Ezekiel 33 (IRVA)

1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2 “হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব। 3 তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে! 4 তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব। 5 যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব। 6 কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’ 7 এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা। 8 যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম! 9 কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। 10 গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’ 11 তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’ 12 আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক কোৱা, ‘ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্মিক জনে পাপ কৰিলে নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব। 13 যেতিয়া মই ধাৰ্মিকৰ বিষয়ে, “তেওঁ জীয়াই থাকিব!”, এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নির্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্মকৰ্মবোৰৰ কোনো এটাও সোঁৱৰণ কৰা নহ’ব; তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব। 14 পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে- 15 যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘূৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব। 16 তেওঁ কৰা পাপবোৰৰ কোনো পাপকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব; তেওঁ উচিত আৰু ন্যায় কাৰ্য কৰিলে; তেওঁ অৱশ্যে জীয়াই থাকিব! 17 তথাপি তোমাৰ জাতিৰ সন্তান সকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়! 18 যেতিয়া ধাৰ্মিক জনে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব। 19 আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব! 20 তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!” 21 আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!” 22 পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ! 23 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 24 “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’ 25 এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে? 26 তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ পত্নীক অশুচি কৰা লোক; তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা’?” 27 তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব। 28 তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব’।” 29 মই তেওঁলোকে কৰা তেওঁলোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ কাৰণে মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব। 30 আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তান সকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰমুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।” 31 তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে। 32 কিয়নো চোৱা, তুমি তেওঁলোকৰ কাৰণে সুন্দৰ গীতৰ দৰে, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গান যেন হে; তেওঁলোকে তোমাৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব। 33 আৰু যেতিয়া সেয়ে ঘটিব - চোৱা! সেয়ে ঘটিবৰ দিন ওচৰ হৈছে! - তেতিয়া, তেওঁলোকে তেওঁলোকৰ মাজত যে এজন ভাববাদী আছিল, সেই বিষয়ে তেওঁলোকে জানিব।

