Numbers 32 (IRVA)

1 ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে। 2 সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে, 3 অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন, 4 এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।” 5 তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাসবোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।” 6 তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে? 7 যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা? 8 যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল। 9 কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল। 10 এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল, 11 ‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে; 12 কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’। 13 এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে। 14 এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা। 15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।” 16 তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম; 17 আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব। 18 ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম। 19 আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।” 20 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা, 21 তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে 22 আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব। 23 কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা। 24 তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেৰ-ছাগ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।” 25 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব। 26 আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু মেৰ-ছাগ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব। 27 কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।” 28 তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নুনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে। 29 মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা। 30 কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।” 31 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম। 32 আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।” 33 পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে। 34 গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ, 35 অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা, 36 বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেৰ-ছাগবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে। 37 আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম, 38 নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে। 39 আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে। 40 পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে। 41 আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে। 42 আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।

In Other Versions

Numbers 32 in the ANGEFD

Numbers 32 in the ANTPNG2D

Numbers 32 in the AS21

Numbers 32 in the BAGH

Numbers 32 in the BBPNG

Numbers 32 in the BBT1E

Numbers 32 in the BDS

Numbers 32 in the BEV

Numbers 32 in the BHAD

Numbers 32 in the BIB

Numbers 32 in the BLPT

Numbers 32 in the BNT

Numbers 32 in the BNTABOOT

Numbers 32 in the BNTLV

Numbers 32 in the BOATCB

Numbers 32 in the BOATCB2

Numbers 32 in the BOBCV

Numbers 32 in the BOCNT

Numbers 32 in the BOECS

Numbers 32 in the BOGWICC

Numbers 32 in the BOHCB

Numbers 32 in the BOHCV

Numbers 32 in the BOHLNT

Numbers 32 in the BOHNTLTAL

Numbers 32 in the BOICB

Numbers 32 in the BOILNTAP

Numbers 32 in the BOITCV

Numbers 32 in the BOKCV

Numbers 32 in the BOKCV2

Numbers 32 in the BOKHWOG

Numbers 32 in the BOKSSV

Numbers 32 in the BOLCB

Numbers 32 in the BOLCB2

Numbers 32 in the BOMCV

Numbers 32 in the BONAV

Numbers 32 in the BONCB

Numbers 32 in the BONLT

Numbers 32 in the BONUT2

Numbers 32 in the BOPLNT

Numbers 32 in the BOSCB

Numbers 32 in the BOSNC

Numbers 32 in the BOTLNT

Numbers 32 in the BOVCB

Numbers 32 in the BOYCB

Numbers 32 in the BPBB

Numbers 32 in the BPH

Numbers 32 in the BSB

Numbers 32 in the CCB

Numbers 32 in the CUV

Numbers 32 in the CUVS

Numbers 32 in the DBT

Numbers 32 in the DGDNT

Numbers 32 in the DHNT

Numbers 32 in the DNT

Numbers 32 in the ELBE

Numbers 32 in the EMTV

Numbers 32 in the ESV

Numbers 32 in the FBV

Numbers 32 in the FEB

Numbers 32 in the GGMNT

Numbers 32 in the GNT

Numbers 32 in the HARY

Numbers 32 in the HNT

Numbers 32 in the IRVB

Numbers 32 in the IRVG

Numbers 32 in the IRVH

Numbers 32 in the IRVK

Numbers 32 in the IRVM

Numbers 32 in the IRVM2

Numbers 32 in the IRVO

Numbers 32 in the IRVP

Numbers 32 in the IRVT

Numbers 32 in the IRVT2

Numbers 32 in the IRVU

Numbers 32 in the ISVN

Numbers 32 in the JSNT

Numbers 32 in the KAPI

Numbers 32 in the KBT1ETNIK

Numbers 32 in the KBV

Numbers 32 in the KJV

Numbers 32 in the KNFD

Numbers 32 in the LBA

Numbers 32 in the LBLA

Numbers 32 in the LNT

Numbers 32 in the LSV

Numbers 32 in the MAAL

Numbers 32 in the MBV

Numbers 32 in the MBV2

Numbers 32 in the MHNT

Numbers 32 in the MKNFD

Numbers 32 in the MNG

Numbers 32 in the MNT

Numbers 32 in the MNT2

Numbers 32 in the MRS1T

Numbers 32 in the NAA

Numbers 32 in the NASB

Numbers 32 in the NBLA

Numbers 32 in the NBS

Numbers 32 in the NBVTP

Numbers 32 in the NET2

Numbers 32 in the NIV11

Numbers 32 in the NNT

Numbers 32 in the NNT2

Numbers 32 in the NNT3

Numbers 32 in the PDDPT

Numbers 32 in the PFNT

Numbers 32 in the RMNT

Numbers 32 in the SBIAS

Numbers 32 in the SBIBS

Numbers 32 in the SBIBS2

Numbers 32 in the SBICS

Numbers 32 in the SBIDS

Numbers 32 in the SBIGS

Numbers 32 in the SBIHS

Numbers 32 in the SBIIS

Numbers 32 in the SBIIS2

Numbers 32 in the SBIIS3

Numbers 32 in the SBIKS

Numbers 32 in the SBIKS2

Numbers 32 in the SBIMS

Numbers 32 in the SBIOS

Numbers 32 in the SBIPS

Numbers 32 in the SBISS

Numbers 32 in the SBITS

Numbers 32 in the SBITS2

Numbers 32 in the SBITS3

Numbers 32 in the SBITS4

Numbers 32 in the SBIUS

Numbers 32 in the SBIVS

Numbers 32 in the SBT

Numbers 32 in the SBT1E

Numbers 32 in the SCHL

Numbers 32 in the SNT

Numbers 32 in the SUSU

Numbers 32 in the SUSU2

Numbers 32 in the SYNO

Numbers 32 in the TBIAOTANT

Numbers 32 in the TBT1E

Numbers 32 in the TBT1E2

Numbers 32 in the TFTIP

Numbers 32 in the TFTU

Numbers 32 in the TGNTATF3T

Numbers 32 in the THAI

Numbers 32 in the TNFD

Numbers 32 in the TNT

Numbers 32 in the TNTIK

Numbers 32 in the TNTIL

Numbers 32 in the TNTIN

Numbers 32 in the TNTIP

Numbers 32 in the TNTIZ

Numbers 32 in the TOMA

Numbers 32 in the TTENT

Numbers 32 in the UBG

Numbers 32 in the UGV

Numbers 32 in the UGV2

Numbers 32 in the UGV3

Numbers 32 in the VBL

Numbers 32 in the VDCC

Numbers 32 in the YALU

Numbers 32 in the YAPE

Numbers 32 in the YBVTP

Numbers 32 in the ZBP