Psalms 3 (IRVA)
1 হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!মোৰ বিৰুদ্ধে অনেকেই উঠিছে! 2 অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায় নকৰে।” (চেলা) 3 কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;তুমিয়েই মোৰ গৌৰৱ;তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা। 4 মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা) 5 মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। 6 মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ। 7 হে যিহোৱা উঠি আহাঁ!হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা। 8 পৰিত্ৰাণ যিহোৱাতে আছে;তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)