1 Chronicles 15 (IRVA)
1 তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে। 2 তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।” 3 দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে। 4 দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে। 5 কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল। 6 মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল। 7 গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল। 8 ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল। 9 হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল। 10 উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল। 11 দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে। 12 তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা। 13 প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।” 14 সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে। 15 যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে। 16 দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক। 17 সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল। 18 তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে। 19 বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল, 20 জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ, 21 মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল। 22 লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল। 23 বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল। 24 চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল। 25 সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল। 26 যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল। 27 দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল। 28 এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল। 29 কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।
In Other Versions
1 Chronicles 15 in the ANGEFD
1 Chronicles 15 in the ANTPNG2D
1 Chronicles 15 in the AS21
1 Chronicles 15 in the BAGH
1 Chronicles 15 in the BBPNG
1 Chronicles 15 in the BBT1E
1 Chronicles 15 in the BDS
1 Chronicles 15 in the BEV
1 Chronicles 15 in the BHAD
1 Chronicles 15 in the BIB
1 Chronicles 15 in the BLPT
1 Chronicles 15 in the BNT
1 Chronicles 15 in the BNTABOOT
1 Chronicles 15 in the BNTLV
1 Chronicles 15 in the BOATCB
1 Chronicles 15 in the BOATCB2
1 Chronicles 15 in the BOBCV
1 Chronicles 15 in the BOCNT
1 Chronicles 15 in the BOECS
1 Chronicles 15 in the BOGWICC
1 Chronicles 15 in the BOHCB
1 Chronicles 15 in the BOHCV
1 Chronicles 15 in the BOHLNT
1 Chronicles 15 in the BOHNTLTAL
1 Chronicles 15 in the BOICB
1 Chronicles 15 in the BOILNTAP
1 Chronicles 15 in the BOITCV
1 Chronicles 15 in the BOKCV
1 Chronicles 15 in the BOKCV2
1 Chronicles 15 in the BOKHWOG
1 Chronicles 15 in the BOKSSV
1 Chronicles 15 in the BOLCB
1 Chronicles 15 in the BOLCB2
1 Chronicles 15 in the BOMCV
1 Chronicles 15 in the BONAV
1 Chronicles 15 in the BONCB
1 Chronicles 15 in the BONLT
1 Chronicles 15 in the BONUT2
1 Chronicles 15 in the BOPLNT
1 Chronicles 15 in the BOSCB
1 Chronicles 15 in the BOSNC
1 Chronicles 15 in the BOTLNT
1 Chronicles 15 in the BOVCB
1 Chronicles 15 in the BOYCB
1 Chronicles 15 in the BPBB
1 Chronicles 15 in the BPH
1 Chronicles 15 in the BSB
1 Chronicles 15 in the CCB
1 Chronicles 15 in the CUV
1 Chronicles 15 in the CUVS
1 Chronicles 15 in the DBT
1 Chronicles 15 in the DGDNT
1 Chronicles 15 in the DHNT
1 Chronicles 15 in the DNT
1 Chronicles 15 in the ELBE
1 Chronicles 15 in the EMTV
1 Chronicles 15 in the ESV
1 Chronicles 15 in the FBV
1 Chronicles 15 in the FEB
1 Chronicles 15 in the GGMNT
1 Chronicles 15 in the GNT
1 Chronicles 15 in the HARY
1 Chronicles 15 in the HNT
1 Chronicles 15 in the IRVB
1 Chronicles 15 in the IRVG
1 Chronicles 15 in the IRVH
1 Chronicles 15 in the IRVK
1 Chronicles 15 in the IRVM
1 Chronicles 15 in the IRVM2
1 Chronicles 15 in the IRVO
1 Chronicles 15 in the IRVP
1 Chronicles 15 in the IRVT
1 Chronicles 15 in the IRVT2
1 Chronicles 15 in the IRVU
1 Chronicles 15 in the ISVN
1 Chronicles 15 in the JSNT
1 Chronicles 15 in the KAPI
1 Chronicles 15 in the KBT1ETNIK
1 Chronicles 15 in the KBV
1 Chronicles 15 in the KJV
1 Chronicles 15 in the KNFD
1 Chronicles 15 in the LBA
1 Chronicles 15 in the LBLA
1 Chronicles 15 in the LNT
1 Chronicles 15 in the LSV
1 Chronicles 15 in the MAAL
1 Chronicles 15 in the MBV
1 Chronicles 15 in the MBV2
1 Chronicles 15 in the MHNT
1 Chronicles 15 in the MKNFD
1 Chronicles 15 in the MNG
1 Chronicles 15 in the MNT
1 Chronicles 15 in the MNT2
1 Chronicles 15 in the MRS1T
1 Chronicles 15 in the NAA
1 Chronicles 15 in the NASB
1 Chronicles 15 in the NBLA
1 Chronicles 15 in the NBS
1 Chronicles 15 in the NBVTP
1 Chronicles 15 in the NET2
1 Chronicles 15 in the NIV11
1 Chronicles 15 in the NNT
1 Chronicles 15 in the NNT2
1 Chronicles 15 in the NNT3
1 Chronicles 15 in the PDDPT
1 Chronicles 15 in the PFNT
1 Chronicles 15 in the RMNT
1 Chronicles 15 in the SBIAS
1 Chronicles 15 in the SBIBS
1 Chronicles 15 in the SBIBS2
1 Chronicles 15 in the SBICS
1 Chronicles 15 in the SBIDS
1 Chronicles 15 in the SBIGS
1 Chronicles 15 in the SBIHS
1 Chronicles 15 in the SBIIS
1 Chronicles 15 in the SBIIS2
1 Chronicles 15 in the SBIIS3
1 Chronicles 15 in the SBIKS
1 Chronicles 15 in the SBIKS2
1 Chronicles 15 in the SBIMS
1 Chronicles 15 in the SBIOS
1 Chronicles 15 in the SBIPS
1 Chronicles 15 in the SBISS
1 Chronicles 15 in the SBITS
1 Chronicles 15 in the SBITS2
1 Chronicles 15 in the SBITS3
1 Chronicles 15 in the SBITS4
1 Chronicles 15 in the SBIUS
1 Chronicles 15 in the SBIVS
1 Chronicles 15 in the SBT
1 Chronicles 15 in the SBT1E
1 Chronicles 15 in the SCHL
1 Chronicles 15 in the SNT
1 Chronicles 15 in the SUSU
1 Chronicles 15 in the SUSU2
1 Chronicles 15 in the SYNO
1 Chronicles 15 in the TBIAOTANT
1 Chronicles 15 in the TBT1E
1 Chronicles 15 in the TBT1E2
1 Chronicles 15 in the TFTIP
1 Chronicles 15 in the TFTU
1 Chronicles 15 in the TGNTATF3T
1 Chronicles 15 in the THAI
1 Chronicles 15 in the TNFD
1 Chronicles 15 in the TNT
1 Chronicles 15 in the TNTIK
1 Chronicles 15 in the TNTIL
1 Chronicles 15 in the TNTIN
1 Chronicles 15 in the TNTIP
1 Chronicles 15 in the TNTIZ
1 Chronicles 15 in the TOMA
1 Chronicles 15 in the TTENT
1 Chronicles 15 in the UBG
1 Chronicles 15 in the UGV
1 Chronicles 15 in the UGV2
1 Chronicles 15 in the UGV3
1 Chronicles 15 in the VBL
1 Chronicles 15 in the VDCC
1 Chronicles 15 in the YALU
1 Chronicles 15 in the YAPE
1 Chronicles 15 in the YBVTP
1 Chronicles 15 in the ZBP