Psalms 98 (IRVA)
1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱেআমাক জয়ী কৰিলে। 2 যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে;তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে;পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব। 4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। 6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা। 7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক। 8 নদীবোৰে হাত-তালি দিয়ক;পর্বতবোৰে একেলগে আনন্দ গান কৰক, 9 যিহোৱাৰ সন্মুখতে তেনে কৰক;কিয়নো তেওঁ আহি আছে;পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।