Deuteronomy 14 (IRVA)
1 আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব। 2 কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়। 3 আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব। 4 আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী, 5 হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ। 6 যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব। 7 তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি। 8 গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব। 9 পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব। 10 কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি। 11 আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব। 12 কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন, 13 শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী, 14 সকলো বিধৰ কাউৰী, 15 উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়; 16 ফেঁচা, হুদু, বগা-ফেঁচা, 17 হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা, 18 বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী। 19 জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে। 20 কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব। 21 নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব। 22 বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব। 23 যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব। 24 কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব। 25 তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব। 26 আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব। 27 আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই। 28 প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব। 29 তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
In Other Versions
Deuteronomy 14 in the ANGEFD
Deuteronomy 14 in the ANTPNG2D
Deuteronomy 14 in the AS21
Deuteronomy 14 in the BAGH
Deuteronomy 14 in the BBPNG
Deuteronomy 14 in the BBT1E
Deuteronomy 14 in the BDS
Deuteronomy 14 in the BEV
Deuteronomy 14 in the BHAD
Deuteronomy 14 in the BIB
Deuteronomy 14 in the BLPT
Deuteronomy 14 in the BNT
Deuteronomy 14 in the BNTABOOT
Deuteronomy 14 in the BNTLV
Deuteronomy 14 in the BOATCB
Deuteronomy 14 in the BOATCB2
Deuteronomy 14 in the BOBCV
Deuteronomy 14 in the BOCNT
Deuteronomy 14 in the BOECS
Deuteronomy 14 in the BOGWICC
Deuteronomy 14 in the BOHCB
Deuteronomy 14 in the BOHCV
Deuteronomy 14 in the BOHLNT
Deuteronomy 14 in the BOHNTLTAL
Deuteronomy 14 in the BOICB
Deuteronomy 14 in the BOILNTAP
Deuteronomy 14 in the BOITCV
Deuteronomy 14 in the BOKCV
Deuteronomy 14 in the BOKCV2
Deuteronomy 14 in the BOKHWOG
Deuteronomy 14 in the BOKSSV
Deuteronomy 14 in the BOLCB
Deuteronomy 14 in the BOLCB2
Deuteronomy 14 in the BOMCV
Deuteronomy 14 in the BONAV
Deuteronomy 14 in the BONCB
Deuteronomy 14 in the BONLT
Deuteronomy 14 in the BONUT2
Deuteronomy 14 in the BOPLNT
Deuteronomy 14 in the BOSCB
Deuteronomy 14 in the BOSNC
Deuteronomy 14 in the BOTLNT
Deuteronomy 14 in the BOVCB
Deuteronomy 14 in the BOYCB
Deuteronomy 14 in the BPBB
Deuteronomy 14 in the BPH
Deuteronomy 14 in the BSB
Deuteronomy 14 in the CCB
Deuteronomy 14 in the CUV
