2 Kings 24 (IRVA)

1 যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। 2 যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে। 3 যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে; 4 আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল। 5 যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই? 6 পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল। 7 মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে। 8 ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল। 9 যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। 10 সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে। 11 তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল। 12 যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল।তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল। 13 যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল। 14 তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল। 15 নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল। 16 বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে। 17 বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে। 18 একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল। 19 যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। 20 যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।

In Other Versions

2 Kings 24 in the ANGEFD

2 Kings 24 in the ANTPNG2D

2 Kings 24 in the AS21

2 Kings 24 in the BAGH

2 Kings 24 in the BBPNG

2 Kings 24 in the BBT1E

2 Kings 24 in the BDS

2 Kings 24 in the BEV

2 Kings 24 in the BHAD

2 Kings 24 in the BIB

2 Kings 24 in the BLPT

2 Kings 24 in the BNT

2 Kings 24 in the BNTABOOT

2 Kings 24 in the BNTLV

2 Kings 24 in the BOATCB

2 Kings 24 in the BOATCB2

2 Kings 24 in the BOBCV

2 Kings 24 in the BOCNT

2 Kings 24 in the BOECS

2 Kings 24 in the BOGWICC

2 Kings 24 in the BOHCB

2 Kings 24 in the BOHCV

2 Kings 24 in the BOHLNT

2 Kings 24 in the BOHNTLTAL

2 Kings 24 in the BOICB

2 Kings 24 in the BOILNTAP

2 Kings 24 in the BOITCV

2 Kings 24 in the BOKCV

2 Kings 24 in the BOKCV2

2 Kings 24 in the BOKHWOG

2 Kings 24 in the BOKSSV

2 Kings 24 in the BOLCB

2 Kings 24 in the BOLCB2

2 Kings 24 in the BOMCV

2 Kings 24 in the BONAV

2 Kings 24 in the BONCB

2 Kings 24 in the BONLT

2 Kings 24 in the BONUT2

2 Kings 24 in the BOPLNT

2 Kings 24 in the BOSCB

2 Kings 24 in the BOSNC

2 Kings 24 in the BOTLNT

2 Kings 24 in the BOVCB

2 Kings 24 in the BOYCB

2 Kings 24 in the BPBB

2 Kings 24 in the BPH

2 Kings 24 in the BSB

2 Kings 24 in the CCB

2 Kings 24 in the CUV

2 Kings 24 in the CUVS

2 Kings 24 in the DBT

2 Kings 24 in the DGDNT

2 Kings 24 in the DHNT

2 Kings 24 in the DNT

2 Kings 24 in the ELBE

2 Kings 24 in the EMTV

2 Kings 24 in the ESV

2 Kings 24 in the FBV

2 Kings 24 in the FEB

2 Kings 24 in the GGMNT

2 Kings 24 in the GNT

2 Kings 24 in the HARY

2 Kings 24 in the HNT

2 Kings 24 in the IRVB

2 Kings 24 in the IRVG

2 Kings 24 in the IRVH

2 Kings 24 in the IRVK

2 Kings 24 in the IRVM

2 Kings 24 in the IRVM2

2 Kings 24 in the IRVO

2 Kings 24 in the IRVP

2 Kings 24 in the IRVT

2 Kings 24 in the IRVT2

2 Kings 24 in the IRVU

2 Kings 24 in the ISVN

2 Kings 24 in the JSNT

2 Kings 24 in the KAPI

2 Kings 24 in the KBT1ETNIK

2 Kings 24 in the KBV

2 Kings 24 in the KJV

2 Kings 24 in the KNFD

2 Kings 24 in the LBA

2 Kings 24 in the LBLA

2 Kings 24 in the LNT

2 Kings 24 in the LSV

2 Kings 24 in the MAAL

2 Kings 24 in the MBV

2 Kings 24 in the MBV2

2 Kings 24 in the MHNT

2 Kings 24 in the MKNFD

2 Kings 24 in the MNG

2 Kings 24 in the MNT

2 Kings 24 in the MNT2

2 Kings 24 in the MRS1T

2 Kings 24 in the NAA

2 Kings 24 in the NASB

2 Kings 24 in the NBLA

2 Kings 24 in the NBS

2 Kings 24 in the NBVTP

2 Kings 24 in the NET2

2 Kings 24 in the NIV11

2 Kings 24 in the NNT

2 Kings 24 in the NNT2

2 Kings 24 in the NNT3

2 Kings 24 in the PDDPT

2 Kings 24 in the PFNT

2 Kings 24 in the RMNT

2 Kings 24 in the SBIAS

2 Kings 24 in the SBIBS

2 Kings 24 in the SBIBS2

2 Kings 24 in the SBICS

2 Kings 24 in the SBIDS

2 Kings 24 in the SBIGS

2 Kings 24 in the SBIHS

2 Kings 24 in the SBIIS

2 Kings 24 in the SBIIS2

2 Kings 24 in the SBIIS3

2 Kings 24 in the SBIKS

2 Kings 24 in the SBIKS2

2 Kings 24 in the SBIMS

2 Kings 24 in the SBIOS

2 Kings 24 in the SBIPS

2 Kings 24 in the SBISS

2 Kings 24 in the SBITS

2 Kings 24 in the SBITS2

2 Kings 24 in the SBITS3

2 Kings 24 in the SBITS4

2 Kings 24 in the SBIUS

2 Kings 24 in the SBIVS

2 Kings 24 in the SBT

2 Kings 24 in the SBT1E

2 Kings 24 in the SCHL

2 Kings 24 in the SNT

2 Kings 24 in the SUSU

2 Kings 24 in the SUSU2

2 Kings 24 in the SYNO

2 Kings 24 in the TBIAOTANT

2 Kings 24 in the TBT1E

2 Kings 24 in the TBT1E2

2 Kings 24 in the TFTIP

2 Kings 24 in the TFTU

2 Kings 24 in the TGNTATF3T

2 Kings 24 in the THAI

2 Kings 24 in the TNFD

2 Kings 24 in the TNT

2 Kings 24 in the TNTIK

2 Kings 24 in the TNTIL

2 Kings 24 in the TNTIN

2 Kings 24 in the TNTIP

2 Kings 24 in the TNTIZ

2 Kings 24 in the TOMA

2 Kings 24 in the TTENT

2 Kings 24 in the UBG

2 Kings 24 in the UGV

2 Kings 24 in the UGV2

2 Kings 24 in the UGV3

2 Kings 24 in the VBL

2 Kings 24 in the VDCC

2 Kings 24 in the YALU

2 Kings 24 in the YAPE

2 Kings 24 in the YBVTP

2 Kings 24 in the ZBP