1 Samuel 22 (IRVA)
1 তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল। 2 প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল। 3 দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।” 4 তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল। 5 পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল। 6 চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল। 7 তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে? 8 তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।” 9 তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।” 10 অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে। 11 তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল, 12 চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।” 13 চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল। 14 তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।” 15 আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।” 16 ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।” 17 ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল। 18 তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে। 19 তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে। 20 সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল। 21 চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে, 22 তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো। 23 তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।
In Other Versions
1 Samuel 22 in the ANGEFD
1 Samuel 22 in the ANTPNG2D
1 Samuel 22 in the AS21
1 Samuel 22 in the BAGH
1 Samuel 22 in the BBPNG
1 Samuel 22 in the BBT1E
1 Samuel 22 in the BDS
1 Samuel 22 in the BEV
1 Samuel 22 in the BHAD
1 Samuel 22 in the BIB
1 Samuel 22 in the BLPT
1 Samuel 22 in the BNT
1 Samuel 22 in the BNTABOOT
1 Samuel 22 in the BNTLV
1 Samuel 22 in the BOATCB
1 Samuel 22 in the BOATCB2
1 Samuel 22 in the BOBCV
1 Samuel 22 in the BOCNT
1 Samuel 22 in the BOECS
1 Samuel 22 in the BOGWICC
1 Samuel 22 in the BOHCB
1 Samuel 22 in the BOHCV
1 Samuel 22 in the BOHLNT
1 Samuel 22 in the BOHNTLTAL
1 Samuel 22 in the BOICB
1 Samuel 22 in the BOILNTAP
1 Samuel 22 in the BOITCV
1 Samuel 22 in the BOKCV
1 Samuel 22 in the BOKCV2
1 Samuel 22 in the BOKHWOG
1 Samuel 22 in the BOKSSV
1 Samuel 22 in the BOLCB
1 Samuel 22 in the BOLCB2
1 Samuel 22 in the BOMCV
1 Samuel 22 in the BONAV
1 Samuel 22 in the BONCB
1 Samuel 22 in the BONLT
1 Samuel 22 in the BONUT2
1 Samuel 22 in the BOPLNT
1 Samuel 22 in the BOSCB
1 Samuel 22 in the BOSNC
1 Samuel 22 in the BOTLNT
1 Samuel 22 in the BOVCB
1 Samuel 22 in the BOYCB
1 Samuel 22 in the BPBB
1 Samuel 22 in the BPH
1 Samuel 22 in the BSB
1 Samuel 22 in the CCB
1 Samuel 22 in the CUV
1 Samuel 22 in the CUVS
1 Samuel 22 in the DBT
1 Samuel 22 in the DGDNT
1 Samuel 22 in the DHNT
1 Samuel 22 in the DNT
1 Samuel 22 in the ELBE
1 Samuel 22 in the EMTV
1 Samuel 22 in the ESV
1 Samuel 22 in the FBV
1 Samuel 22 in the FEB
1 Samuel 22 in the GGMNT
1 Samuel 22 in the GNT
1 Samuel 22 in the HARY
1 Samuel 22 in the HNT
1 Samuel 22 in the IRVB
1 Samuel 22 in the IRVG
1 Samuel 22 in the IRVH
1 Samuel 22 in the IRVK
1 Samuel 22 in the IRVM
1 Samuel 22 in the IRVM2
1 Samuel 22 in the IRVO
1 Samuel 22 in the IRVP
1 Samuel 22 in the IRVT
1 Samuel 22 in the IRVT2
1 Samuel 22 in the IRVU
1 Samuel 22 in the ISVN
1 Samuel 22 in the JSNT
1 Samuel 22 in the KAPI
1 Samuel 22 in the KBT1ETNIK
1 Samuel 22 in the KBV
1 Samuel 22 in the KJV
1 Samuel 22 in the KNFD
1 Samuel 22 in the LBA
1 Samuel 22 in the LBLA
1 Samuel 22 in the LNT
1 Samuel 22 in the LSV
1 Samuel 22 in the MAAL
1 Samuel 22 in the MBV
1 Samuel 22 in the MBV2
1 Samuel 22 in the MHNT
1 Samuel 22 in the MKNFD
1 Samuel 22 in the MNG
1 Samuel 22 in the MNT
1 Samuel 22 in the MNT2
1 Samuel 22 in the MRS1T
1 Samuel 22 in the NAA
1 Samuel 22 in the NASB
1 Samuel 22 in the NBLA
1 Samuel 22 in the NBS
1 Samuel 22 in the NBVTP
1 Samuel 22 in the NET2
1 Samuel 22 in the NIV11
1 Samuel 22 in the NNT
1 Samuel 22 in the NNT2
1 Samuel 22 in the NNT3
1 Samuel 22 in the PDDPT
1 Samuel 22 in the PFNT
1 Samuel 22 in the RMNT
1 Samuel 22 in the SBIAS
1 Samuel 22 in the SBIBS
1 Samuel 22 in the SBIBS2
1 Samuel 22 in the SBICS
1 Samuel 22 in the SBIDS
1 Samuel 22 in the SBIGS
1 Samuel 22 in the SBIHS
1 Samuel 22 in the SBIIS
1 Samuel 22 in the SBIIS2
1 Samuel 22 in the SBIIS3
1 Samuel 22 in the SBIKS
1 Samuel 22 in the SBIKS2
1 Samuel 22 in the SBIMS
1 Samuel 22 in the SBIOS
1 Samuel 22 in the SBIPS
1 Samuel 22 in the SBISS
1 Samuel 22 in the SBITS
1 Samuel 22 in the SBITS2
1 Samuel 22 in the SBITS3
1 Samuel 22 in the SBITS4
1 Samuel 22 in the SBIUS
1 Samuel 22 in the SBIVS
1 Samuel 22 in the SBT
1 Samuel 22 in the SBT1E
1 Samuel 22 in the SCHL
1 Samuel 22 in the SNT
1 Samuel 22 in the SUSU
1 Samuel 22 in the SUSU2
1 Samuel 22 in the SYNO
1 Samuel 22 in the TBIAOTANT
1 Samuel 22 in the TBT1E
1 Samuel 22 in the TBT1E2
1 Samuel 22 in the TFTIP
1 Samuel 22 in the TFTU
1 Samuel 22 in the TGNTATF3T
1 Samuel 22 in the THAI
1 Samuel 22 in the TNFD
1 Samuel 22 in the TNT
1 Samuel 22 in the TNTIK
1 Samuel 22 in the TNTIL
1 Samuel 22 in the TNTIN
1 Samuel 22 in the TNTIP
1 Samuel 22 in the TNTIZ
1 Samuel 22 in the TOMA
1 Samuel 22 in the TTENT
1 Samuel 22 in the UBG
1 Samuel 22 in the UGV
1 Samuel 22 in the UGV2
1 Samuel 22 in the UGV3
1 Samuel 22 in the VBL
1 Samuel 22 in the VDCC
1 Samuel 22 in the YALU
1 Samuel 22 in the YAPE
1 Samuel 22 in the YBVTP
1 Samuel 22 in the ZBP