL

Leviticus 27 in the MBV

Leviticus 27 in the MBV2

Leviticus 27 in the MHNT

Leviticus 27 in the MKNFD

Leviticus 27 in the MNG

Leviticus 27 in the MNT

Leviticus 27 in the MNT2

Leviticus 27 in the MRS1T

Leviticus 27 in the NAA

Leviticus 27 in the NASB

Leviticus 27 in the NBLA

Leviticus 27 in the NBS

Leviticus 27 in the NBVTP

Leviticus 27 in the NET2

Leviticus 27 in the NIV11

Leviticus 27 in the NNT

Leviticus 27 in the NNT2

Leviticus 27 in the NNT3

Leviticus 27 in the PDDPT

Leviticus 27 in the PFNT

Leviticus 27 in the RMNT

Leviticus 27 in the SBIAS

Leviticus 27 in the SBIBS

Leviticus 27 in the SBIBS2

Leviticus 27 in the SBICS

Leviticus 27 in the SBIDS

Leviticus 27 in the SBIGS

Leviticus 27 in the SBIHS

Leviticus 27 in the SBIIS

Leviticus 27 in the SBIIS2

Leviticus 27 in the SBIIS3

Leviticus 27 in the SBIKS

Leviticus 27 in the SBIKS2

Leviticus 27 in the SBIMS

Leviticus 27 in the SBIOS

Leviticus 27 in the SBIPS

Leviticus 27 in the SBISS

Leviticus 27 in the SBITS

Leviticus 27 in the SBITS2

Leviticus 27 in the SBITS3

Leviticus 27 in the SBITS4

Leviticus 27 in the SBIUS

Leviticus 27 in the SBIVS

Leviticus 27 in the SBT

Leviticus 27 in the SBT1E

Leviticus 27 in the SCHL

Leviticus 27 in the SNT

Leviticus 27 in the SUSU

Leviticus 27 in the SUSU2

Leviticus 27 in the SYNO

Leviticus 27 in the TBIAOTANT

Leviticus 27 in the TBT1E

Leviticus 27 in the TBT1E2

Leviticus 27 in the TFTIP

Leviticus 27 in the TFTU

Leviticus 27 in the TGNTATF3T

Leviticus 27 in the THAI

Leviticus 27 in the TNFD

Leviticus 27 in the TNT

Leviticus 27 in the TNTIK

Leviticus 27 in the TNTIL

Leviticus 27 in the TNTIN

Leviticus 27 in the TNTIP

Leviticus 27 in the TNTIZ

Leviticus 27 in the TOMA

Leviticus 27 in the TTENT

Leviticus 27 in the UBG

Leviticus 27 in the UGV

Leviticus 27 in the UGV2

Leviticus 27 in the UGV3

Leviticus 27 in the VBL

Leviticus 27 in the VDCC

Leviticus 27 in the YALU

Leviticus 27 in the YAPE

Leviticus 27 in the YBVTP

Leviticus 27 in the ZBP