Genesis 18 (IRVA)

1 অব্রাহামে যেতিয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহোৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়াৰ ৰদত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল; 2 তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে। 3 তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব। 4 মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক। 5 আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব।” তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।” 6 অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।” 7 তাৰ পাছত অব্ৰাহামে লৰি গৈ পশুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁৰ দাসক দিলে; সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে। 8 পাছত অব্রাহামে দৈ, গাখীৰ আৰু দামুৰিৰ ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে; তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া অব্রাহাম তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল। 9 তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?”তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।” 10 তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল। 11 অব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ-বৃদ্ধা; বয়সে ভাঁটি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল। 12 সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক’লে, “মোৰ স্বামী এতিয়া বুঢ়া হ’ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ’ব নে?” 13 যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, “চাৰাই কেলেই এই কথা কৈ হাঁহিলে যে ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম?’ 14 যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।” 15 চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।” 16 তাৰ পাছত সেই লোককেইজন উঠিল আৰু তললৈ চদোমৰ ফালে চালে। অব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ’ল। 17 পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম? 18 অৱশ্যেই অব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ’ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। 19 মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।” 20 তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে; 21 সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।” 22 তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল। 23 অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে? 24 সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে? 25 ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?” 26 তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।” 27 অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ; 28 যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।” 29 অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।” 30 তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।” 31 অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।” 32 অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?”তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।” 33 অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।

In Other Versions

Genesis 18 in the ANGEFD

Genesis 18 in the ANTPNG2D

Genesis 18 in the AS21

Genesis 18 in the BAGH

Genesis 18 in the BBPNG

Genesis 18 in the BBT1E

Genesis 18 in the BDS

Genesis 18 in the BEV

Genesis 18 in the BHAD

Genesis 18 in the BIB

Genesis 18 in the BLPT

Genesis 18 in the BNT

Genesis 18 in the BNTABOOT

Genesis 18 in the BNTLV

Genesis 18 in the BOATCB

Genesis 18 in the BOATCB2

Genesis 18 in the BOBCV

Genesis 18 in the BOCNT

Genesis 18 in the BOECS

Genesis 18 in the BOGWICC

Genesis 18 in the BOHCB

Genesis 18 in the BOHCV

Genesis 18 in the BOHLNT

Genesis 18 in the BOHNTLTAL

Genesis 18 in the BOICB

Genesis 18 in the BOILNTAP

Genesis 18 in the BOITCV

Genesis 18 in the BOKCV

Genesis 18 in the BOKCV2

Genesis 18 in the BOKHWOG

Genesis 18 in the BOKSSV

Genesis 18 in the BOLCB

Genesis 18 in the BOLCB2

Genesis 18 in the BOMCV

Genesis 18 in the BONAV

Genesis 18 in the BONCB

Genesis 18 in the BONLT

Genesis 18 in the BONUT2

Genesis 18 in the BOPLNT

Genesis 18 in the BOSCB

Genesis 18 in the BOSNC

Genesis 18 in the BOTLNT

Genesis 18 in the BOVCB

Genesis 18 in the BOYCB

Genesis 18 in the BPBB

Genesis 18 in the BPH

Genesis 18 in the BSB

Genesis 18 in the CCB

Genesis 18 in the CUV

Genesis 18 in the CUVS

Genesis 18 in the DBT

Genesis 18 in the DGDNT

Genesis 18 in the DHNT

Genesis 18 in the DNT

Genesis 18 in the ELBE

Genesis 18 in the EMTV

Genesis 18 in the ESV

Genesis 18 in the FBV

Genesis 18 in the FEB

Genesis 18 in the GGMNT

Genesis 18 in the GNT

Genesis 18 in the HARY

Genesis 18 in the HNT

Genesis 18 in the IRVB

Genesis 18 in the IRVG

Genesis 18 in the IRVH

Genesis 18 in the IRVK

Genesis 18 in the IRVM

Genesis 18 in the IRVM2

Genesis 18 in the IRVO

Genesis 18 in the IRVP

Genesis 18 in the IRVT

Genesis 18 in the IRVT2

Genesis 18 in the IRVU

Genesis 18 in the ISVN

Genesis 18 in the JSNT

Genesis 18 in the KAPI

Genesis 18 in the KBT1ETNIK

Genesis 18 in the KBV

Genesis 18 in the KJV

Genesis 18 in the KNFD

Genesis 18 in the LBA

Genesis 18 in the LBLA

Genesis 18 in the LNT

Genesis 18 in the LSV

Genesis 18 in the MAAL

Genesis 18 in the MBV

Genesis 18 in the MBV2

Genesis 18 in the MHNT

Genesis 18 in the MKNFD

Genesis 18 in the MNG

Genesis 18 in the MNT

Genesis 18 in the MNT2

Genesis 18 in the MRS1T

Genesis 18 in the NAA

Genesis 18 in the NASB

Genesis 18 in the NBLA

Genesis 18 in the NBS

Genesis 18 in the NBVTP

Genesis 18 in the NET2

Genesis 18 in the NIV11

Genesis 18 in the NNT

Genesis 18 in the NNT2

Genesis 18 in the NNT3

Genesis 18 in the PDDPT

Genesis 18 in the PFNT

Genesis 18 in the RMNT

Genesis 18 in the SBIAS

Genesis 18 in the SBIBS

Genesis 18 in the SBIBS2

Genesis 18 in the SBICS

Genesis 18 in the SBIDS

Genesis 18 in the SBIGS

Genesis 18 in the SBIHS

Genesis 18 in the SBIIS

Genesis 18 in the SBIIS2

Genesis 18 in the SBIIS3

Genesis 18 in the SBIKS

Genesis 18 in the SBIKS2

Genesis 18 in the SBIMS

Genesis 18 in the SBIOS

Genesis 18 in the SBIPS

Genesis 18 in the SBISS

Genesis 18 in the SBITS

Genesis 18 in the SBITS2

Genesis 18 in the SBITS3

Genesis 18 in the SBITS4

Genesis 18 in the SBIUS

Genesis 18 in the SBIVS

Genesis 18 in the SBT

Genesis 18 in the SBT1E

Genesis 18 in the SCHL

Genesis 18 in the SNT

Genesis 18 in the SUSU

Genesis 18 in the SUSU2

Genesis 18 in the SYNO

Genesis 18 in the TBIAOTANT

Genesis 18 in the TBT1E

Genesis 18 in the TBT1E2

Genesis 18 in the TFTIP

Genesis 18 in the TFTU

Genesis 18 in the TGNTATF3T

Genesis 18 in the THAI

Genesis 18 in the TNFD

Genesis 18 in the TNT

Genesis 18 in the TNTIK

Genesis 18 in the TNTIL

Genesis 18 in the TNTIN

Genesis 18 in the TNTIP

Genesis 18 in the TNTIZ

Genesis 18 in the TOMA

Genesis 18 in the TTENT

Genesis 18 in the UBG

Genesis 18 in the UGV

Genesis 18 in the UGV2

Genesis 18 in the UGV3

Genesis 18 in the VBL

Genesis 18 in the VDCC

Genesis 18 in the YALU

Genesis 18 in the YAPE

Genesis 18 in the YBVTP

Genesis 18 in the ZBP