Deuteronomy 14 in the CUVS
Deuteronomy 14 in the DBT
Deuteronomy 14 in the DGDNT
Deuteronomy 14 in the DHNT
Deuteronomy 14 in the DNT
Deuteronomy 14 in the ELBE
Deuteronomy 14 in the EMTV
Deuteronomy 14 in the ESV
Deuteronomy 14 in the FBV
Deuteronomy 14 in the FEB
Deuteronomy 14 in the GGMNT
Deuteronomy 14 in the GNT
Deuteronomy 14 in the HARY
Deuteronomy 14 in the HNT
Deuteronomy 14 in the IRVB
Deuteronomy 14 in the IRVG
Deuteronomy 14 in the IRVH
Deuteronomy 14 in the IRVK
Deuteronomy 14 in the IRVM
Deuteronomy 14 in the IRVM2
Deuteronomy 14 in the IRVO
Deuteronomy 14 in the IRVP
Deuteronomy 14 in the IRVT
Deuteronomy 14 in the IRVT2
Deuteronomy 14 in the IRVU
Deuteronomy 14 in the ISVN
Deuteronomy 14 in the JSNT
Deuteronomy 14 in the KAPI
Deuteronomy 14 in the KBT1ETNIK
Deuteronomy 14 in the KBV
Deuteronomy 14 in the KJV
Deuteronomy 14 in the KNFD
Deuteronomy 14 in the LBA
Deuteronomy 14 in the LBLA
Deuteronomy 14 in the LNT
Deuteronomy 14 in the LSV
Deuteronomy 14 in the MAAL
Deuteronomy 14 in the MBV
Deuteronomy 14 in the MBV2
Deuteronomy 14 in the MHNT
Deuteronomy 14 in the MKNFD
Deuteronomy 14 in the MNG
Deuteronomy 14 in the MNT
Deuteronomy 14 in the MNT2
Deuteronomy 14 in the MRS1T
Deuteronomy 14 in the NAA
Deuteronomy 14 in the NASB
Deuteronomy 14 in the NBLA
Deuteronomy 14 in the NBS
Deuteronomy 14 in the NBVTP
Deuteronomy 14 in the NET2
Deuteronomy 14 in the NIV11
Deuteronomy 14 in the NNT
Deuteronomy 14 in the NNT2
Deuteronomy 14 in the NNT3
Deuteronomy 14 in the PDDPT
Deuteronomy 14 in the PFNT
Deuteronomy 14 in the RMNT
Deuteronomy 14 in the SBIAS
Deuteronomy 14 in the SBIBS
Deuteronomy 14 in the SBIBS2
Deuteronomy 14 in the SBICS
Deuteronomy 14 in the SBIDS
Deuteronomy 14 in the SBIGS
Deuteronomy 14 in the SBIHS
Deuteronomy 14 in the SBIIS
Deuteronomy 14 in the SBIIS2
Deuteronomy 14 in the SBIIS3
Deuteronomy 14 in the SBIKS
Deuteronomy 14 in the SBIKS2
Deuteronomy 14 in the SBIMS
Deuteronomy 14 in the SBIOS
Deuteronomy 14 in the SBIPS
Deuteronomy 14 in the SBISS
Deuteronomy 14 in the SBITS
Deuteronomy 14 in the SBITS2
Deuteronomy 14 in the SBITS3
Deuteronomy 14 in the SBITS4
Deuteronomy 14 in the SBIUS
Deuteronomy 14 in the SBIVS
Deuteronomy 14 in the SBT
Deuteronomy 14 in the SBT1E
Deuteronomy 14 in the SCHL
Deuteronomy 14 in the SNT
Deuteronomy 14 in the SUSU
Deuteronomy 14 in the SUSU2
Deuteronomy 14 in the SYNO
Deuteronomy 14 in the TBIAOTANT
Deuteronomy 14 in the TBT1E
Deuteronomy 14 in the TBT1E2
Deuteronomy 14 in the TFTIP
Deuteronomy 14 in the TFTU
Deuteronomy 14 in the TGNTATF3T
Deuteronomy 14 in the THAI
Deuteronomy 14 in the TNFD
Deuteronomy 14 in the TNT
Deuteronomy 14 in the TNTIK
Deuteronomy 14 in the TNTIL
Deuteronomy 14 in the TNTIN
Deuteronomy 14 in the TNTIP
Deuteronomy 14 in the TNTIZ
Deuteronomy 14 in the TOMA
Deuteronomy 14 in the TTENT
Deuteronomy 14 in the UBG
Deuteronomy 14 in the UGV
Deuteronomy 14 in the UGV2
Deuteronomy 14 in the UGV3
Deuteronomy 14 in the VBL
Deuteronomy 14 in the VDCC
Deuteronomy 14 in the YALU
Deuteronomy 14 in the YAPE
Deuteronomy 14 in the YBVTP
Deuteronomy 14 in the ZBP