Psalms 12 (IRVA)
1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল। 2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়;তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়। 3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়; 4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,কোন আমাৰ ওপৰত প্ৰভু হ’ব?” 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণেমই এতিয়া জাগি উঠিম।নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।” 6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ। 7 হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা।এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা। 8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।