Amos 1 (IRVA)

1 আমোচ তকোৱাৰ মেৰ-ছাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়। 2 আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।” 3 যিহোৱাই এই কথা কৈছে: “দম্মেচকৰ তিনিটা এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্রৰে তেওঁলোকে গিলিয়দক মাৰিলে। 4 সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব। 5 মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।” 6 যিহোৱাই এই কথা কৈছে: “গাজাৰ তিনিটা, এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ইদোমৰ হাতত শোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল। 7 সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব। 8 মই অচ্‌দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।” 9 যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে। 10 সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।” 11 যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। 12 সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।” 13 যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে। 14 সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব। 15 তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ’ব।”

In Other Versions

Amos 1 in the ANGEFD

Amos 1 in the ANTPNG2D

Amos 1 in the AS21

Amos 1 in the BAGH

Amos 1 in the BBPNG

Amos 1 in the BBT1E

Amos 1 in the BDS

Amos 1 in the BEV

Amos 1 in the BHAD

Amos 1 in the BIB

Amos 1 in the BLPT

Amos 1 in the BNT

Amos 1 in the BNTABOOT

Amos 1 in the BNTLV

Amos 1 in the BOATCB

Amos 1 in the BOATCB2

Amos 1 in the BOBCV

Amos 1 in the BOCNT

Amos 1 in the BOECS

Amos 1 in the BOGWICC

Amos 1 in the BOHCB

Amos 1 in the BOHCV

Amos 1 in the BOHLNT

Amos 1 in the BOHNTLTAL

Amos 1 in the BOICB

Amos 1 in the BOILNTAP

Amos 1 in the BOITCV

Amos 1 in the BOKCV

Amos 1 in the BOKCV2

Amos 1 in the BOKHWOG

Amos 1 in the BOKSSV

Amos 1 in the BOLCB

Amos 1 in the BOLCB2

Amos 1 in the BOMCV

Amos 1 in the BONAV

Amos 1 in the BONCB

Amos 1 in the BONLT

Amos 1 in the BONUT2

Amos 1 in the BOPLNT

Amos 1 in the BOSCB

Amos 1 in the BOSNC

Amos 1 in the BOTLNT

Amos 1 in the BOVCB

Amos 1 in the BOYCB

Amos 1 in the BPBB

Amos 1 in the BPH

Amos 1 in the BSB

Amos 1 in the CCB

Amos 1 in the CUV

Amos 1 in the CUVS

Amos 1 in the DBT

Amos 1 in the DGDNT

Amos 1 in the DHNT

Amos 1 in the DNT

Amos 1 in the ELBE

Amos 1 in the EMTV

Amos 1 in the ESV

Amos 1 in the FBV

Amos 1 in the FEB

Amos 1 in the GGMNT

Amos 1 in the GNT

Amos 1 in the HARY

Amos 1 in the HNT

Amos 1 in the IRVB

Amos 1 in the IRVG

Amos 1 in the IRVH

Amos 1 in the IRVK

Amos 1 in the IRVM

Amos 1 in the IRVM2

Amos 1 in the IRVO

Amos 1 in the IRVP

Amos 1 in the IRVT

Amos 1 in the IRVT2

Amos 1 in the IRVU

Amos 1 in the ISVN

Amos 1 in the JSNT

Amos 1 in the KAPI

Amos 1 in the KBT1ETNIK

Amos 1 in the KBV

Amos 1 in the KJV

Amos 1 in the KNFD

Amos 1 in the LBA

Amos 1 in the LBLA

Amos 1 in the LNT

Amos 1 in the LSV

Amos 1 in the MAAL

Amos 1 in the MBV

Amos 1 in the MBV2

Amos 1 in the MHNT

Amos 1 in the MKNFD

Amos 1 in the MNG

Amos 1 in the MNT

Amos 1 in the MNT2

Amos 1 in the MRS1T

Amos 1 in the NAA

Amos 1 in the NASB

Amos 1 in the NBLA

Amos 1 in the NBS

Amos 1 in the NBVTP

Amos 1 in the NET2

Amos 1 in the NIV11

Amos 1 in the NNT

Amos 1 in the NNT2

Amos 1 in the NNT3

Amos 1 in the PDDPT

Amos 1 in the PFNT

Amos 1 in the RMNT

Amos 1 in the SBIAS

Amos 1 in the SBIBS

Amos 1 in the SBIBS2

Amos 1 in the SBICS

Amos 1 in the SBIDS

Amos 1 in the SBIGS

Amos 1 in the SBIHS

Amos 1 in the SBIIS

Amos 1 in the SBIIS2

Amos 1 in the SBIIS3

Amos 1 in the SBIKS

Amos 1 in the SBIKS2

Amos 1 in the SBIMS

Amos 1 in the SBIOS

Amos 1 in the SBIPS

Amos 1 in the SBISS

Amos 1 in the SBITS

Amos 1 in the SBITS2

Amos 1 in the SBITS3

Amos 1 in the SBITS4

Amos 1 in the SBIUS

Amos 1 in the SBIVS

Amos 1 in the SBT

Amos 1 in the SBT1E

Amos 1 in the SCHL

Amos 1 in the SNT

Amos 1 in the SUSU

Amos 1 in the SUSU2

Amos 1 in the SYNO

Amos 1 in the TBIAOTANT

Amos 1 in the TBT1E

Amos 1 in the TBT1E2

Amos 1 in the TFTIP

Amos 1 in the TFTU

Amos 1 in the TGNTATF3T

Amos 1 in the THAI

Amos 1 in the TNFD

Amos 1 in the TNT

Amos 1 in the TNTIK

Amos 1 in the TNTIL

Amos 1 in the TNTIN

Amos 1 in the TNTIP

Amos 1 in the TNTIZ

Amos 1 in the TOMA

Amos 1 in the TTENT

Amos 1 in the UBG

Amos 1 in the UGV

Amos 1 in the UGV2

Amos 1 in the UGV3

Amos 1 in the VBL

Amos 1 in the VDCC

Amos 1 in the YALU

Amos 1 in the YAPE

Amos 1 in the YBVTP

Amos 1 in the ZBP