In Other Versions

Ezekiel 33 in the ANGEFD

Ezekiel 33 in the ANTPNG2D

Ezekiel 33 in the AS21

Ezekiel 33 in the BAGH

Ezekiel 33 in the BBPNG

Ezekiel 33 in the BBT1E

Ezekiel 33 in the BDS

Ezekiel 33 in the BEV

Ezekiel 33 in the BHAD

Ezekiel 33 in the BIB

Ezekiel 33 in the BLPT

Ezekiel 33 in the BNT

Ezekiel 33 in the BNTABOOT

Ezekiel 33 in the BNTLV

Ezekiel 33 in the BOATCB

Ezekiel 33 in the BOATCB2

Ezekiel 33 in the BOBCV

Ezekiel 33 in the BOCNT

Ezekiel 33 in the BOECS

Ezekiel 33 in the BOGWICC

Ezekiel 33 in the BOHCB

Ezekiel 33 in the BOHCV

Ezekiel 33 in the BOHLNT

Ezekiel 33 in the BOHNTLTAL

Ezekiel 33 in the BOICB

Ezekiel 33 in the BOILNTAP

Ezekiel 33 in the BOITCV

Ezekiel 33 in the BOKCV

Ezekiel 33 in the BOKCV2

Ezekiel 33 in the BOKHWOG

Ezekiel 33 in the BOKSSV

Ezekiel 33 in the BOLCB

Ezekiel 33 in the BOLCB2

Ezekiel 33 in the BOMCV

Ezekiel 33 in the BONAV

Ezekiel 33 in the BONCB

Ezekiel 33 in the BONLT

Ezekiel 33 in the BONUT2

Ezekiel 33 in the BOPLNT

Ezekiel 33 in the BOSCB

Ezekiel 33 in the BOSNC

Ezekiel 33 in the BOTLNT

Ezekiel 33 in the BOVCB

Ezekiel 33 in the BOYCB

Ezekiel 33 in the BPBB

Ezekiel 33 in the BPH

Ezekiel 33 in the BSB

Ezekiel 33 in the CCB

Ezekiel 33 in the CUV

Ezekiel 33 in the CUVS

Ezekiel 33 in the DBT

Ezekiel 33 in the DGDNT

Ezekiel 33 in the DHNT

Ezekiel 33 in the DNT

Ezekiel 33 in the ELBE

Ezekiel 33 in the EMTV

Ezekiel 33 in the ESV

Ezekiel 33 in the FBV

Ezekiel 33 in the FEB

Ezekiel 33 in the GGMNT

Ezekiel 33 in the GNT

Ezekiel 33 in the HARY

Ezekiel 33 in the HNT

Ezekiel 33 in the IRVB

Ezekiel 33 in the IRVG

Ezekiel 33 in the IRVH

Ezekiel 33 in the IRVK

Ezekiel 33 in the IRVM

Ezekiel 33 in the IRVM2

Ezekiel 33 in the IRVO

Ezekiel 33 in the IRVP

Ezekiel 33 in the IRVT

Ezekiel 33 in the IRVT2

Ezekiel 33 in the IRVU

Ezekiel 33 in the ISVN

Ezekiel 33 in the JSNT

Ezekiel 33 in the KAPI

Ezekiel 33 in the KBT1ETNIK

Ezekiel 33 in the KBV

Ezekiel 33 in the KJV

Ezekiel 33 in the KNFD

Ezekiel 33 in the LBA

Ezekiel 33 in the LBLA

Ezekiel 33 in the LNT

Ezekiel 33 in the LSV

Ezekiel 33 in the MAAL

Ezekiel 33 in the MBV

Ezekiel 33 in the MBV2

Ezekiel 33 in the MHNT

Ezekiel 33 in the MKNFD

Ezekiel 33 in the MNG

Ezekiel 33 in the MNT

Ezekiel 33 in the MNT2

Ezekiel 33 in the MRS1T

Ezekiel 33 in the NAA

Ezekiel 33 in the NASB

Ezekiel 33 in the NBLA

Ezekiel 33 in the NBS

Ezekiel 33 in the NBVTP

Ezekiel 33 in the NET2

Ezekiel 33 in the NIV11

Ezekiel 33 in the NNT

Ezekiel 33 in the NNT2

Ezekiel 33 in the NNT3

Ezekiel 33 in the PDDPT

Ezekiel 33 in the PFNT

Ezekiel 33 in the RMNT

Ezekiel 33 in the SBIAS

Ezekiel 33 in the SBIBS

Ezekiel 33 in the SBIBS2

Ezekiel 33 in the SBICS

Ezekiel 33 in the SBIDS

Ezekiel 33 in the SBIGS

Ezekiel 33 in the SBIHS

Ezekiel 33 in the SBIIS

Ezekiel 33 in the SBIIS2

Ezekiel 33 in the SBIIS3

Ezekiel 33 in the SBIKS

Ezekiel 33 in the SBIKS2

Ezekiel 33 in the SBIMS

Ezekiel 33 in the SBIOS

Ezekiel 33 in the SBIPS

Ezekiel 33 in the SBISS

Ezekiel 33 in the SBITS

Ezekiel 33 in the SBITS2

Ezekiel 33 in the SBITS3

Ezekiel 33 in the SBITS4

Ezekiel 33 in the SBIUS

Ezekiel 33 in the SBIVS

Ezekiel 33 in the SBT

Ezekiel 33 in the SBT1E

Ezekiel 33 in the SCHL

Ezekiel 33 in the SNT

Ezekiel 33 in the SUSU

Ezekiel 33 in the SUSU2

Ezekiel 33 in the SYNO

Ezekiel 33 in the TBIAOTANT

Ezekiel 33 in the TBT1E

Ezekiel 33 in the TBT1E2

Ezekiel 33 in the TFTIP

Ezekiel 33 in the TFTU

Ezekiel 33 in the TGNTATF3T

Ezekiel 33 in the THAI

Ezekiel 33 in the TNFD

Ezekiel 33 in the TNT

Ezekiel 33 in the TNTIK

Ezekiel 33 in the TNTIL

Ezekiel 33 in the TNTIN

Ezekiel 33 in the TNTIP

Ezekiel 33 in the TNTIZ

Ezekiel 33 in the TOMA

Ezekiel 33 in the TTENT

Ezekiel 33 in the UBG

Ezekiel 33 in the UGV

Ezekiel 33 in the UGV2

Ezekiel 33 in the UGV3

Ezekiel 33 in the VBL

Ezekiel 33 in the VDCC

Ezekiel 33 in the YALU

Ezekiel 33 in the YAPE

Ezekiel 33 in the YBVTP

Ezekiel 33 in the ZBP