Exodus 37 (IRVA)

1 তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে। 2 তেওঁ নিয়ম চন্দুকৰ বাহিৰে ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে, আৰু তাৰ চাৰিওফালৰ কিনাৰ বোৰত সোণ লগালে। 3 তেওঁ তাৰ খুটাৰ বাবে সোণৰ চাৰিটা চক্র গঢ়ালে। তাৰ এফালে দুটা আন ফালে দুটা এই দৰে তাৰ চাৰিটা খুৰাত লগালে। 4 আৰু তেওঁ চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে। 5 তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে। 6 তেওঁ শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল আৰু ডেৰ হাত বহলকৈ এখন পাপাবৰণ সাজিলে। 7 বচলেলে সোণ পিটাই দুটা সোণৰ কৰূব সাজিলে, আৰু পাপাবৰণৰ দুই মুৰত ৰাখিলে। 8 এটা মুৰত এটা কৰূব আৰু আনটো মুৰত আন এটা কৰূব হ’ল। পাপাবৰণৰ দুই মুৰত একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিলে। 9 কৰূবে ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকি ধৰিলে; আৰু কৰূব দুটা মুখামুখি হৈ থাকিল; আৰু কৰূবৰ দৃষ্টি পাপাবৰণৰ মাজভাগত আছিল। 10 তেওঁ দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ মেজ সাজি, তাত শুদ্ধ সোণৰ পতা মাৰিলে। 11 মেজখনত তেওঁ সোণৰ পতা মাৰিলে, আৰু তাৰ ওপৰৰ চাৰিওফালৰ দাঁতিত সোণ লগালে। 12 তাৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এটা কাঠৰ ফ্রেম যুগুত কৰিলে, আৰু ফ্রেমৰ চাৰিওকাষৰ দাঁতি সোণৰ কৰিলে। 13 তেওঁ তাৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত ঢালিলে। সেই আঙঠি চাৰিটা খুঁটা থকা ঠাইৰ চাৰি চুকত লগালে। 14 মেজ বৈ নিবলৈ, আৰু কানমাৰি সুমুৱাবলৈ সেই আঙঠি ফ্রেমৰ কাষত লগালে। 15 তেওঁ মেজ বৈ নিবৰ কাৰণে চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিলে। 16 মেজৰ ওপৰত থকা পাত্ৰবোৰ, অৰ্থাৎ তাৰ কাঁহি, চামুচ, বাটি, আৰু দ্ৰাক্ষাৰস ঢালিবলৈ জাৰ প্রস্তুত কৰিলে। সেই সকলো শুদ্ধ সোণেৰে গঢ়ালে। 17 তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে। 18 তাৰ এফালৰ পৰা তিনটা শাখা, আৰু আনফালৰ পৰা তিনটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল। 19 তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে। 20 সেই দীপাধাৰৰ মাজভাগতো বাদামফুলৰ আকৃতিৰে চাৰিটা বাটি, তাৰ কলি আৰু ফুল কৰিলে। 21 সেই দীপাধাৰৰ প্রথম জোৰা শাখাৰ তলত একে ডোখৰ সোণতে এটা কলি আৰু আনটো শাখাৰ তলতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰে তৃতীয় শাখাতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰেই দ্বীপাধাৰৰ পৰা বহিৰ ওলোৱা ছয়োটা শাখাতে একেদৰে কৰা আছিল। 22 সেইবোৰৰ কলি আৰু সেইবোৰৰ ডাল একে ডোখৰ সোণতেই আছিল। সেই সকলোৱেই শুদ্ধ সোণ হাতুৰিৰে পিটি গঢ়োৱা হৈছিল। 23 বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে। 24 সেই দীপাধাৰ আৰু তাৰ সকলো বস্তু এক কিক্কৰ শুদ্ধ সোণেৰে নিৰ্মান কৰিলে। 25 বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল। 26 তেওঁ ধূপ বেদিত, ইয়াৰ ওপৰত, কাষত, আৰু শিংবোৰত শুদ্ধ সোণেৰে পতা মাৰিলে। তেওঁ চাৰিওফালৰ দাঁতিও সোণেৰে তৈয়াৰ কৰিলে। 27 ধূপ বেদি বৈ নিবৰ বাবে কানমাৰি সুমুউৱাবলৈ, তেওঁ সোণৰ দুটা খাৰুৱা গঢ়ালে, আৰু দাঁতিৰ তলত দুয়ো ফালে লগালে। 28 তেওঁ চিটীম কাঠেৰে কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে। 29 সুগন্ধিদ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।

