1 Chronicles 11 (IRVA)

1 তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়। 2 আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’” 3 সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চমূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে। 4 দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল। 5 তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ। 6 দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে। 7 তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে। 8 তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে। 9 দায়ুদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল। 10 ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে। 11 এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে। 12 তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন। 13 তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে পলেষ্টীয়াসকলে গোট খালে; আৰু তাত পলেষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল। 14 তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে। 15 ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল। 16 সেই সময়ত দায়ুদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহেমত পলেষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল। 17 দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!” 18 তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে। 19 তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল। 20 এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহঁতক বধ কৰিছিল, সেয়ে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে উল্লেখিত হৈছিল। 21 সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল। 22 যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল। 23 ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল। 24 যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল। 25 তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল। 26 পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বৈৎলেহেমৰ দোদৰ পুত্ৰ ইলহানন, 27 হৰোৰীয়া চম্মোৎ, পলোনীয়া হেলচ, 28 তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ, 29 হূচাতীয়া চিব্বকয়, অহোহীয়া ঈলয়, 30 নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ, 31 বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া, 32 গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল, 33 বহৰূমীয়া অজমাবৎ, চালবোনীয়া ইলিয়হবা, 34 গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন, 35 হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল, 36 মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া, 37 কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়, 38 নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ, 39 অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়, 40 যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব, 41 হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ, 42 ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক, 43 মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট, 44 অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল, 45 চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা, 46 মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা; 47 ইলীয়েল, ওবেদ, আৰু মচোবায়ীয়া যাচীয়েল।