In Other Versions

Exodus 37 in the ANGEFD

Exodus 37 in the ANTPNG2D

Exodus 37 in the AS21

Exodus 37 in the BAGH

Exodus 37 in the BBPNG

Exodus 37 in the BBT1E

Exodus 37 in the BDS

Exodus 37 in the BEV

Exodus 37 in the BHAD

Exodus 37 in the BIB

Exodus 37 in the BLPT

Exodus 37 in the BNT

Exodus 37 in the BNTABOOT

Exodus 37 in the BNTLV

Exodus 37 in the BOATCB

Exodus 37 in the BOATCB2

Exodus 37 in the BOBCV

Exodus 37 in the BOCNT

Exodus 37 in the BOECS

Exodus 37 in the BOGWICC

Exodus 37 in the BOHCB

Exodus 37 in the BOHCV

Exodus 37 in the BOHLNT

Exodus 37 in the BOHNTLTAL

Exodus 37 in the BOICB

Exodus 37 in the BOILNTAP

Exodus 37 in the BOITCV

Exodus 37 in the BOKCV

Exodus 37 in the BOKCV2

Exodus 37 in the BOKHWOG

Exodus 37 in the BOKSSV

Exodus 37 in the BOLCB

Exodus 37 in the BOLCB2

Exodus 37 in the BOMCV

Exodus 37 in the BONAV

Exodus 37 in the BONCB

Exodus 37 in the BONLT

Exodus 37 in the BONUT2

Exodus 37 in the BOPLNT

Exodus 37 in the BOSCB

Exodus 37 in the BOSNC

Exodus 37 in the BOTLNT

Exodus 37 in the BOVCB

Exodus 37 in the BOYCB

Exodus 37 in the BPBB

Exodus 37 in the BPH

Exodus 37 in the BSB

Exodus 37 in the CCB

Exodus 37 in the CUV

Exodus 37 in the CUVS

Exodus 37 in the DBT

Exodus 37 in the DGDNT

Exodus 37 in the DHNT

Exodus 37 in the DNT

Exodus 37 in the ELBE

Exodus 37 in the EMTV

Exodus 37 in the ESV

Exodus 37 in the FBV

Exodus 37 in the FEB

Exodus 37 in the GGMNT

Exodus 37 in the GNT

Exodus 37 in the HARY

Exodus 37 in the HNT

Exodus 37 in the IRVB

Exodus 37 in the IRVG

Exodus 37 in the IRVH

Exodus 37 in the IRVK

Exodus 37 in the IRVM

Exodus 37 in the IRVM2

Exodus 37 in the IRVO

Exodus 37 in the IRVP

Exodus 37 in the IRVT

Exodus 37 in the IRVT2

Exodus 37 in the IRVU

Exodus 37 in the ISVN

Exodus 37 in the JSNT

Exodus 37 in the KAPI

Exodus 37 in the KBT1ETNIK

Exodus 37 in the KBV

Exodus 37 in the KJV

Exodus 37 in the KNFD

Exodus 37 in the LBA

Exodus 37 in the LBLA

Exodus 37 in the LNT

Exodus 37 in the LSV

Exodus 37 in the MAAL

Exodus 37 in the MBV

Exodus 37 in the MBV2

Exodus 37 in the MHNT

Exodus 37 in the MKNFD

Exodus 37 in the MNG

Exodus 37 in the MNT

Exodus 37 in the MNT2

Exodus 37 in the MRS1T

Exodus 37 in the NAA

Exodus 37 in the NASB

Exodus 37 in the NBLA

Exodus 37 in the NBS

Exodus 37 in the NBVTP

Exodus 37 in the NET2

Exodus 37 in the NIV11

Exodus 37 in the NNT

Exodus 37 in the NNT2

Exodus 37 in the NNT3

Exodus 37 in the PDDPT

Exodus 37 in the PFNT

Exodus 37 in the RMNT

Exodus 37 in the SBIAS

Exodus 37 in the SBIBS

Exodus 37 in the SBIBS2

Exodus 37 in the SBICS

Exodus 37 in the SBIDS

Exodus 37 in the SBIGS

Exodus 37 in the SBIHS

Exodus 37 in the SBIIS

Exodus 37 in the SBIIS2

Exodus 37 in the SBIIS3

Exodus 37 in the SBIKS

Exodus 37 in the SBIKS2

Exodus 37 in the SBIMS

Exodus 37 in the SBIOS

Exodus 37 in the SBIPS

Exodus 37 in the SBISS

Exodus 37 in the SBITS

Exodus 37 in the SBITS2

Exodus 37 in the SBITS3

Exodus 37 in the SBITS4

Exodus 37 in the SBIUS

Exodus 37 in the SBIVS

Exodus 37 in the SBT

Exodus 37 in the SBT1E

Exodus 37 in the SCHL

Exodus 37 in the SNT

Exodus 37 in the SUSU

Exodus 37 in the SUSU2

Exodus 37 in the SYNO

Exodus 37 in the TBIAOTANT

Exodus 37 in the TBT1E

Exodus 37 in the TBT1E2

Exodus 37 in the TFTIP

Exodus 37 in the TFTU

Exodus 37 in the TGNTATF3T

Exodus 37 in the THAI

Exodus 37 in the TNFD

Exodus 37 in the TNT

Exodus 37 in the TNTIK

Exodus 37 in the TNTIL

Exodus 37 in the TNTIN

Exodus 37 in the TNTIP

Exodus 37 in the TNTIZ

Exodus 37 in the TOMA

Exodus 37 in the TTENT

Exodus 37 in the UBG

Exodus 37 in the UGV

Exodus 37 in the UGV2

Exodus 37 in the UGV3

Exodus 37 in the VBL

Exodus 37 in the VDCC

Exodus 37 in the YALU

Exodus 37 in the YAPE

Exodus 37 in the YBVTP

Exodus 37 in the ZBP