In Other Versions

1 Chronicles 11 in the ANGEFD

1 Chronicles 11 in the ANTPNG2D

1 Chronicles 11 in the AS21

1 Chronicles 11 in the BAGH

1 Chronicles 11 in the BBPNG

1 Chronicles 11 in the BBT1E

1 Chronicles 11 in the BDS

1 Chronicles 11 in the BEV

1 Chronicles 11 in the BHAD

1 Chronicles 11 in the BIB

1 Chronicles 11 in the BLPT

1 Chronicles 11 in the BNT

1 Chronicles 11 in the BNTABOOT

1 Chronicles 11 in the BNTLV

1 Chronicles 11 in the BOATCB

1 Chronicles 11 in the BOATCB2

1 Chronicles 11 in the BOBCV

1 Chronicles 11 in the BOCNT

1 Chronicles 11 in the BOECS

1 Chronicles 11 in the BOGWICC

1 Chronicles 11 in the BOHCB

1 Chronicles 11 in the BOHCV

1 Chronicles 11 in the BOHLNT

1 Chronicles 11 in the BOHNTLTAL

1 Chronicles 11 in the BOICB

1 Chronicles 11 in the BOILNTAP

1 Chronicles 11 in the BOITCV

1 Chronicles 11 in the BOKCV

1 Chronicles 11 in the BOKCV2

1 Chronicles 11 in the BOKHWOG

1 Chronicles 11 in the BOKSSV

1 Chronicles 11 in the BOLCB

1 Chronicles 11 in the BOLCB2

1 Chronicles 11 in the BOMCV

1 Chronicles 11 in the BONAV

1 Chronicles 11 in the BONCB

1 Chronicles 11 in the BONLT

1 Chronicles 11 in the BONUT2

1 Chronicles 11 in the BOPLNT

1 Chronicles 11 in the BOSCB

1 Chronicles 11 in the BOSNC

1 Chronicles 11 in the BOTLNT

1 Chronicles 11 in the BOVCB

1 Chronicles 11 in the BOYCB

1 Chronicles 11 in the BPBB

1 Chronicles 11 in the BPH

1 Chronicles 11 in the BSB

1 Chronicles 11 in the CCB

1 Chronicles 11 in the CUV

1 Chronicles 11 in the CUVS

1 Chronicles 11 in the DBT

1 Chronicles 11 in the DGDNT

1 Chronicles 11 in the DHNT

1 Chronicles 11 in the DNT

1 Chronicles 11 in the ELBE

1 Chronicles 11 in the EMTV

1 Chronicles 11 in the ESV

1 Chronicles 11 in the FBV

1 Chronicles 11 in the FEB

1 Chronicles 11 in the GGMNT

1 Chronicles 11 in the GNT

1 Chronicles 11 in the HARY

1 Chronicles 11 in the HNT

1 Chronicles 11 in the IRVB

1 Chronicles 11 in the IRVG

1 Chronicles 11 in the IRVH

1 Chronicles 11 in the IRVK

1 Chronicles 11 in the IRVM

1 Chronicles 11 in the IRVM2

1 Chronicles 11 in the IRVO

1 Chronicles 11 in the IRVP

1 Chronicles 11 in the IRVT

1 Chronicles 11 in the IRVT2

1 Chronicles 11 in the IRVU

1 Chronicles 11 in the ISVN

1 Chronicles 11 in the JSNT

1 Chronicles 11 in the KAPI

1 Chronicles 11 in the KBT1ETNIK

1 Chronicles 11 in the KBV

1 Chronicles 11 in the KJV

1 Chronicles 11 in the KNFD

1 Chronicles 11 in the LBA

1 Chronicles 11 in the LBLA

1 Chronicles 11 in the LNT

1 Chronicles 11 in the LSV

1 Chronicles 11 in the MAAL

1 Chronicles 11 in the MBV

1 Chronicles 11 in the MBV2

1 Chronicles 11 in the MHNT

1 Chronicles 11 in the MKNFD

1 Chronicles 11 in the MNG

1 Chronicles 11 in the MNT

1 Chronicles 11 in the MNT2

1 Chronicles 11 in the MRS1T

1 Chronicles 11 in the NAA

1 Chronicles 11 in the NASB

1 Chronicles 11 in the NBLA

1 Chronicles 11 in the NBS

1 Chronicles 11 in the NBVTP

1 Chronicles 11 in the NET2

1 Chronicles 11 in the NIV11

1 Chronicles 11 in the NNT

1 Chronicles 11 in the NNT2

1 Chronicles 11 in the NNT3

1 Chronicles 11 in the PDDPT

1 Chronicles 11 in the PFNT

1 Chronicles 11 in the RMNT

1 Chronicles 11 in the SBIAS

1 Chronicles 11 in the SBIBS

1 Chronicles 11 in the SBIBS2

1 Chronicles 11 in the SBICS

1 Chronicles 11 in the SBIDS

1 Chronicles 11 in the SBIGS

1 Chronicles 11 in the SBIHS

1 Chronicles 11 in the SBIIS

1 Chronicles 11 in the SBIIS2

1 Chronicles 11 in the SBIIS3

1 Chronicles 11 in the SBIKS

1 Chronicles 11 in the SBIKS2

1 Chronicles 11 in the SBIMS

1 Chronicles 11 in the SBIOS

1 Chronicles 11 in the SBIPS

1 Chronicles 11 in the SBISS

1 Chronicles 11 in the SBITS

1 Chronicles 11 in the SBITS2

1 Chronicles 11 in the SBITS3

1 Chronicles 11 in the SBITS4

1 Chronicles 11 in the SBIUS

1 Chronicles 11 in the SBIVS

1 Chronicles 11 in the SBT

1 Chronicles 11 in the SBT1E

1 Chronicles 11 in the SCHL

1 Chronicles 11 in the SNT

1 Chronicles 11 in the SUSU

1 Chronicles 11 in the SUSU2

1 Chronicles 11 in the SYNO

1 Chronicles 11 in the TBIAOTANT

1 Chronicles 11 in the TBT1E

1 Chronicles 11 in the TBT1E2

1 Chronicles 11 in the TFTIP

1 Chronicles 11 in the TFTU

1 Chronicles 11 in the TGNTATF3T

1 Chronicles 11 in the THAI

1 Chronicles 11 in the TNFD

1 Chronicles 11 in the TNT

1 Chronicles 11 in the TNTIK

1 Chronicles 11 in the TNTIL

1 Chronicles 11 in the TNTIN

1 Chronicles 11 in the TNTIP

1 Chronicles 11 in the TNTIZ

1 Chronicles 11 in the TOMA

1 Chronicles 11 in the TTENT

1 Chronicles 11 in the UBG

1 Chronicles 11 in the UGV

1 Chronicles 11 in the UGV2

1 Chronicles 11 in the UGV3

1 Chronicles 11 in the VBL

1 Chronicles 11 in the VDCC

1 Chronicles 11 in the YALU

1 Chronicles 11 in the YAPE

1 Chronicles 11 in the YBVTP

1 Chronicles 11 in the ZBP